ETV Bharat / bharat

দিল্লীৰ কৃত্ৰিম বানৰ ফলত নিহত কোন এই ৩ যুৱ প্ৰতিভা ? - IAS coaching centre tragedy

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 8:09 AM IST

IAS coaching centre tragedy: দিল্লীত ধাৰাসাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্ৰিম বান হোৱা দেখা গৈছে । শনিবাৰে ৰাজেন্দ্ৰ নগৰত থকা ৰাউছ আইএএছ কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানী সোমায় আৰু কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ এই বানত ৩ গৰাকী প্ৰশিক্ষাৰ্থীৰ মৃত্যু হয় । ভুক্তভোগীৰ বাসগৃহত শোকৰ ছাঁ পৰিছে ।

IAS coaching centre tragedy
দিল্লীৰ কৃত্ৰিম বানৰ ফলত নিহত কোন এই ৩ যুৱ প্ৰতিভা (ETV Bharat)

নেশ্যনেল ডেস্ক,২৯ জুলাই : দিল্লীৰ ৰাজেন্দ্ৰ নগৰত থকা ৰাউছ আইএএছ কোচিং চেণ্টাৰত শোকাৱহ ঘটনা । ধাৰাসাৰ বৰষুণৰ ফলত কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানী সোমায় ৷ ফলত ৩ গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয় । মৃতসকলৰ ভিতৰত দুগৰাকী ছাত্ৰী আছিল । বাকী ২৭ গৰাকী প্ৰশিক্ষাৰ্থীয়ে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় । ভুক্তভোগী প্ৰশিক্ষাৰ্থীসকলক তেলেংগানাৰ চেকেন্দ্ৰাবাদৰ তানিয়া ছোনী, কেৰালাৰ তিৰুৱন্তপুৰমৰ নবীন ডেলভিন আৰু উত্তৰ প্ৰদেশৰ আম্বেদকাৰনগৰৰ শ্ৰেয়া যাদৱ বুলি চিনাক্ত কৰা হৈছে ।

নবীন ডেলভিন, প্ৰতিশ্ৰুতি সম্পন্ন পিএইচডি শিক্ষাৰ্থী

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) পিএইচডি শিক্ষাৰ্থী নবীন ডেলভিনে ৮ মাহ পূৰ্বে আইএএছ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ দিল্লীলৈ গৈছিল । তেওঁ কেৰালাৰ এৰ্নাকুলামৰ বাসিন্দা আছিল । নবীন অৱসৰপ্ৰাপ্ত ডেপুটি এছপি ডেলভিন সুৰেশৰ পুত্ৰ । পৰিয়ালটোৱে গীৰ্জাত প্ৰাৰ্থনা কৰি থকাৰ সময়তে পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰে । মৰণোত্তৰ পৰীক্ষাৰ পিচত সোমবাৰে নবীনৰ মৃতদেহ তেওঁৰ স্বগৃহলৈ প্ৰেৰণ কৰা হ'ব ।

শ্ৰেয়া যাদৱ, এগৰাকী উচ্চাকাংক্ষী আইএএছ বিষয়া

উত্তৰ প্ৰদেশৰ আম্বেদকাৰনগৰ জিলাৰ হৰচাৱান হাছানপুৰৰ শ্ৰেয়া যাদৱে ৪ মাহ পূৰ্বে আইএএছ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ দিল্লীলৈ গৈছিল । তেওঁ চুলতানপুৰৰ পৰা কৃষি বিভাগত বিএছচি সম্পূৰ্ণ কৰিছিল । শ্ৰেয়াৰ পিতৃ এগৰাকী কৃষক । তেওঁ একমাত্ৰ কন্যা আছিল । মাদাৰ ডেইৰীত নিযুক্তি লাভ কৰা স্বত্বেও তেওঁ এগৰাকী আইএএছ বিষয়া হ'বলৈ সংকল্পবদ্ধ আছিল । মৰণোত্তৰ পৰীক্ষাৰ অন্তত শ্ৰেয়াৰ মৃতদেহ তেওঁৰ বাসগৃহলৈ প্ৰেৰণ কৰা হ'ব ।

তানিয়া ছোনী, পূৰণ নহ'ল সপোন

তানিয়া ছোনী তেলেংগানাৰ চেকেন্দ্ৰাবাদৰ আছিল যদিও তেওঁৰ পৰিয়ালটো মূলত বিহাৰৰ ঔৰঙ্গাবাদৰ । তানিয়াৰ পিতৃ হৈছে বিজয় কুমাৰ । কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছে । তানিয়াৰ মৃতদেহ তেওঁৰ অন্তিম সংস্কাৰৰ বাবে বিহাৰৰ ঔৰঙ্গাবাদলৈ লৈ যোৱা হ'ব । এই অপ্ৰত্যাশিত প্ৰাকৃতিক দুৰ্যোগে এতিয়া পীড়িতসকলৰ পৰিয়াল লগতে আত্মীয়ৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক :সতীৰ্থৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদত বহিল ইউ পি এছ চি প্ৰত্যাশী - Rau’s IAS Study circle in Delhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.