ETV Bharat / bharat

বাতিল হ’ব পাৰে সন্দীপ ঘোষৰ চিকিৎসা পঞ্জীয়ন, এনএমচিক আবেদন চিকিৎসক ফেডাৰেচনৰ - EX Principal Sandip Ghosh

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 7:36 AM IST

RG Kar Rape Murder case: কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত ৯ আগষ্টত সংঘটিত হোৱা ভয়ংকৰ কাণ্ডৰ পিছত ভীতিগ্ৰস্ত হৈ পৰিছে বহু চিকিৎসক ৷ হাস্পতালখনৰ এগৰাকী আৱাসী চিকিৎসকে ইটিভি ভাৰতৰ গৌতম দেৱৰয় সৈতে বাৰ্তালাপ কৰি এই ঘটনাৰ পিছদিনা তেওঁ নৈশ কৰ্তব্যত দায়িত্ব পালনৰ কথা ব্যক্ত কৰি নিজৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ ইমানেই ভীতিগ্ৰস্ত হৈ পৰিছিল যে, জিৰণি ল’বলৈ জিৰণি কোঠালৈও যোৱা নাছিল । ইফালে সন্দীপ ঘোষৰ চিকিৎসা পঞ্জীয়ন বাতিল কৰিবলৈ দাবী জনাইছে চিকিৎসক ফেডাৰেশ্যনে ।

EX Principal Sandip Ghosh
কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ (ANI)

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ: কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত আৰ্থিক অনিয়ম আৰু অন্যান্য অবৈধ কামত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি অল ইণ্ডিয়া ফেডাৰেচন অৱ গভৰ্ণমেণ্ট ডাক্তৰ এছ’চিয়েচন (এ আই এফ জি ডি এ) আৰু পশ্চিমবংগৰ যৌথ চিকিৎসক মঞ্চই ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদ (এনএমচি)ক প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ চিকিৎসা পঞ্জীয়ন বাতিল কৰাৰ দাবী জনাইছে ।

মঙলবাৰে চিকিৎসক ফেডাৰেচনৰ প্ৰতিনিধিয়ে নতুন দিল্লীত এনএমচিৰ বিষয়াসকলক সাক্ষাৎ কৰি ঘোষৰ আৰ্থিক অনিয়ম আৰু অন্যান্য অবৈধ কাম-কাজত জড়িত হোৱাৰ সন্দৰ্ভত নথি দাখিল কৰে । এ আই এফ জি ডি এৰ অতিৰিক্ত মহাসচিব সুৱৰ্ণ গোস্বামীয়ে কয় যে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চলি থকা অবৈধ কাৰ্যকলাপৰ প্ৰমাণ হিচাপে আমি চি বি আইক ১১০০ পৃষ্ঠাৰ নথি-পত্ৰও অৰ্পণ কৰিছো ।

ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদে ভাৰতত চিকিৎসা শিক্ষা আৰু অনুশীলন নিয়ন্ত্ৰণ কৰে । যদি কোনোবাই ভাৰতত চিকিৎসা চৰ্চা কৰিব বিচাৰে তেন্তে এন এম চিত পঞ্জীয়ন কৰাটো বাধ্যতামূলক । শেহতীয়াকৈ আৰ জি কৰ হাস্পতালত এগৰাকী শিক্ষাৰ্থী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পিছত ভাৰতীয় চিকিৎসা সংস্থাই সন্দীপ ঘোষৰ সৰ্বভাৰতীয় সদস্যপদ বাতিল কৰিছিল ।

ডাঃ গোস্বামীয়ে দাবী কৰে যে চিবিআইক গতাই দিয়া ড’ছিয়াৰত পশ্চিমবংগৰ অন্যান্য চৰকাৰী চিকিৎসালয়ৰ তালিকাও সন্নিবিষ্ট কৰা হৈছে য’ত আৰ্থিক বিসংগতি আৰু অন্যান্য অবৈধ কাৰ্যকলাপ চলি আছিল । "ৰাজ্যিক যন্ত্ৰৰ সক্ৰিয় সহযোগত বহু চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত অবৈধ কাৰ্যকলাপ আৰু ধন সৰবৰাহৰ কাম চলি আছে । ডাঃ গোস্বামীয়ে কয়৷

