ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ দেৱেন্দ্ৰ ফাড়নাভিছৰ; উপ-মুখ্যমন্ত্ৰী হ’ল সিন্দে-পাৱাৰ - DEVENDRA FADNAVIS TAKES OATH

আজাদ ময়দানত দেৱেন্দ্ৰ ফাড়নাভিছে তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । উপস্থিত থাকে প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

Devendra Fadnavis Takes Oath
শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল, প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ আৰু উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 8:04 PM IST

মুম্বাই : মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছে বৃহস্পতিবাৰে মুম্বাইত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে নাগপুৰ জিলাৰ নাগপুৰ দক্ষিণ পশ্চিম সমষ্টিৰ পৰা নিৰ্বাচিত ফাড়নাভিছক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।

আনহাতে, শিৱসেনাৰ বিধায়ক তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দেই মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । সিন্দে থানে চহৰৰ কোপৰি-পাচপাখাদী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে । শপত গ্ৰহণৰ পূৰ্বে সিন্দেই শিৱসেনাৰ প্ৰতিষ্ঠাপক প্ৰয়াত বালাচাহেব থাকৰে আৰু তেওঁৰ পৰামৰ্শদাতা আনন্দ দিঘেক স্মৰণ কৰে ।

ইয়াৰ উপৰি বাৰামতী সমষ্টিৰ এন চি পি বিধায়ক অজিত পাৱাৰেও মহাৰাষ্ট্ৰৰ আন এগৰাকী উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ইয়াকে লৈ ষষ্ঠবাৰৰ বাবে অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কেবিনেট সহকৰ্মী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা, নীতিন গাডকাৰী, পীয়ুষ গোৱেল, নিৰ্মলা সীতাৰমণ, এছ জয়শংকৰ, অশ্বিনী বৈশ্বৱ, ভূপেন্দ্ৰ যাদৱ, চিৰাগ পাছোৱান, শিৱৰাজ সিং চৌহান, ৰামদাস আঠৱালে, ধৰ্মেন্দ্ৰ প্ৰধান, জিতন ৰাম মাঝি, লালন সিং, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰেণ ৰিজিজু, ৰক্ষা খাড়চে, প্ৰতাপৰাও যাদৱৰ সৈতে উপস্থিত থাকে ।

ইয়াৰ উপৰি দক্ষিণ মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰুপানি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং চাইনী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন মাঝিৰ উপস্থিতিৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) শক্তি প্ৰদৰ্শন কৰে ।

অনুষ্ঠানটোত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু চলমান খান, অভিনেতা সঞ্জয় দত্ত, মাধুৰী-দীক্ষিত নেনে, ৰণবীৰ কাপুৰ আৰু ৰণবীৰ সিঙো উপস্থিত থাকে । আনহাতে, ক্ৰিকেট কিংবন্তী শচীন তেণ্ডুলকাৰ, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী, তেওঁৰ পুত্ৰ আনন্দ আম্বানী, বিজেপি বিধায়ক তথা বি চি চি আইৰ কোষাধ্যক্ষ আশিস শ্বেলাৰ আৰু বিজেপি নেতা বিনোদ তাৱড়েও অনুষ্ঠানটোত উপস্থিত থাকে ।

উল্লেখ্য যে বিজেপি, শিৱসেনা আৰু এন চি পিক লৈ গঠিত মহাজোঁট মহাযুটিয়ে মহাৰাষ্ট্ৰত পুনৰ ক্ষমতাত অধিষ্ঠিত হয় । বিজেপিয়ে ১৩২ খন আসন লাভ কৰাৰ বিপৰীতেত শিৱসেনাই ৫৭ খন আসন লাভ কছে । আনহাতে, এন চি পিয়ে ৪১ খন আসন লাভ কৰে ।

লগতে পঢ়ক :আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব দেৱেন্দ্ৰ ফাড়নাভিছে: সাক্ষী হ'ব প্ৰধানমন্ত্ৰীও
লগতে পঢ়ক :মহাৰাষ্ট্ৰৰ মহা নাটকৰ যৱনিকা: দেৱেন্দ্ৰ ফাড়নভিছেই পৰৱৰ্তী মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.