মেঘৰাশি : আজিৰ দিনটোত আপোনাৰ ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত যাব যেন লাগিছে । খৰছ বেছি হ’বলৈ নিদিব । বিত্তীয় দিশটোত সাৱধানে আৰু ভাবি চিন্তি চলিব । কাজিয়া বিবাদ হ’ব পাৰে । সংঘাত আৰু বিৰোধৰ পৰা দূৰত থাকক । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপুনি সহজতে মিলিব নোৱাৰিব । স্বাস্থ্যৰ সমস্যাও আছে । দিনটো হতাশজনক হৈ থাকিব যেন লাগিছে ।
বৃষৰাশি : আজিৰ দিনটো আপোনাৰ ঘটনাবহুল আৰু ফলদায়ক হ’ব । আপুনি অত্যধিক সৃজনশীল আৰু উদ্ভাৱনীমূলক হৈ থাকিব । গোটেই দিনটো আপোনাৰ মন সুদৃঢ় হৈ থাকিব আৰু চিন্তা স্পষ্টকৈ কৰিব পাৰিব । আপুনি নিজৰ কৰ্মৰ প্ৰতি প্ৰবল আগ্ৰহী হৈ থাকিব আৰু প্ৰত্যেক মুহূৰ্তকে উপভোগ কৰিব । আপুনি আৰ্থিক বাধাৰ সন্মুখত পৰিব পাৰে আৰু ভৱিষ্যত পৰিকল্পনাও কৰিব পাৰে । বিলাসবহুল আৰু আৰামদায়ক বস্তুৰ ক্ৰয়ৰ কাৰণে খৰছ হোৱাৰ সম্ভাৱনা আছে ।
মিথুনৰাশি : আজিৰ দিনটো আপোনাৰ বাবে কঠিন হৈ পৰিব পাৰে, গতিকে সাৱধান হওক । আজি প্ৰিয়জন বা পুত্ৰৰ সৈতে আপোনাৰ কাজিয়া হ’ব পাৰে । বিৰক্তি-খঙৰ মাজেৰে পাৰ হ’ব দিনটো আপোনাৰ । নিজক নিয়ন্ত্ৰণ কৰি ৰাখক, নহ’লে হয়তো আপুনি নিজৰ প্ৰিয়জনৰ মনত আঘাত দি দিব পাৰে । আগ্ৰাসীভাৱ এটাই আপোনাৰ স্বাস্থ্যৰ ওপৰতো ক্ষতিকাৰক প্ৰভাৱ পেলাব । চকু বা কাণৰ বিষ হ’ব পাৰে । কাৰোবাৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে ।
ককৰ্টৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সমৃদ্ধিশালী আৰু আনন্দদায়ক হ’ব । ব্যাপক আয়বৃদ্ধিৰ সম্ভাৱনা আছে । অন্যান্য উৎসৰ পৰাও লাভ হ’ব পাৰে । বন্ধুৰ সৈতে সময় কটালে আনন্দ লাভো হ’ব লগতে উপকৃতও হ’ব । পত্নীৰ পৰা স্বামীয়ে আকৰ্ষণীয় উপহাৰ পাব পাৰে । ব্যৱসায়ত উন্নতি হ’ব পাৰে । আপুনি যদি অবিবাহিত তেন্তে আজি নিজৰ জীৱনসংগীক লগ পাই যাব পাৰে । সন্তানৰ সৈতে সময় উপভোগ কৰিব । গোটেই দিনটো আপুনি উৎসাহ-উদ্দীপনা মাজেৰে থাকিব । ভাল খাদ্য খাবলৈ বাহিৰলৈ ফুৰিবলৈ যাব পাৰে ।
সিংহৰাশি : ব্যৱসায়ৰ দিশত আজিৰ দিনটো অসাধাৰণ । আজি সকলো কাম নিখুঁতভাৱে হৈ উঠাৰ সম্ভাৱনা আছে । ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তিৰপৰা অনুকূল সহযোগিতা লাভ কৰিব । মান-সন্মান বৃদ্ধিৰ যোগ । পিতৃৰ পৰা লাভ হ’ব পাৰে । কাৰ্যালয়ত লেনদেনৰ ক্ষেত্ৰত সুফল পাব । স্বাস্থ্য ভাল । ঘৰুৱা শান্তি । সম্পত্তিৰ দিশত লাভবান হোৱাৰ সম্ভাৱনা ।
কন্যাৰাশি : আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল । ঘনিষ্ঠ আত্মীয়ৰ সৈতে ফুৰিবলৈ গৈ আনন্দ পাব । কোনো মহিলাৰ পৰা উপহাৰ পাব পাৰে । ধৰ্মীয় ক্ৰিয়াকলাপ নতুবা মন্দিৰ দৰ্শন হ’বই হ’ব । দূৰ দেশৰ পৰা সু-সংবাদ পাই আচৰিত হ’ব । ভাই আৰু বন্ধুৰ পৰা লাভ হ’ব । আৰ্থিক লাভ নিশ্চিত ।
