ETV Bharat / bharat

মীন ৰাশিৰ ব্যয় বৃদ্ধি...বৃষ ৰাশিৰ পদোন্নতি...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 30th May

Daily Horoscope For 30th May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 1:33 AM IST

Daily Horoscope For 30th May 2024
মীন ৰাশিৰ ব্যয় বৃদ্ধি...বৃষ ৰাশিৰ পদোন্নতি...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো (SOURCE: ETV BHARAT ASSAM DESK)

মেষ ৰাশি: বন্ধুসকলৰ সৈতে ফুৰিবলৈ যোৱাৰ বাবে দিনটো বৰ ভাল ৷ তেওঁলোকৰ পৰা আজি আপুনি উপহাৰ পাব পাৰে ৷ তাৰ বিনিময়ত আপুনি তেওঁলোকৰ বাবে মনোৰঞ্জনৰ ব্যৱস্থাও কৰিব ৷ আপোনাৰ ভৱিষ্যতৰ বাবে লাভদায়ক হ’ব পাৰে নতুন বন্ধুত্ব ৷ আপোনাৰ সন্তানেও আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব ৷ দৰ্শনীয় কোনো স্থানত ফুৰিবলৈ যাব পাৰে ৷ চৰকাৰী কোনো কাম-কাজ থাকিলে সেয়া লাভজনকভাৱে সম্পন্ন হ’ব ৷

বৃষ ৰাশি: চাকৰিয়ালসকলৰ ওপৰত আজিৰ দিনটো ভাগ্য সুপ্ৰসন্ন ৷ নতুন কামে সফল পৰিণতি লাভ কৰিব ৷ ঊৰ্ধ্বতনসকলে আপোনাৰ প্ৰতি অনুকূল থাকিব, যাৰ ফলত তেওঁলোকে আপোনাৰ পদোন্নতিৰ ব্যৱস্থাও কৰিব পাৰে ৷ সাংসাৰিক সুখ নিশ্চিত ৷ অসমাপ্ত কাম সন্তোষজনকভাৱে সমাপ্ত হ’ব ৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিৱেশ নিশ্চিত ৷

মিথুন ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ নহয় ৷ আজি আপুনি ভাগৰুৱা, এলেহুৱা আৰু উদ্যমহীন অনুভৱ কৰি থাকিব পাৰে ৷ পেটৰ গণ্ডগোল হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত আপুনি ভবাৰ দৰে একো নহ’ব ৷ ঊৰ্ধ্বতনৰ প্ৰতি আপোনাৰ অসন্তোষ প্ৰকাশ পাব ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা ৷ সকলো ধৰণৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণৰ দিন পিচুৱাই দিয়ক৷

কৰ্কট ৰাশি: আজি আপুনি যিয়ে কৰিব, তাতেই আপোনাৰ মূৰ ঠাণ্ডা ৰাখিব লাগিব আৰু অধিক সতৰ্ক থাকিব লাগিব ৷ পৰিয়ালৰ মাজত সংঘাত এৰাই চলক ৷ আজি গোটই দিন বিনম্ৰ মনোভাৱ লৈ চলক ৷ ই আপোনাক যি কোনো সমস্যাৰপৰা দুৰত ৰাখিব ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক ৷ অনৈতিক আৰু বেআইনী কামৰ পৰা দূৰত থাকক ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰক৷

সিংহ ৰাশি: স্বামী-স্ত্ৰীৰ মাজত তিক্ততা দেখা দিব পাৰে, যাৰ ফলত ক্ষোভৰ সৃষ্টি হ’ব ৷ আপোনাৰ জীৱনসংগী বা জীৱনসংগিনী অসুস্থ হ’ব পাৰে ৷ সহকাৰী আৰু ব্যৱসায়ৰ অংশীদাৰসকলৰ সৈতে কথা পতাৰ সময়ত শান্ত হৈ আৰু ধৈৰ্য ধৰি থাকক ৷ অহেতুক আৰু অকৃতজ্ঞ কথাবতৰাত লিপ্ত হৈ নপৰিব ৷ মামলা-মোকৰ্দমাৰ পৰা প্ৰত্যাশিত ফল নাপাবও পাৰে ৷ ৰাজহুৱা বা সামাজিক স্বীকৃতি পোৱাৰ কোনো সম্ভাৱনা নাই ৷

কন্যা ৰাশি: আজি আপোনাৰ হাতৰ মুঠিত এই পৃথিৱীখন আছে যেন লাগিব ৷ আপুনি ঘৰত আৰু কৰ্মক্ষেত্ৰত উৎসাহপূৰ্ণ আৰু উত্তম মানসিকতাৰে থাকিব ৷ বন্ধু আৰু সহকৰ্মীসকলে আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব আৰু তেওঁলোকে আপোনাক সাহায্য সহযোগিতা কৰিব ৷ আপুনি যদি কোনো বেমাৰত ভুগি আছে, তেতিয়া হ’লে সুস্থ হৈ উঠিব পাৰে ৷ ঘৰৰ পৰা বা পৰিয়ালৰ সুখবৰ পাব পাৰে ৷ আজি আপুনি নিজৰ কৰ্মকুশলতাৰ স্বীকৃতি পাব ৷ আজি আপোনাৰ প্ৰয়োজনৰ তুলনাত অধিক ব্যয় হৈ যাব পাৰে ৷

