ETV Bharat / bharat

ডব্লিউএফআইৰ নিৰ্বাচন অবৈধ ঘোষণাৰ দাবী, দিল্লী উচ্চ ন্যায়ালয়ত মল্লযুঁজাৰুৰ আবেদনৰ শুনানি

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 3:29 PM IST

WFI election: ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যন আৰু ব্ৰীজ ভূষণ চৰণ সিং আৰু সঞ্জয় সিঙৰ সৈতে মল্লযুঁজাৰুসকলৰ সংঘৰ্ষ দীৰ্ঘদিন ধৰি চলি আছে । ফেডাৰেশ্যনৰ নিৰ্বাচন অবৈধ ঘোষণাৰ দাবীত দাখিল কৰা আবেদনৰ শুনানি মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হ'ব ।

WFI election
ডব্লিউএফআইৰ নিৰ্বাচন অবৈধ ঘোষণাৰ দাবী

নেশ্যনেল ডেস্ক,৪ মাৰ্চ : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ নিৰ্বাচন অবৈধ ঘোষণা কৰাৰ দাবীৰে মল্লযুঁজাৰু বজৰং পুনিয়া, বিনেশ ফোগাট, সাক্ষী মালিক আৰু তেওঁৰ স্বামী সত্যব্ৰতে আবেদন দাখিল কৰিছিল । দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব । মল্লযুঁজাৰুসকলে আবেদনত কৈছিল যে এই নিৰ্বাচনত ক্ৰীড়া মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা নিয়ম উলংঘন কৰা হৈছে ।

ন্যায়াধীশ শচীন দত্তৰ বিচাৰপীঠে এই আবেদনখনৰ শুনানি গ্ৰহণ কৰিব । আবেদনখনত দাবী কৰা হৈছে যে ২১ ডিচেম্বৰত অনুষ্ঠিত নিৰ্বাচনত ক্ৰীড়া মন্ত্ৰালয়ৰ নিয়ম উলংঘা কৰা হৈছিল । ইয়াৰ লগতে, ফেডাৰেশ্যনৰ পৰা দাবী কৰা হৈছে যে বিষয়টো নিষ্পত্তি নোহোৱালৈকে, সকলো ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিব লাগে । ফেডাৰেচনৰ কামৰ কথা উল্লেখ কৰি আবেদনখনত কোৱা হৈছে যে আবেদনকাৰীসকলৰ উপৰিও ফেডাৰেশ্যনৰ ফলত বহুতো খেলুৱৈ ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ প্ৰভাৱৰ বাবে খেলুৱৈসকলৰ ক্ষতি হৈছে ।

বিগত বছৰ মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰত ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল । মল্লযুঁজাৰুসকলে অভিযোগ কৰিছিল যে ব্ৰীজ ভূষণে তেওঁৰ পদৰ অপব্যৱহাৰ কৰিছিল আৰু কেইবাজনো মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলাইছিল । আবেদনখনৰ জৰিয়তে অভিযোগ কৰিছে যে ফেডাৰেশ্যনে প্ৰতিবাদকাৰী খেলুৱৈসকলক নীৰৱ আৰু একাষৰীয়া কৰাৰ চেষ্টা কৰিছে । যাৰ ফলত তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণৰ সম্ভাৱনা প্ৰভাৱিত হৈছে ।

মল্লযুঁজাৰুসকলে ক্ৰীড়া মন্ত্ৰালয় আৰু তদৰ্থ সমিতিৰ নিৰ্দেশনা নিৰন্তৰ উপেক্ষা কৰাৰ বাবে ডব্লিউএফআইক অভ্যাসগত অপৰাধী বুলি অভিহিত কৰিছে । তেওঁলোকে দাবী কৰিছে যে এই পদক্ষেপে ভাৰতীয় মল্লযুঁজাৰুসকলৰ কেৰিয়াৰ বিকাশত যথেষ্ট বাধা প্ৰদান কৰিছে ।

লগতে পঢ়ক :অলিম্পিকৰ কোৱালিফায়াৰত ভাগ নলয় বজৰং পুনিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.