ETV Bharat / bharat

ব্যৱসায়ৰ দিশত লাভ অৰ্জন কৰিব এই ৰাশিৰ লোকে...বৃদ্ধি পাব সামাজিক মৰ্যাদা...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 5th September

Daily Horoscope: আজি ৰাশি সলনি কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 5th September 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Features Team

Published : Sep 5, 2024, 12:21 AM IST

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক হৈ ৰ’ব ৷ দেৱী লক্ষ্মীৰ আশীৰ্বাদ থাকিলে আজি আপোনাৰ আৰ্থিক দিশত আপুনি লাভৱান হ’ব ৷ আজি আপুনি হয়তো বিত্ত সম্বন্ধীয় কোনো আলোচনা সভাত অংশগ্ৰহণ কৰিব পাৰে বা তাৰ আয়োজন কৰিব পাৰে ৷ গতিকে এইটো সহজতে বুজিব পৰা যায় যে, আপুনি আজি বিভিন্ন লোকৰ সান্নিধ্য লাভ কৰিব ৷ মগজু খটুৱাবলগীয়া কিছু বৌদ্ধিক প্ৰকল্পত কাম কৰি আপুনি আনন্দ পাব ৷ সৰু-সুৰা ভ্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ কঠোৰ পৰিশ্ৰমৰ বাবে আজিৰ দিনটো ভাল ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য আজি উত্তম হৈ থাকিব ৷

বৃষ ৰাশি: আপুনি যদি যোগাযোগ মাধ্যমৰ মানুহ বা ৰাজহুৱা বক্তৃতা আদি দিয়ে, তেতিয়া হ’লে আজি আপুনি নিজৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি পেলাব ৷ কোনো নতুন লোকৰ সৈতে সাক্ষাৎ কৰিব পাৰে৷ আপোনাৰ স্বাস্থ্য আজি বৰ ভালে নাযাবও পাৰে আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিচতো কাংক্ষিত ফল নাপাবও পাৰে ৷ নিৰাশ নহ’ব চেষ্টা কৰি গৈ থাকক ৷

মিথুন ৰাশি: আপোনাৰ আৱেগে যেন আপোনাক পৰাস্ত কৰিব নোৱাৰে, বিশেষকৈ মহিলাসকলৰ সৈতে কথা পতাৰ সময়ত এই দিশত লক্ষ্য ৰাখিব ৷ মহিলাতকৈয়ো আজি আপোনাৰ বাবে অধিক বিপজ্জনক হ’ল পানী ৷ পুখুৰী, নদী আদিৰ পৰা দূৰত থাকক ৷ মদ্যপান নকৰিব বা আপোনাৰ বাবে পিচলৈ ক্ষতিকাৰক হ’ব পাৰে ৷ আজি গোটেই দিনটো কিবা কথাত অত্যধিক চিন্তাত থাকিব আপুনি ৷ আপোনাৰ টোপনিৰ ক্ষতি হ’ব পাৰে, যি আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ ভ্ৰমণ নকৰিব ৷

কৰ্কট ৰাশি: আজি আপুনি আনন্দ আৰু সুখেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আজি সুচাৰূ ৰূপত নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰিব আৰু বন্ধু তথা প্ৰিয়জনৰ সৈতে সাক্ষাৎ হ’ব ৷ এই দুয়োটা কাৰণত আপুনি অত্যধিক আনন্দত থাকিব ৷ আপোনাৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব ৷ আপোনাৰ প্ৰতিযোগীসকলে পৰাস্ত হ’ব আৰু আপুনি যিসকলক ভাল পায় তেওঁলোকৰ মন জয় কৰিব আপুনি ৷ সৰু-সুৰা ভ্ৰমণ আপোনাৰ দিনটোক অধিক আনন্দময় কৰি তুলিব ৷ আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: সকলো ফালৰ পৰা আপোনাৰ দিনটো আজি মধ্যমীয়া ৷ পৰিয়ালৰ সৈতে আজিৰ দিনটো ভালকৈ পাৰ হ’ব ৷ আৰ্থিক দিশত আজিৰ দিনটো আপোনাৰ বাবে ভাল নহয় ৷ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ কাম-কাজত সামান্য নিয়ম-শৃংখলা মানি চলক ৷ ব্যৱসায়ত লাভ অৰ্জন ৷

