ETV Bharat / bharat

মেষ ৰাশিৰ প্ৰেমত শুভ...মীন ৰাশিৰ বিবাহৰ যোগ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে - Daily Horoscope For 9th June

author img

By ETV Bharat Features Team

Published : Jun 9, 2024, 12:46 AM IST

Daily Horoscope For 9th June: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 9th June 2024
মেষ ৰাশিৰ প্ৰেমত শুভ...মীন ৰাশি বিবাহৰ যোগ...কি কয় ৰাশিফলে (ETV BHARAT)

মেষ ৰাশি : দিনটো যথেষ্ট শুভ ৷ বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সময় কটাব পাৰে ৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভৱান হ’ব ৷ বয়োজ্যেষ্ঠসকলৰ পৰা মৰম-চেনেহ পাব ৷ কোনো নাৰীৰ পৰা বিশেষকৈ নিজৰ মাতৃৰ পৰা প্ৰশংসা লাভ কৰিব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি : এটা শুভ দিন ৷ নতুন কাম আৰু উদ্যোগ হাতত ল’ব পাৰে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো লাভদায়ক ৷ প্ৰশংসা লাভ কৰিব ৷ পদোন্নতি, দৰমহা বৃদ্ধি হ’ব পাৰে । মৰম আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি : মনটো অস্থিৰ হৈ থাকিব ৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি এলাহ ভাবৰ সৃষ্টি হ’ব ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ সহকৰ্মীসকলৰ আচৰণ জটিল হ’ব, তেওঁলোকৰ পৰা সহযোগিতা নাপাব ৷

কৰ্কট ৰাশি: দিনটো মধ্যমীয়া ৷ নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷ কোনোপধ্যেই মনলৈ চিন্তাৰ উদ্ভৱ হ’বলৈ নিদিব ৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰ পৰা আঁতৰাই ৰাখক ৷

সিংহ ৰাশি : দিনটো আশানুৰূপ নহ’ব ৷ কোনো কথাত অতিপাত খং উঠিব পাৰে ৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক ৷ গ্ৰহৰ অৱস্থানৰ ফলত মধ্য৷মীয়া হ’ব । গতিকে আজি কোনো নোহোৱা বা অভূতপূৰ্ব কোনো ঘটনা নঘটে । শান্তভাৱে দিনটো পাৰ হ’ব, যেনেকৈ চলি আছে তেনেকৈয়ে চলিব ৷ তাৰ মাজতেই কিছু স্বাভাৱিক পৰিৱৰ্তন আহিব ।

কন্যা ৰাশি: দিনটো শুভ ৷ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ সকলো দিশৰ পৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ লাভ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷

তুলা ৰাশি: নিজৰ আৱেগ আৰু দুৰ্বলতাসমূহক প্ৰকাশ কৰাটো কেতিয়াবা ভালহে হয় । আজি আপুনি আৱেগেৰে পৰিপূৰ্ণ হৈ থাকিব । প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি বা মাতৃৰ অসুস্থতাৰ বাবে মনটো বেয়া হ’ব পাৰে । সামগ্ৰিকভাৱে ক’ব গ’লে বৰ্তমান আপোনাৰ গ্ৰহ আপোনাৰ প্ৰতিকূল নহয় । গতিকে আৰামত থাকক । চিন্তাৰ কাৰণ নাই বেয়া সময় পাৰ হৈ যাব ।

বৃশ্চিক ৰাশি: আজি আপোনাৰ আন এটা নাম উৎসাহপূৰ্ণ আৰু আনন্দপূৰ্ণ। আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী। আপোনাৰ আনন্দপূৰ্ণ মনোভাৱ সকলৰ দিশত প্ৰভাৱ পেলাব সেয়ে আপুনি আজি সকলো প্ৰকাৰ আনন্দদায়ক আলোচনাত অংশগ্ৰহণ কৰিব আৰু আনন্দদায়ক সংগ উপভোগ কৰিব ।

ধনু ৰাশি: আজিৰ দিনটোত মধ্যমীয়া প্ৰভাৱ থাকিব । বিভ্ৰান্তি আৰু স্ববিৰোধ আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে আৰু লগতে কৰ্মক্ষেত্ৰত আপোনাৰ সফলতাত বাধাৰ সৃষ্টি কৰিব পাৰে ।

মকৰ ৰাশি: আপুনি সুন্দৰ বৈবাহিক জীৱন উপভোগ কৰিব পৰিব আৰু কামত সফলতা পাব ৷ ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ ভাল দিন আৰু পদোন্নতি হব পাৰে ৷ আপোনাক দিয়া কাম সোনকালে শেষ কৰিব পাৰিব ৷ প্ৰিয়জনৰ লগত চিনেমা চাবলৈ যাব পাৰে আৰু বন্ধুৰ লগত ৰাতিৰ আহাৰ খাবলৈ যাব পাৰে ৷

কুম্ভ ৰাশি: আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব । আজি আপুনি পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদত লিপ্ত হ’ব পাৰে । ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব । অতিৰিক্ত ব্যয় হ’ব পাৰে । আপোনাৰ ব্যক্তিগত ক্ষতি হোৱাৰ পিছতো আপুনি লাভবান হৈ থাকিব । নিজৰ কথা আৰু খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক । দুৰ্ঘটনা হ’ব পাৰে ।

মীন ৰাশি: প্ৰেম প্ৰাৰ্থী বা বিবাহ প্ৰাৰ্থীৰ বাবে দিনটো শুভ । আচলতে ক’ব গ’লে যিসকলে মনৰ মানুহ বিচাৰি আছে তেওঁলোকৰ বাবে দিনটো বৰ ভাল । আজি গোটেই দিনটো উলহ মালহেৰে কাটিব সুখকৰ ভ্ৰমণ বা বনভোজত যাব পাৰে । আপুনি হয়তো জনসেৱামূলক কামো কৰিব পাৰে, কিয়নো আজি পৰোপকাৰিতাই হ’ল আপোনাৰ আজিৰ মন্ত্ৰ। সকলো ক্ষেত্ৰত সফলতা লাভ কৰাৰ পিছত আপোনাৰ সদিচ্ছা বৃদ্ধি পাব ৷

লগতে পঢ়ক: লগতে পঢ়ক: এই সপ্তাহত মেষ ৰাশিৰ ব্যৱসায়ত অগ্ৰগতি লাভ; বৃশ্চিক ৰাশিৰ পদোন্নতি, চাওক আৰু কি কি আছে সপ্তাহটোৰ ৰাশিফলত - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.