ETV Bharat / bharat

তাৰিখ পে তাৰিখ...আকৌ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ 20 আগষ্টলৈ বৃদ্ধি - Delhi liquor scam

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 4:36 PM IST

CM Arvind Kejriwal: দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে জড়িত চি বি আইৰ গোচৰত ৰাউজ এভিনিউ আদালতত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে হাজিৰ কৰোৱা হয় ৷ তাৰ পিচতেই আদালতে তেওঁৰ ন্য়ায়িক জিম্মাৰ ম্যাদ অহা 20 আগষ্টলৈকে বৃদ্ধি কৰে ৷ বুধবাৰে পূৰ্বে নিৰ্ধাৰণ কৰা ন্যায়িক জিম্মাৰ ম্য়াদৰ অন্ত পৰিছিল ৷

Delhi liquor scam
CM Kejriwal judicial custody extended (ETV Bharat)

নিউজ ডেস্ক, ৮ আগষ্ট : সুৰা কেলেংকাৰীৰ গোচৰত কাৰাবন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল মুকলি আকাশলৈ অহাৰ পথ এতিয়াও সুগম হোৱা নাই ৷ কিয়নো পুনৰ অহা 20 আগষ্টলৈকে বৃদ্ধি কৰা হৈছে কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ৷ দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাৰ আদালতে কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ নিৰ্দেশ দিছে ৷ কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হৈছিল কেজৰিৱালক ৷ ইয়াৰ পূৰ্বে 25 জুলাইত তেওঁৰ ন্যায়িক জিম্মাৰ ম্যাদ 8 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছিল একেখন আদালতে ৷

উল্লেখ্য যে 10 জুলাইত আদালতে ই ডিৰ অভিযোগনামা প্ৰত্যক্ষ কৰি কেজৰিৱালক হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল । 17 মে’ত ই ডিয়ে সপ্তম পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল য’ত আম আদমি পাৰ্টি আৰু অৰবিন্দ কেজৰিৱালক অভিযুক্ত কৰা হৈছে । এই গোচৰত এতিয়ালৈকে 18 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক: কাৰাবন্দী হৈয়েই থাকিব কেজৰিৱাল : জামিন আদেশত স্থগিতাদেশ - ARVIND KEJRIWAL

গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া, আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিং, বি আৰ এছ নেতা কে কবিতা । ইয়াৰ মাজতে সঞ্জয় সিঙক নিয়মীয়া জামিন মঞ্জুৰ কৰিছে উচ্চতম ন্যায়ালয়ে ।

21 মাৰ্চৰ সন্ধিয়া জেৰাৰ অন্তত ই ডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল । 10 মে’ত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক 1 জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল, তাৰ পিচত 2 জুনত কেজৰিৱালে আত্মসমৰ্পণ কৰিছিল । 26 জুনত কেজৰিৱালক চি বি আয়ে গ্ৰেপ্তাৰ কৰিছিল ।

ই ডিয়ে যোৱা 4 অক্টোবৰত সঞ্জয় সিঙক তেওঁৰ চৰকাৰী বাসগৃহত সোধাপোছা কৰি গ্ৰেপ্তাৰ কৰিছিল । এই গোচৰত ই ডিয়ে 2023 চনৰ 9 মাৰ্চত জেৰাৰ অন্তত তিহাৰ জেলৰ পৰা মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পূৰ্বে 2023 চনৰ 26 ফেব্ৰুৱাৰীত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’ডিয়াক ।

ইডিয়ে 10 মে’ত ষষ্ঠখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল । য’ত বি আৰ এছৰ নেত্ৰী কে. কবিতা, চানপ্ৰীত সিং, দামোদৰ শৰ্মা, ৰাজকুমাৰ কুমাৰ, অৰবিন্দ সিঙক অভিযুক্ত কৰা হৈছে । যোৱা 29 মে’ত আদালতে ষষ্ঠ পৰিপূৰক অভিযোগনামাৰ সন্দৰ্ভত শুনানী গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: ৮ আগষ্টলৈ বৃদ্ধি কেজৰিৱালৰ ন্যায়িক জিম্মা, জুলাইৰ শেষলৈকে মনীষ ছিছ’দিয়া, কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি - Kejriwal judicial custody extended

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.