ETV Bharat / bharat

সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

৩১ অক্টোবৰত টাৱাঙলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। সেইবাবে চলিছে প্ৰস্তুতি ।

Defence Minister Rajnath Singh
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 5:53 PM IST

তেজপুৰ : দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৩১ অক্টোবৰত অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণ কৰিব । সেনাৰ এক সূত্ৰই এই বিষয়ে উল্লেখ কৰিছে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত থকা ভাৰতীয় সেনাৰ জোৱানসকলৰ লগত দীপাৱলী উদযাপন কৰিব । ইতিমধ্যে টাৱাঙত সেনাই এই উৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।

দুয়োখন দেশে পূব প্ৰান্তৰ সীমান্তত সেনা আঁতৰোৱা আৰু একেলগে সীমান্তত পহৰা দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ভাৰত-চীন সীমান্তৰ টাৱাং ভ্ৰমণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । টাৱাং জিলাৰ সীমান্তৰ কিছু অংশ ভাৰত-চীনৰ স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিচিত । অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকা যাংছতে অঞ্চলত যোৱা ২০২২ চনত চীনা সৈন্যই বলপূৰ্বক সীমান্ত পহৰা আগুৱাই আনি প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল । ইয়াকে লৈ দুয়োপক্ষৰ মাজত হতাহতি হোৱাত ভাৰতীয় সেনাই চীনা সৈন্যক এশিকনি দিছিল ।

প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ অনুসৰি, দুয়োপক্ষৰ নিয়ন্ত্ৰিত আৰু পাৰস্পৰিকভাৱে সন্মত উপস্থিতিৰ লক্ষ্যৰে নিৰ্দিষ্ট অঞ্চলত পি এল এত টহল দিয়াৰ অনুমতি দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । দুয়োখন দেশে এই কূটনৈতিক প্ৰচেষ্টাই এই বিতৰ্কিত খণ্ডত উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত সম্ভাৱ্য অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত অঞ্চল অতি দীঘলীয়া । উল্লেখ্য় যে অৰুণাচল প্ৰদেশত চীনৰ লগত প্ৰায় ১,১২৯ কিলোমিটাৰ দৈৰ্ঘৰ সীমান্ত আছে । চীনে কেইবাবাৰো অৰুণাচল প্ৰদেশত আগ্ৰাসন কৰিবলৈ চেষ্টা কৰি আহিছে । ইয়াৰ ফলত অৰুণাচল প্ৰদেশৰ এলেকাত ভাৰতীয় সেনাৰ লগত হতাহতি হৈছে ।

উল্লেখ্য় যে ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা তালিকাত অৰুণাচল প্ৰদেশৰ 30 খন ঠাইৰ নতুন নাম সন্নিবিষ্ট কৰিছিল ৷ ইয়াৰ ভিতৰত 11 টা আৱাসিক এলেকা,12 খন পাহাৰ, চাৰিখন নদী, এটা হ্ৰদ, এটা মাউণ্টেইন পাছ আৰু এটুকুৰা মাটি ৷ চাউথ চাইনা মৰ্নিং পোষ্টৰ বাতৰি অনুসৰি সকলো নাম চীনা আখৰ,তিব্বতী আৰু মেণ্ডেৰিন চীনা ভাষাৰ ৰোমান বৰ্ণমালাৰ সংস্কৰণত দিয়া হৈছিল ৷

চীনে প্ৰথমে 2017 চনত অৰুণাচল প্ৰদেশৰ ছটা স্থানৰ নতুন নামৰ তালিকা প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিছত 2021 চনত দ্বিতীয়খন 15 টা স্থানৰ তালিকা আৰু তাৰ পিছত 2023 চনত 11 টা স্থানৰ বাবে তৃতীয় তালিকা প্ৰকাশ কৰিছিল ৷ চীনে অৰুণাচল প্ৰদেশক জাংনান বা দক্ষিণ তিব্বত বুলি উল্লেখ কৰে যি ভূখণ্ড বেইজিঙে তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ অংশ বুলি দাবী কৰে ৷ মেণ্ডেৰিন চীনা ভাষাত জাঙে তিব্বতক বুজাই আৰু 'নান' মানে দক্ষিণ অঞ্চল ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণত দীপাৱলীৰ উৎসৱ উদযাপন আৰু সেনাৰ অস্ত্ৰ পূজা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । দীপাৱলীৰ সময়ত সেনা জোৱানসকল ঘৰ আৰু পৰিয়ালৰ পৰা আঁতৰি থকা বাবে প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰে ।

লগতে পঢ়ক:সমুদ্ৰপৃষ্ঠৰ পৰা 15,200 ফুট উচ্চতাত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটকৰ ভিৰ টাৱাঙত

বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল টাৱাং মাৰাথানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.