তেওঁ কয় যে পশ্চিমবংগত স্বাস্থ্য বিভাগৰ অধীনস্থ সকলো ৰাজহুৱা প্ৰতিষ্ঠান আনকি স্বায়ত্তশাসিত সংস্থাও শাসকীয় দলৰ চক্ৰই দখল কৰিছে । ডাঃ গোস্বামীয়ে কয় যে ৰাজ্য প্ৰশাসন আৰু আৰ্থিক আৰু সামাজিক দুৰ্নীতিৰ ছিণ্ডিকেটৰ মাজত গভীৰ সম্পৰ্ক আছে ।

এইটো আছিল দলবদ্ধ ধৰ্ষণৰ এটা কাণ্ড:

আৰ জি কৰ হাস্পতালৰ ঘটনা সন্দৰ্ভত ডাঃ গোস্বামীয়ে অভিযোগ কৰে যে এয়া দলবদ্ধ ধৰ্ষণৰ ঘটনা আৰু ন্যায়পালিকাই ফাষ্ট ট্ৰেক ভিত্তিত গোচৰৰ শুনানি গ্ৰহণ কৰিব লাগে । তেওঁ কয়, "এয়া দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ সম্ভাব্য কাণ্ড আছিল । আমি উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছো যে ভুক্তভোগীক ফাষ্ট ট্ৰেক ভিত্তিত ন্যায় প্ৰদান কৰক । কলকাতাত চলি থকা আন্দোলনটো এটা দেশজোৰা আন্দোলনত পৰিণত হৈছে, য'ত অভিযুক্তসকলক কঠোৰতম শাস্তি দিয়াৰ দাবী কৰা হৈছে ।"

ন্যায় নোপোৱালৈকে যুঁজখন চলি থাকিব...

ডাঃ গোস্বামীয়ে কয় যে ন্যায় নোপোৱালৈকে এই যুঁজ অব্যাহত থাকিব । আমাৰ হাজাৰ হাজাৰ চিকিৎসকে ন্যায় বিচাৰি কলকাতাৰ ৰাজপথত নামিছে । ডাঃ গোস্বামীয়ে আৰু কয়, "তিনি সপ্তাহতকৈও অধিক সময় পাৰ হৈ গ'ল, চৰকাৰে এতিয়াও এই ঘটনাৰ আঁৰৰ উদ্দেশ্য বিচাৰি উলিয়াব পৰা নাই । আনকি এই পৰিকল্পিত হত্যাকাণ্ডৰ প্ৰকৃত উদ্দেশ্য জানিবলৈ ব্যৰ্থ হৈছে । শাস্তি দিয়াটো দূৰৈৰে কথা ।" কিন্তু তথাপিও সকলো জনসাধাৰণে দেশৰ গণতান্ত্ৰিক সাংবিধানিক কাঠামোৰ ভিতৰত ন্যায়ৰ বাবে নিজৰ আশাবাদী বিশ্বাসৰ সৈতে অটলভাৱে যুঁজিবলৈ সংগ্ৰাম কৰি আছে ।"

নিজৰ নিৰাপত্তাক লৈ শংকিত চিকিৎসক

এই ভয়াবহ ঘটনাৰ ভুক্তভোগীৰ ন্যায় বিচাৰি চলি থকা সকলো আন্দোলনৰ মাজতে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ আৱাসী চিকিৎসক ডাঃ কুমাৰী অৰ্চনাই ইটিভি ভাৰতক জনাই যে যোৱা ৯ আগষ্টৰ কাণ্ডৰ পিছত তেওঁ ভীতিগ্ৰস্ত হৈছে । কলকাতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডিগ্ৰীধাৰী ডাঃ কুমাৰীয়ে কয়, "এই ভয়ংকৰ ঘটনাৰ পিছদিনা ৰাতি মই নাইট ডিউটিত আছিলো । মই মোৰ নিৰাপত্তাক লৈ শংকিত হৈ আছিলো । মই জিৰণি ল’বলৈ জিৰণি কোঠালৈও যোৱা নাছিল । যদি হাস্পতালত চিকিৎসকে নিৰাপত্তা অনুভৱ কৰিব নোৱাৰে তেন্তে তেওঁলোকে ৰোগীৰ যত্ন কেনেকৈ ল’ব ৷ প্ৰথমে নিৰ্ভয়া আছিল আৰু এতিয়া অভয়া আছে, চৰকাৰে আৰু কি বিচাৰে ?"

লগতে পঢ়ক: নতুন বিপদত আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ; সন্দীপ ঘোষৰ আই এম এ সদস্যপদ নিলম্বন - RG Kar Rape Murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.