মেষ ৰাশি: দিনটো যথেষ্ট শুভ ৷ বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে অনুষ্ঠানত যোগ দিব পাৰে ৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব ৷ বয়োজ্যেষ্ঠসকলৰ পৰা মৰম-চেনেহ পাব ৷ আপুনি কোনো নাৰীৰপৰা বিশেষকৈ নিজৰ মাতৃৰপৰা প্ৰশংসা লাভ কৰিব ৷ প্ৰেমত শুভ
বৃষ ৰাশি: দিনটো অত্যন্ত শুভ ৷ নতুন কাম আৰু উদ্যোগ হাতত ল’ব পাৰে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো লাভদায়ক ৷ প্ৰশংসা লাভ কৰিব ৷ দৰমহা বৃদ্ধি হ’ব পাৰে । মৰম আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে ৷
মিথুন ৰাশি: মনটো অস্থিৰ হৈ থাকিব ৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি এলাহ ভাৱ আছে ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ সহকৰ্মীসকলৰ আচৰণ জটিল হ’ব, তেওঁলোকৰ পৰা সহযোগিতা নাপাব ৷
কৰ্কট ৰাশি: দিনটো দুৰ্ভাগ্য আৰু আশংকা কঢ়িয়াই লৈ আহিব ৷ নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক৷ কোনোপধ্যেই মুৰ গৰম হ’বলৈ নিদিব ৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰ পৰা দূৰত ৰাখক ৷
সিংহ ৰাশি: দিনটো আশানুৰূপ নহ’ব ৷ আপোনাৰ বিস্ফোৰক খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব সেয়া জানি লওক ৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক ৷ গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে দিনটোক মধ্যমীয়া কৰি ৰাখিব । গতিকে আজি কোনো নোহোৱা বা অভূতপূৰ্ব কোনো ঘটনা নঘটে । শান্তভাৱে দিনটো পাৰ হ’ব, যেনেকৈ চলি আছে তেনেকৈয়ে চলিব আপুনি, তাৰ মাজতেই কিছু স্বাভাৱিক পৰিৱৰ্তন আহিব ।
কন্যা ৰাশি: দিনটো শুভ ৷ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ সকলো দিশৰ পৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ লাভ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷
তুলা ৰাশি: নিজৰ আৱেগ আৰু দুৰ্বলতাসমূহক প্ৰকাশ কৰাটো কেতিয়াবা ভালহে হয় । আজি আপুনি আৱেগেৰে পৰিপূৰ্ণ হৈ থাকিব । প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি বা মাতৃৰ অসুস্থতাৰ বাবে মনটো বেয়া হ’ব পাৰে । সামগ্ৰিকভাৱে ক’ব গ’লে বৰ্তমান আপোনাৰ গ্ৰহ আপোনাৰ প্ৰতিকূল নহয় । গতিকে আৰামত থাকক । চিন্তাৰ কাৰণ নাই বেয়া সময় পাৰ হৈ যাব ।
বৃশ্চিক ৰাশি: আজি আপোনাৰ আন এটা নাম উৎসাহপূৰ্ণ আৰু আনন্দপূৰ্ণ। আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী। আপোনাৰ আনন্দপূৰ্ণ মনোভাৱ সকলৰ দিশত প্ৰভাৱ পেলাব সেয়ে আপুনি আজি সকলো প্ৰকাৰ আনন্দদায়ক আলোচনাত অংশগ্ৰহণ কৰিব আৰু আনন্দদায়ক সংগ উপভোগ কৰিব ।
ধনু ৰাশি: আজিৰ দিনটোত মধ্যমীয়া প্ৰভাৱ থাকিব । বিভ্ৰান্তি আৰু স্ববিৰোধ আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে আৰু লগতে কৰ্মক্ষেত্ৰত আপোনাৰ সফলতাত বাধাৰ সৃষ্টি কৰিব পাৰে ।
মকৰ ৰাশি: আপুনি সুন্দৰ বৈবাহিক জীৱন উপভোগ কৰিব পৰিব আৰু কামত সফলতা পাব ৷ ব্যবসায়ি আৰু চাকৰিয়াল সকলৰ ভাল দিন আৰু পদোন্নতি হব পাৰে ৷ আপোনাক দিয়া কাম সোনকালে শেষ কৰিব পাৰিব ৷ প্ৰিয়জনৰ লগত চিনেমা চাবলৈ যাব পাৰে আৰু বন্ধুৰ লগত ৰাতিৰ আহাৰ খাবলৈ যাব পাৰে ৷
কুম্ভ ৰাশি: আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব । আজি আপুনি পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদত লিপ্ত হ’ব পাৰে । ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব । অতিৰিক্ত ব্যয় হ’ব পাৰে । আপোনাৰ ব্যক্তিগত ক্ষতি হোৱাৰ পিছতো আপুনি লাভবান হৈ থাকিব । নিজৰ কথা আৰু খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক । দুৰ্ঘটনা হ’ব পাৰে ।
মীন ৰাশি: প্ৰেম প্ৰাৰ্থী বা বিবাহপ্ৰাৰ্থীৰ বাবে দিনটো শুভ । আচলতে ক’ব গ’লে যিসকলে মনৰ মানুহ বিচাৰি আছে তেওঁলোকৰ বাবে দিনটো বৰ ভাল । আজি গোটেই দিনটো উলহ মালহেৰে কাটিব সুখকৰ ভ্ৰমণ বা বনভোজত যাব পাৰে । আপুনি নিজৰ পৰিকল্পনা আৰু প্ৰস্তুতি অনুসৰি ‘সামাজিক’ সকলো বিষয়বোৰৰ প্ৰতি আকৃষ্ট হ’ব, এইবোৰৰ নামত আপোনাৰ যদি টকা খৰচো হয়, তথাপি আপোনাৰ বেয়া নালাগিব । আপুনি হয়তো জনসেৱামূলক কামো কৰিব পাৰে, কিয়নো আজি পৰোপকাৰিতাই হ’ল আপোনাৰ আজিৰ মন্ত্ৰ। সকলো ক্ষেত্ৰত সফলতা লাভ কৰাৰ পিছত আপোনাৰ সদিচ্ছা বৃদ্ধি পাব ৷