ETV Bharat / bharat

Daily Horoscope For 17th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 6:01 AM IST

Daily Horoscope For 17th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 17th December 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি: আজিৰ দিনটো মধ্যমীয়া ৷ অসাধাৰণ একো নহ’ব, ক’ব গ’লে আজিৰ দিনটো একেবাৰে নীৰস! স্বাস্থ্যও মোটামুটি, বৰ বেয়াও নহয় আকৌ বৰ উজ্জীৱিত যে হৈ থাকিব, সেয়াও নহয় ৷ ব্যয়বৃদ্ধিক লৈ আপুনি সজাগ নাথাকিব, গতিকে চিন্তাত পৰিব যাব ৷ সেই দিশটোক নিয়ন্ত্ৰণ কৰক, কিন্তু এইবোৰক লৈ অত্যধিক চিন্তা নকৰিব আকৌ ৷ আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব ৷ নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক, আৰু আজি দেওবাৰীয়া ৰাতি হ’লে ঘৰতেই ৰন্ধাবঢ়া কৰি চাব পাৰে ৷ স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলিব আৰু এনেকুৱা কোনো কথা কোৱাৰ পৰা বিৰত থাকক, যিবোৰ মনত আঘাত দিব পাৰে ৷

বৃষ ৰাশি: আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব ৷ এই অনুভৱৰ কাৰণ হ’ব পাৰে পুৱা আপুনি কৰা যোগৰ অনুশীলন বা আপোনাৰ নতুন ডিটক্স ডায়েট ৷ অৱশ্যে কি কাৰণত এনেকুৱা লাগি আছে, সেইবোৰক লৈ ইমান ভাবি থাকিব নালাগে, কেৱল এই সুন্দৰ অনুভূতিক উপভোগ কৰি যাওঁক! আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব ৷ এই তজবজীয়া ভাৱৰ কাৰণে আপুনি আজি যি কামৰ দায়িত্ব পাব, সেই কামেই সময়ত শেষ কৰিব পাৰিব আৰু আজি আপোনাৰ মন বৰ উৎফুল্লিত হৈ থাকিব৷ আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ আছে বাবে আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব, যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব ৷ ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে ৷

মিথুন ৰাশি: আজি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ অৱস্থা বৰ ভাল নহয় ৷ আপুনি আজি অশান্তিত থাকিব আৰু প্ৰাণহীন হৈ থাকিব ৷ আপোনাৰ স্বাস্থ্যই, বিশেষকৈ আপোনাৰ চকুৱে আপোনাক কষ্ট দিব পাৰে ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অপ্ৰীতিকৰ হৈ উঠিব পাৰে ৷ আপুনি যিয়ে কয় বা কৰে, সেই বিষয়ে সজাগ থাকক ৷ ভুল বুজাবুজিৰ প্ৰৱল সম্ভাৱনা আছে ৷ অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক ৷ আপোনাৰ আজি আয়ৰ তুলনাত ব্যয় অধিক হ’ব ৷ দুশ্চিন্তাত আপুনি আজি অস্থিৰ আৰু উদ্বিগ্ন হৈ থাকিব ৷ অনাৱশ্যক ব্যয় এৰাই চলিব নোৱাৰিব ৷ কাজিয়া বিবাদত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে তাৰ ফল পাবই পাব ৷

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব ৷ ব্যৱসায়-বাণিজ্যত আপুনি সফলতা আৰু জাগতিক লাভ পাব ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে বা ব্যৱসায় আৰু আনন্দৰ মিশ্ৰণ থকা পাৰ্টি কৰিব পাৰে ৷ পুত্ৰ বা আপোনাৰ কনিষ্ঠসকলৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে আজিৰ দিনটো ভাল ৷ ধ্যান কৰাৰ কাৰণে আজি আপুনি সাগৰৰ পাৰত বা নদীৰ পাৰত যোৱাৰ কথা ভাবিব পাৰে ৷ ধন সংগ্ৰহ, বন্ধুৰ সৈতে সাক্ষাৎ আৰু শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ ৷

