ETV Bharat / bharat

দিল্লীত আপৰ প্ৰতিবাদ; কেইবাগৰাকী মন্ত্ৰীসহ দলীয় নেতাক আটক আৰক্ষীৰ - Arvind Kejriwal arrested

Arvind Kejriwal arrested: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে প্ৰতিবাদ আৰম্ভ কৰিছে । প্ৰতিবাদ কৰিবলৈ আহি আটক হ'ল দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজ আৰু আতিশী । বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সমীপত বেৰিকেড স্থাপন কৰি তালাচী চলোৱা হৈছে ।

Arvind Kejriwal arrested
দিল্লীত কেইবাগৰাকী মন্ত্ৰীসহ আপৰ নেতা-কৰ্মীক আটক আৰক্ষীৰ
author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 1:37 PM IST

নেশ্যনেল ডেস্ক, ২২ মাৰ্চ : দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ লগে লগে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে আপৰ নেতা-কৰ্মীসকলে প্ৰতিবাদেৰে দিল্লীৰ ৰাজপথ কঁপাই তুলিছে । কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তেনে এক প্ৰতিবাদৰ মাজতে শুকুৰবাৰে দিল্লীৰ কেবিনেট মন্ত্ৰী সৌৰভ ভৰদ্বাজ আৰু আতিশীকে ধৰি কেইবাগৰাকী দলৰ শীৰ্ষ আপ নেতাক আৰক্ষীয়ে আটক কৰে ।

কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচতে আম আদমি পাৰ্টীৰ নেতা আৰু সমৰ্থকসকলে আপ আৰু বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ আইটিঅ'ত প্ৰতিবাদ আৰম্ভ কৰিছে । অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা হৈছে যদিও প্ৰতিবাদকাৰীসকলে বলপূৰ্বকভাৱে তাত প্ৰৱেশ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা কৰে ।

আৰক্ষীয়ে সেয়ে প্ৰতিবাদকাৰীসকলক সেই স্থান ত্যাগ কৰিবলৈ কয় যদিও আপৰ সমৰ্থকসকলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিবলৈ আৰম্ভ কৰে । ইফালে আৰক্ষীয়ে পণ্ডিত দীন দয়াল উপাধ্যায় মাৰ্গত বেৰিকেড স্থাপন কৰিছে ।

যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । আপৰ মুখ্য কাৰ্যালয়ৰ পৰা বিজেপি কাৰ্যালয়লৈ যোৱা পথত এক বেৰিকেড স্থাপন কৰিছে । লগতে তাত তালাচী চকী স্থাপন কৰি অঞ্চলটোত প্ৰৱেশ কৰা লোকসকলৰ পৰিচয় পত্ৰও পৰীক্ষা কৰি আছে ।

বৃহস্পতিবাৰে সন্ধিয়া কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচতে আপে বিজেপিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদৰ আহ্বান জনায় । তাৰ অংশ হিচাপে দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত আম আদমি পাৰ্টীৰ কৰ্মী তথা সমৰ্থকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ: উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আপ - Arvind Kejriwal Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.