ETV Bharat / bharat

নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ লগে লগে আদৰ্শ আচৰণ বিধি; কি এই আচৰণ বিধি ?

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 12:34 PM IST

Model Code Of Conduct : শনিবাৰে বিয়লি নিৰ্বাচন আয়োগে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব । ইয়াৰ লগে লগে দেশত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি কাৰ্যকৰী হ'ব । ইয়াৰ ফলত কোনো কৰ্মচাৰীক বদলি কৰিব নোৱাৰিব । ইয়াৰ উপৰি ৰাজনৈতিক দল আৰু নেতাসকলে নিৰ্বাচন আয়োগৰ নিয়মাৱলী মানি চলিব লাগিব ।

নিৰ্বাচনী আদৰ্শ আচৰণ বিধি কি
নিৰ্বাচনী আদৰ্শ আচৰণ বিধি কি

নিউজ ডেস্ক, ১৬ মাৰ্চ : গণতন্ত্ৰৰ মহান উৎসৱৰ শুভ সময় শনিবাৰে ঘোষণা কৰা হ'ব । আনহাতে, নিৰ্বাচন আয়োগে দেশত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে সমগ্ৰ দেশতে আদৰ্শ আচৰণ বিধি জাৰি কৰা হ'ব ।

উল্লেখ্য যে আগন্তুক সাধাৰণ নিৰ্বাচনৰ পিচত দেশে এইবাৰ অষ্টদশ লোকসভাৰ নতুন সদস্য লাভ কৰিব । অৱশ্যে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিচতহে দেশত আদৰ্শ আচৰণ বিধি (এমচিচি) জাৰি কৰা হ'ব ।

নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধি কি ?

নিৰ্বাচন আয়োগে এক সাংবিধানিক কৰ্তৃপক্ষ হিচাপে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কিছুমান নিয়ম প্ৰস্তুত কৰে । এইবোৰ প্ৰতিগৰাকী প্ৰাৰ্থী আৰু প্ৰতিটো ৰাজনৈতিক দলে অনুসৰণ কৰিব লাগে । এই নিয়মবোৰক নিৰ্বাচনী আচৰণ বিধি বুলি কোৱা হয় । লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত সকলো দল, নেতা আৰু চৰকাৰে এই নিয়মবোৰ মানি চলিব লাগে ।

এইটো কেতিয়া কাৰ্যকৰী হয় ?

নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিচতে তাৎক্ষণিকভাৱে আদৰ্শ আচৰণ বিধি কাৰ্যকৰী হয় । এই তাৰিখবোৰ নিৰ্বাচন আয়োগে ঘোষণা কৰে । নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে আচৰণ বিধি বলৱৎ থাকে ।

নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিচত এগৰাকী কৰ্মচাৰীক বদলি কৰিব পাৰিনে ?

সাধাৰণতে কৰ্মচাৰী এগৰাকীক আচৰণ বিধিৰ সময়ছোৱাত বদলি কৰিব নোৱাৰি । যদি কৰ্মচাৰী এগৰাকীৰ বদলি অতি গুৰুত্বপূৰ্ণ হয়, তেনেহ'লে নিৰ্বাচন আয়োগৰ পৰা আগতীয়া অনুমতি ল'ব লাগিব ।

আচৰণ বিধিৰ অধীনত কেনে ধৰণৰ প্ৰচাৰ কৰিব পাৰি ?

প্ৰাৰ্থী বা কোনো নেতাই তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সম্প্ৰদায়সমূহৰ মাজত পাৰস্পৰিক ঘৃণা সৃষ্টি কৰা কাৰ্যকলাপত লিপ্ত নহ'ব বুলি ধাৰণা কৰা হয় । এগৰাকী প্ৰাৰ্থীয়ে আদৰ্শ আচৰণ বিধিৰ সময়ত কোনো ভাষাক অপমান কৰিব নোৱাৰিব বা আন দলৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিব নোৱাৰিব ।

আদৰ্শ আচৰণ বিধি ক'ত প্ৰযোজ্য ?

যদি লোকসভা নিৰ্বাচন হয় তেন্তে নিশ্চিতভাৱে সমগ্ৰ দেশতে আচৰণ বিধি কাৰ্যকৰী কৰা হ'ব । যদি বিধানসভা নিৰ্বাচন হয়, তেন্তে সংশ্লিষ্ট ৰাজ্যত আচৰণ বিধি প্ৰযোজ্য হয় । উপ-নিৰ্বাচনৰ সময়ত ই কেৱল সংশ্লিষ্ট এলেকাত প্ৰযোজ্য হয়, সমগ্ৰ ৰাজ্যত নহয় ।

কোন আইনৰ অধীনত আচৰণ বিধি প্ৰস্তুত কৰা হৈছে ?

এমচিচি কোনো আইনৰ অধীনত প্ৰস্তুত কৰা হোৱা নাই । এইটো সকলো ৰাজনৈতিক দলৰ সন্মতিত কৰা হৈছে ।

প্ৰথমে আদৰ্শ আচৰণ বিধি ক'ত ৰূপায়ণ কৰা হৈছিল ?

কেৰালা বিধানসভা নিৰ্বাচনৰ সময়ত ১৯৬০ চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি কাৰ্যকৰী কৰা হৈছিল ।

দেশত ইয়াক কেতিয়া ৰূপায়ণ কৰা হৈছিল ?

১৯৬২ চনৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিৰ্বাচন আয়োগে এমচিচি কাৰ্যকৰী কৰিছিল ।

ধৰ্মৰ ভিত্তিত ভোট বিচাৰিব পাৰিনে ?

ধৰ্মীয় স্থানসমূহ নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি আৰু তাত এখন মঞ্চও নিৰ্মাণ কৰিব নোৱাৰি । এমচিচিয়ে ভোট পাবলৈ জাতি বা সাম্প্ৰদায়িক অনুভূতিৰ প্ৰতি আবেদন জনোৱাত নিষেধ কৰিছে ।

এগৰাকী প্ৰাৰ্থীয়ে ভোটদানৰ দিনাও ভোট বিচাৰিব পাৰিবনে ?

হয়, প্ৰাৰ্থী এগৰাকীয়ে ঘৰলৈ গৈ ভোট বিচাৰিব পাৰে, কিন্তু ভোটদানৰ দিনা ভোটকেন্দ্ৰৰ 100 মিটাৰ দূৰত্বৰ ভিতৰত ভোট বিচাৰিব নোৱাৰে ।

যদি আচৰণ বিধি অনুসৰণ কৰা নহয় তেন্তে কি হ'ব ?

আদৰ্শ আচৰণ বিধি অনুসৰণ কৰাটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ । যদি তেনে কৰা নহয়, তেন্তে সংশ্লিষ্ট প্ৰাৰ্থী বা দলৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচন ২০২৪ অনুষ্ঠিত কৰাৰ বাবে কিমান ধনৰ প্ৰয়োজন হ’ব ? জানো আহক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.