কন্যা ৰাশি: আপুনি আজি নিজৰ নম্ৰ ব্যৱহাৰ আৰু মিঠা মাতেৰে সকলোকে মুগ্ধ কৰিব পাৰিব ৷ এয়া আপোনাৰ বিভিন্ন ফালৰ পৰা উপকৃত কৰিব ৷ বৌদ্ধিকভাৱে আপোনাৰ উন্নতি হ’ব ৷ আপোনাৰ চিন্তাধাৰা সলনি হ’ব ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ৷ আপোনাৰ বাবে কিছু সু-সংবাদ অপেক্ষা কৰি আছে ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বিশেষ এটা ভাল নহয় ৷ আজি অধিক সতৰ্ক হৈ থাকক ৷ আপোনাৰ স্বাস্থ্য বৰ বেয়া হৈ থাকিব, ইয়াক আওকাণ নকৰিব ৷ নভবাকৈ চিন্তা নকৰাকৈ কোনো কথা কৈ কাকো অপমান কৰি নিদিয়ে যেন, লক্ষ্য ৰাখক ৷ নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ যিকোনো সমস্যাত পৰিলেও আপুনি তাৰ সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হ’ব ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল ৷ আজি আপোনাৰ বন্ধুসকলৰ সৈতে সাক্ষাৎ হ’ব আৰু তেওঁলোকৰ কাৰণে বিলাসীভাৱে খৰচ কৰিব ৷ কিন্তু শীঘ্ৰেই আপোনাৰ দৰমহা বা আয়বৃদ্ধি হোৱাৰ যোগ আছে ৷ আজি আচলতে দিনটো বৰ ভালেই ৷ আপোনাৰ কামক লৈ ঊৰ্ধ্বতনসকলে সুখী হ’ব ৷ আপোনাৰ জীৱনসংগী বা জীৱনসংগিনীও সুখী হ’ব ৷

ধনু ৰাশি: আপোনাৰ আজি দিনটো শুভ ৷ আপুনি আজি সুখী আৰু আনক সহায় কৰাৰ বাবে আগ্ৰহী হৈ উঠিব ৷ আপোনাৰ লক্ষ্য আপোনাৰ কাম সোনকালে শেষ কৰাৰ ওপৰত থাকিব ৷ কামত বচক প্ৰভাৱিত কৰিব পাৰিব ৷ পদোন্নতি হ’ব পাৰে ৷ ব্যৱসায়ীসকলৰ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে ৷ পিতৃ আৰু পিতৃৰ ফালৰ ডাঙৰ সকলৰ পৰা লাভৰ আশা কৰিব পাৰে ৷

মকৰ ৰাশি: এটা মিশ্ৰিত ফলদায়ক দিন ৷ বৌদ্ধিক কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ কলা আৰু সাহিত্যত আপুনি নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব ৷ তাৰ উপৰিও আপুনি ছবি প্ৰদৰ্শনী বা কিতাপ পঢ়াৰ কৰ্মশালা পাতিব পাৰে ৷ চৰকাৰী কামত অসুবিধাৰ সন্মূখীন হ’ব ৷ আপোনাৰ শৰীৰ বৰ বিশেষ ভালে নাথাকিবও পাৰে, এলাহে অশান্তিৰ সৃষ্টি কৰিব পাৰে ৷

কুম্ভ ৰাশি: বহু বেছি চিন্তাই উদ্দেগ আৰু খঙক আহ্বান জনায় ৷ এই সকলোবোৰৰ পৰা মুক্ত হ’বলৈ ভগৱানক ভাবক আৰু ধ্যান বা যোগ কৰক ৷ এই সকলোবোৰে মনক শান্তি প্ৰদান কৰিব ৷ অনৈতিক কাৰ্য যেনে চুৰি কৰা আদিৰ পৰা আঁতৰত থাকক ৷ আপোনাৰ কায্যই কাৰবাক কষ্ট দিব পাৰে গতিকে তিতা মাত কথা পৰিহাৰ কৰক ৷ ঘৰত হোৱা ধৰ্মীয় অনুষ্ঠানৰ বাবে খৰচৰ মাত্ৰা বাঢ়িব ৷

মীন ৰাশি: আজি আপুনি আপোনাৰ কলাসন্মত দিশটো সকলোকে দেখুৱাই দিয়ক ৷ সেয়া লিখক, নাচ বা অভিনয়ৰ যোগেদি হ’ব পাৰে, আপোনাৰ প্ৰিয়জনে এই বিষয়ত আপোনাক উদগনি জনাব ৷ আপোনি যদি ব্যৱসায়ৰ বাবে সহযোগ বিচাৰিছে তেওঁক আজিয়েই পাব পাৰে ৷ বন্ধুৰ সৈতে সময় কটাব পাৰে ৷ কামৰ হেঁচা বহুখিনি পাতল হৈ পাৰিব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ লোকৰ বাবে খোল খাব কেৰিয়াৰৰ নতুন পথ...প্ৰেমৰ সম্পৰ্ক হ’ব অধিক মজবুত...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.