তুলা ৰাশি: আজিৰ দিনটো আন দিনৰ দৰেই পাৰ হ’ব ৷ বিশেষ একো ঘটনা নঘটে ৷ সন্তানৰ বিষয়ে উদ্বেগ বাঢ়িব পাৰে ৷ আপুনি যদি পঢ়ুৱৈ তেতিয়া হ’লে পঢ়াশুনাত মন বহাব নোৱাৰিব আপুনি ৷ অৰ্থহীন আৰু বিতৰ্কিত আলোচনাত লিপ্ত নহ’ব ৷ আপোনাৰ সুনাম নষ্ট হ’ব পাৰে ৷ নতুন কোনো কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷ ভ্ৰমণ এৰাই চলক ৷ ঘনিষ্ঠ বন্ধুৰ সৈতে সংঘাত হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: আজি আপুনি মানসিক উদ্বেগ আৰু অশান্তিত ভুগিব আৰু শাৰীৰিকভাৱেও সুস্থ নাথাকিব ৷ সংবেদনশীলতাৰে কাম কৰি যোৱাৰ কাৰণে আপুনি আজি ধীৰ-স্থিৰ হৈ থাকক ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ পৰা মৰম চেনেহ নাপাব, তেওঁলোকে আপোনাৰ মনৰ কথা বুজি নাপাব ৷ আৰ্থিক ক্ষতিৰ ইংগিত আছে ৷ গুৰুত্বপূৰ্ণ নথিপত্ৰ চহী কৰাৰ পৰা বিৰত থাকক ৷

ধনু ৰাশি: নতুন উদ্যোগ লৈ কাম আৰম্ভ কৰাৰ বাবে দিনটো বৰ ভাল ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে প্ৰচুৰ আনন্দদায়ক মুহূৰ্ত কটাব ৷ সৰুসুৰা ভ্ৰমণৰ যোগ আছে ৷ স্বাস্থ্য সম্বন্ধীয় সমস্যা দূৰত থাকিব ৷ আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহী হ’ব ৷ নতুন কাম হাতত ল’লে সফল হ’ব ৷ আপোনাৰ সামাজিক মান বৃদ্ধি পাব ৷ আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক আৰু আনন্দদায়ক ৷

মকৰ ৰাশি: পৰিয়ালৰ লোকৰ সৈতে কোনো কাজিয়া আৰু বিবাদত লিপ্ত নহ’ব ৷ নম্ৰ আৰু বিনয়ী হৈ থাকিব পাৰিলে আপুনি সমস্যাৰপৰা দূৰত থাকিব পাৰিব ৷ আজি আপুনি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰে ৷ স্বাস্থ্য আপোনাৰ বৰ ভাল নাযাব ৷ চকুৰ সমস্যা দেখা দিব পাৰে ৷

কুম্ভ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখদায়ক আৰু লাভদায়ক ৷ শাৰীৰিক আৰু মানসিকভাৱে আপুনি অত্যন্ত তজবজীয়া অনুভৱ কৰিব ৷ জাগতিক আৰু আধ্যাত্মিক এই দুয়ো দিশতেই আপুনি পৰিতৃপ্ত অনুভৱ কৰিব ৷ আপোনাৰ গ্ৰহৰ অৱস্থানে কয় আজি পৰিয়ালৰ লোকৰ সৈতে বাহিৰত ফুৰিবলৈ যাব, আনন্দ-ফুৰ্তি কৰিব ভাল ভাল খাদ্য উপভোগ কৰিব, উপহাৰ পাব ৷ গোটেই দিনটো আধ্যাত্মিকভাৱে উজ্জীৱিত হৈ থাকিব ৷

মীন ৰাশি: নিজৰ লোভ আৰু প্ৰত্যাশাক নিয়ন্ত্ৰণত ৰাখক ৷ ধন-সম্পত্তিৰ বিষয়ত সতৰ্ক থাকক ৷ কোনো চুক্তি চূড়ান্ত কৰাৰ আগতে বা কোনো বিনিয়োগ কৰাৰ আগতে দুনাই ভাবক ৷ আপোনাৰ স্বাস্থ্যই সমস্যা সৃষ্টি কৰিব পাৰে ৷ আপুনি কোনো কামত মনোযোগ দিব নোৱাৰিব আৰু সঠিক ভাৰসাম্য বৰ্তাই ৰাখিব নোৱাৰিব ৷ ধৰ্মীয় কাৰণত ব্যয়ৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হ’ব পাৰে ৷

লগতে পঢ়ক: এই সপ্তাহতে বৃষ ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সংস্থাপন, ধনু ৰাশিৰ লোকে পাব আকাংক্ষিত ফল, চাওক আৰু কি কি আছে সপ্তাহটোৰ ৰাশিফলত - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.