সিংহ ৰাশি: আপুনি এজন আকৰ্ষণীয় ব্যক্তি! আপুনি এয়া নিজেও বিশ্বাস কৰে, আৰু এয়া প্ৰতিফলিত হয় মানুহৰ সৈতে আপোনাৰ আচৰণৰ জৰিয়তে ৷ সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে, কিন্তু আজি এই আত্মবিশ্বাসৰ যেন উভৈনদী হোৱা দেখিবলৈ পোৱা যাব ৷ লগতে আপোনাৰ এই উজ্জ্বল গুণাৱলীৰ সৈতে যোগ হ’ব আপোনাৰ প্ৰৱল ইচ্ছাশক্তি ৷ এই দুয়োৰ ঘাতক সংমিশ্ৰণৰ ফলত আপুনি আজি প্ৰায় সকলো ক্ষেত্ৰতো উৎকৰ্ষ লাভ কৰিব ৷ সেয়া শিল্পকলাই হওক বা খেল ধেমালিয়ে হওক বা ব্যৱসায়েই হওক ৷ আপুনি অসাধাৰণ কাম কৰি দেখুৱাব পাৰিব ৷ পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদি সকলৰ যোগ আছে ৷ আজিৰ দিনটোক উপভোগ কৰক! আইনী কাগজপত্ৰ তৈয়াৰ কৰাৰ কাম বা কোনো আমোলাতান্ত্ৰিক কাম শেষ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ৷

কন্যা ৰাশি: আজি আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে ৷ আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন ৷ আজি আপুনি কোনো আত্মীয়ৰ ঘৰতো যোৱাৰ কথা ভাবিব পাৰে, গ’লে আপোনাৰ ভালহে লাগিব ৷ বান্ধৱী আৰু আত্মীয়াৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা প্ৰৱল ৷ তেওঁলোকক লগ ধৰক ৷ আৰু অলপতে লগ নোপোৱা মানুহবোৰকো এৰাই নচলিব ৷ তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ অন্তৰৰপৰা প্ৰয়াস পাওঁক ৷ বিদেশত যোৱাৰ কথা যিসকলে ভাবি আছে, তেওঁলোকৰ বাবে সময়টো অনুকূল ৷ বিদেশত বসবাসকাৰী প্ৰিয়জনৰ পৰা সু-সংবাদ পাব পাৰে ৷ আজি আপোনাৰ ভাই বা ভনীয়ে বিপদৰ পৰা উদ্ধাৰ কৰিব ৷ আৰ্থিক দিশত সকলো বৰ ভালেই থাকিব ৷

তুলা ৰাশি: আজি আপুনি সকলো ধৰণৰ আলাপ-আলোচনাৰ সময়ত নিজৰ উপৰত নিয়ন্ত্ৰণ ৰাখি চলক ৷ আপুনি আজি যিসকলৰ সৈতে কথা পাতিব, তেওঁলোকে আপোনাৰপৰা বহুত কিবা আশা কৰিব বা আপোনাৰ উপৰত প্ৰভাৱ বিস্তাৰৰ চেষ্টা কৰিব ৷ যাৰ ফলত আপোনাৰ খং উঠি যাব পাৰে ৷ এই বিস্ফোৰক ক্ৰোধক নিয়ন্ত্ৰণ কৰিব! লগতে আপোনাৰ মনত চলি থকা বিদ্ৰোহী চিন্তাধাৰা সমূহক আঁতৰ কৰক ৷ অজস্ৰ ভুলৰ পৰা শিক্ষা লৈ নিজক শুধৰাই লওঁক, এয়া আপোনাৰ অধিক পৰিপক্ব আৰু বিবেচক কৰি তুলিব ৷ প্ৰথম দৰ্শনতেই আকৰ্ষণীয় যেন লগা নতুন মানুহক লগ পাব পাৰে ৷ সাৱধান, প্ৰথম দৰ্শনতেই মুগ্ধ হৈ নাযাব, নতুন চিনাকী বিশ্বাসযোগ্য নহ’বও পাৰে ৷ তেওঁলোকে হয়তো আপোনাৰ হতুৱাই এনেকুৱা কাম কৰাই ল’ব, যি আপোনাৰ নীতিৰ বিৰুদ্ধে হ’ব পাৰে ৷ আধ্যাত্মিকতাৰ মাজত শান্তি বিচাৰি লওঁক, ধনসঞ্চয় কৰক ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ স্বাভাৱিক দিনৰ নহয় ৷ বিভিন্ন ধৰণৰ ঘটনা ঘটিব আপোনাৰ লগত আৰু আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব ৷ বন্ধুসকলৰ সংগ উপভোগ কৰিব আৰু তেওঁলোকৰ সৈতে বিলাসী নৈশভোজৰ সৈতে আনন্দ-ফুৰ্তি কৰিব ৷ আজি নিজৰ পছন্দৰ কানি কাপোৰ পিন্ধাৰ নামত ব্যস্ত হৈ থাকিব পাৰে ৷ নিজৰ ৰুচি-পছন্দৰ প্ৰতি যত্নশীল হোৱাৰ সম্ভাৱনা আছে ৷ গাড়ীত উঠি ভ্ৰমণ কৰিলে সুখ-আনন্দ বৃদ্ধি পাব ৷ বিদেশীসকলৰ সৈতে সাক্ষাতত আনন্দ পাব ৷ আত্মীয়-স্বজনৰ সৈতে অনানুষ্ঠানিকভাৱে মিলামিচা হোৱাৰ প্ৰৱল সম্ভাৱনা আছে ৷

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ প্ৰভূত আনন্দ অপেক্ষা কৰি আছে! আপুনি আত্মতুষ্ট হৈ তো থাকিবই লগতে আনৰ প্ৰতিও সন্তুষ্ট হৈ থাকিব ৷ আৰু আপুনি ইতিবাচক মনোভাৱ উপভোগ কৰি থাকিব গোটেই দিনটো ৷ সকলো ধৰণৰ সাংসাৰিক বিষয়ৰ বাবে আজিৰ দিনটো বৰ ভাল ৷ ঘৰৰ পৰিৱেশ আনন্দমুখৰ হৈ থাকিব, যি আপোনাৰ অধিক আনন্দ প্ৰদান কৰিব ৷ স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত আপুনি সম্পূৰ্ণ ইতিবাচক হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত দিনটো অনুকূল আৰু অফিচত আপুনি সকলো কামত উৎকৰ্ষ সাধন কৰিব, আৰু সহকৰ্মীসকলৰপৰা সহযোগিতাও পাব ৷ আৰ্থিক লাভৰ যোগ আছে ৷

মকৰ ৰাশি: গ্ৰহৰ অৱস্থান আজি ভাল নহয় ৷ আজি আপুনি বহুত চিন্তাত থাকিব, ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে ৷ কি কাৰণত এনেকুৱা হৈ আছে সেয়া আপুনি হয়তো নিজেই গম নাপায় ৷ মানসিকভাৱে আপুনি মুঠতে অস্থিৰ হৈ আছে ৷ এই অৱস্থাই আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক নষ্ট কৰি পেলাব ৷ কৰ্মক্ষেত্ৰত বা ঘৰত আপুনি হয়তো কোনো সংঘাতত লিপ্ত হৈ দুশ্চিন্তাত ভুগিব পাৰে ৷ প্ৰতিপক্ষ বা শত্ৰুৰ সৈতে তৰ্কত নোসোমাব ৷ তেওঁলোকে আপোনাক উত্তপ্ত কৰাৰ চেষ্টা কৰিব, কিন্তু আপুনি মূৰ ঠাণ্ডা কৰি ৰাখিব লাগিব ৷ কৰ্মক্ষেত্ৰত কোনো উচ্চপদাধিকাৰী বিষয়াই কোনো বিষয়ক লৈ নিজৰ অসন্তোষ ব্যক্ত কৰিব পাৰে, ইয়াক লৈ আপুনি আৰু অধিক বিৰক্ত হৈ উঠিব ৷ প্ৰিয়জনৰ অনুকূল উপস্থিতিৰ মাজত শান্তি বিচাৰি লওঁক ৷

কুম্ভ ৰাশি: আজি আপুনি আৱেগিক হৈ থাকিব আৰু দুশ্চিন্তাৰ চিকাৰ হ’ব ৷ মানসিক সুখ-শান্তিৰ অভাৱ আপোনাক কষ্ট দি থাকিব ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত সফল হ’ব ৷ আজি আপোনাক যি কাম দিয়া হ’ব, সেই সকলো কামেই আপুনি সময়তে শেষ কৰি ল’ব পাৰিব, যাৰ ফলত সহকৰ্মীসকলৰ মনত আপোনাৰ প্ৰতি শ্ৰদ্ধা বাঢ়িব ৷ মহিলাসকলে নিজৰ শৰীৰ যত্ন লোৱাৰ বাবে কোনো মল বা দোকানত গৈ কচমেটিক্সৰ বস্তু কিনিব পাৰে ৷ তেওঁলোকে অৱশ্যে ব্যয়ৰ উপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব ৷ আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজ পত্ৰক লৈ সাৱধানে থাকিব ৷

মীন ৰাশি: ঈশ্বৰ আজি আপোনাৰ প্ৰতি সদয় ৷ আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব ৷ কৰ্মক্ষেত্ৰত আপুনি অধিকতম উজ্জ্বল হৈ থাকিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত ৷ দাম্পত্য জীৱনত সুখ আৰু শান্তিৰ প্ৰৱল সম্ভাৱনা ৷ বন্ধুসকলৰ সৈতে আনন্দ-ফুৰ্তি কৰাৰ বাবে সৰু-সুৰা ভ্ৰমণৰ যোগ আছে ৷ আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’বই হ’ব ৷ আপোনাