ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিৰ্বাচন আয়োগৰ, শোণিতপুৰৰ এছপি সুশান্ত বিশ্ব শৰ্মাক বদলি - Lok Sabha elections - LOK SABHA ELECTIONS

Sonitpur SP Transferred : আগন্তুক নিৰ্বাচনত এক মুক্ত আৰু পক্ষপাতবিহীন নিৰ্বাচনী প্ৰক্ৰিয়া সুনিশ্চিত কৰিবৰ বাবে নিৰ্বাচন আয়োগে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । এক শেহতীয়া নিৰ্দেশত নিৰ্বাচন আয়োগে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলি কৰিছে । লগতে দেশৰ পাঁচখন জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশক সালসলনি কৰা হৈছে ।

শোণিতপুৰৰ এছপি সুশান্ত বিশ্ব শৰ্মাক বদলিৰ নিৰ্দেশ

author img

By ANI

Published : Mar 21, 2024, 1:13 PM IST

Updated : Mar 21, 2024, 2:06 PM IST

নিউজ ডেস্ক, ২১ মাৰ্চ : চলিত লোকসভা নিৰ্বাচনক অধিক মসৃণ আৰু পক্ষপাতমুক্ত কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে অসম, গুজৰাট, পঞ্জাব, ওড়িশা আৰু পশ্চিমবংগত জিলা দণ্ডাধীশ (ডিএম) আৰু আৰক্ষী অধীক্ষক (এছপি) হিচাপে জিলাৰ শীৰ্ষ নেতৃত্বত অধিষ্ঠিত কেইবাগৰাকীও অনা-কেডাৰ বিষয়াৰ বদলিৰ আদেশ জাৰি কৰিছে । এই তালিকাত আছে অসমৰ শোণিতপুৰ জিলা । জিলাখনৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলি কৰা হৈছে ।

নিৰ্বাচিত ৰাজনৈতিক প্ৰতিনিধিসকলৰ সৈতে তেওঁলোকৰ আত্মীয়তা বা পাৰিবাৰিক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে পঞ্জাবৰ ভাটিণ্ডাৰ এছএছপি আৰু শোণিতপুৰৰ এছপিক বদলিৰ নিৰ্দেশ দিছে । প্ৰশাসনত পক্ষপাতদুষ্ট হোৱা বা আপোচ কৰা বুলি ধাৰণা কৰা যিকোনো আশংকা দূৰ কৰাৰ বাবেই জিলা দুখনৰ বিষয়াসকলক প্ৰাক-প্ৰতিৰোধী পদক্ষেপ হিচাপে বদলি কৰা হৈছে ।

উল্লেখ্য যে এখন জিলাত জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ পদটো ক্ৰমান্বয়ে ভাৰতীয় প্ৰশাসনিক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলৰ বাবে আৱণ্টিত । আয়োগে কয় যে এই কাৰ্য আয়োগৰ নিষ্ঠা আৰু নিৰপেক্ষতা বজাই ৰখা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা বজাই ৰখাৰ প্ৰতিশ্ৰুতিৰ এক প্ৰদৰ্শন । মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বাৰম্বাৰ গুৰুত্ব আৰোপ কৰা এক বিষয় বুলিও উল্লেখ কৰা হৈছে ।

নিৰ্বাচন আয়োগে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৰ সৈতে অনুষ্ঠিত এক বৈঠকৰ পিচত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ বদলি হ'বলগা আন বিষয়াসকল হৈছে গুজৰাটৰ ছোটা উদয়পুৰ আৰু আহমেদাবাদ গ্ৰাম্য জিলাৰ এছপি, পঞ্জাবৰ পাঠানকোট, ফাজিলকা, জলন্ধৰ গ্ৰাম্য আৰু মালেৰকোটলা জিলাৰ এছএছপি ।

লগতে ওড়িশাৰ ঢেঙ্কানাল আৰু দেওগড় আৰু কটক গ্ৰাম্যৰ এছপি আৰু পশ্চিমবংগৰ পূব মেদিনীপুৰ, ঝাৰগ্ৰাম, পূব বৰ্ধমান আৰু বীৰভূম জিলাৰ জিলা দণ্ডাধীশক বদলি কৰা হৈছে ।

এই নিৰ্দেশনাৰ অধীনত সংশ্লিষ্ট ৰাজ্য চৰকাৰকেইখনক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ডিএম আৰু এছপি/এছএছপি হিচাপে তেওঁলোকৰ বৰ্তমানৰ ভূমিকাৰ পৰা অনা-কেডাৰ বিষয়াসকলক তৎক্ষণাৎ বদলি কৰিবলৈ আৰু আয়োগৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ১৮ মাৰ্চত মুক্ত, নিৰপেক্ষ আৰু স্বচ্ছ নিৰ্বাচনৰ নীতি বজাই ৰাখিবলৈ এক নিৰ্ণায়ক পদক্ষেপ হিচাপে ভাৰতীয় নিৰ্বাচন আয়োগে গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ গৃহ সচিবসকলক অপসাৰণৰ নিৰ্দেশ জাৰি কৰে ।

লগতে পঢ়ক :নিৰ্বাচন আয়ুক্ত বাছনি পেনেলত মুখ্য ন্যায়াধীশক বাদ; উচ্চতম ন্যায়ালয়ত সপক্ষে যুক্তি কেন্দ্ৰৰ

Last Updated : Mar 21, 2024, 2:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.