তুলাৰাশি : নতুন প্ৰকল্প আৰু নতুন কাম হাত লোৱাৰ ক্ষেত্ৰত আজিৰ দিনটো অনুকূল । গাম্ভীৰ্যপূৰ্ণ আচৰণে আপোনাৰ সৌভাগ্যবৃদ্ধি কৰিব । শত্ৰুৰ পৰা সাৱধান । আপুনি আজি ৰহস্যময় বিষয়ৰ প্ৰতি আকৃষ্ট হ’ব পাৰে । ধ্যান কৰিলে আপুনি অভূতপূৰ্ব লাভ পাব । মহিলা, বিশেষকৈ নিজৰ পত্নীৰ পৰা দূৰত থাকক । গভীৰ আত্মচিন্তন আৰু আত্মানুসন্ধানে আপোনাক শান্তি আৰু পৰিতৃপ্তি প্ৰদান কৰিব ।
বৃশ্চিকৰাশি : দায়িত্বৰ বোজাটো অলপ পাহৰি যাওক ! আপোনাৰ বাবে এইয়া আনন্দৰ আৰু স্ফূৰ্তিৰ সময় ৷ ঘৰৰ বাহিৰলৈ যাওক, মন ভাল লাগিব ৷ আপোন বন্ধুৰ লগত চিনেমা চাবলৈ বা দুঃসাহসিক ভ্ৰমণলৈ যাব পাৰে ৷ যদিহে আপুনি সামাজিকভাৱে আৰু আগবাঢ়িব বিচাৰিছে তেন্তে এই সময় অতি উপযুক্ত ৷ আপুনি এতিয়া কাৰো বাবে ৰৈ থকাৰ কাৰণ নাই, আগবাঢ়ক ! ভগৱান আপোনাৰ সহায়ক হ’ব ৷
ধনুৰাশি : আজিৰ দিনটোত আৰ্থিক লাভ হ’ব । ঘৰৰ পৰিৱেশ উখল-মাখল হৈ থাকিব বাবে আজি আপুনি সুখী আৰু আনন্দিত হৈ থাকিব । বৃত্তিধাৰী আৰু চাকৰীয়ালসকলৰ কাৰণে পদোন্নতি, দৰমহা বৃদ্ধি, প্ৰশংসা আৰু স্বীকৃতিৰ যোগ আছে । আপোনাৰ অনুজসকলে আপোনাক কামত সহযোগিতা আগবঢ়াব আৰু আপোনাৰ ইচ্ছা অনুসৰি কাম কৰিব । প্ৰতিযোগী আৰু শত্ৰুসকল আপোনাৰ পৰা দূৰত থাকিব । সকলোৰে প্ৰতি বিনম্ৰ আৰু দয়াশীল হৈ থাকক । বান্ধৱীসকলৰ সৈতে সাক্ষাতৰ প্ৰবল সম্ভাৱনা আছে । আজি গোটেই দিনটো আপুনি তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব ।
মকৰৰাশি : আজিৰ দিনটো আপুনি মানসিক চিন্তা আৰু সমস্যাত জৰ্জৰিত হৈ থাকিব । আপোনাৰ দৈনন্দিন কামৰ প্ৰতি আপুনি মুঠেও মনোযোগ দিব নোৱাৰা হ’ব । কোনো বিশেষ আৰু গুৰুত্বপূৰ্ণ কাম আজি হাতত নল’ব । কোনো কাম আপোনাৰ ইচ্ছা অনুসৰি সম্পন্ন নহ’ব । আপোনাৰ সন্তানৰ আচৰণে আপোনাক দুশ্চিন্তাত পেলাব পাৰে । পৰিয়ালৰ বয়সস্থ ব্যক্তিৰ স্বাস্থ্য বেয়া হোৱাৰ ইংগিত আছে । আপোনাৰ ঊৰ্ধ্বতনসকল আপোনাৰ প্ৰতি অসন্তুষ্ট হ’ব পাৰে ।
কুম্ভৰাশি : আজিৰ দিনটো আপোনাৰ বাবে প্ৰেম আৰু আন্তিৰকতাৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপোনাৰ মন উটি-ভাহি ফুৰিব, যাৰ ফলত আপুনি অস্থিৰ আৰু বিভ্ৰান্ত হৈ থাকিব । বিত্তীয় বিষয়ক লৈ আলাপ-আলোচনা হোৱাৰ প্ৰবল সম্ভাৱনা আছে । মহিলাসকলে টকা খৰছ কৰাৰ যোগ আছে । মাতৃসকল উপকৃত আৰু লাভবান হ’ব । অসহিষ্ণুতা আৰু অনমনীয়তাই আপোনাৰ দিনটোক বেয়া কৰি পেলাব পাৰে, গতিকে সাৱধান ।
মীনৰাশি : এটা মন্ত্ৰ সদায় মনত ৰখা দৰকাৰ, কামত কষ্টৰ ফল সদায় মিঠা ৷ ভাগ্যই আপোনাক লগ দিব আৰু আপুনি আপোনাৰ দক্ষতা দেখুৱালৈ সক্ষম হ’ব ৷ আপোনাৰ সু-চিন্তা আৰু কৰ্মদক্ষতাৰে আপুনি সফলতাৰ মুখ দেখিব ৷ বন্ধু আৰু ভাতৃ-ভগ্নীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ সামাজিকভাৱে নিজকে প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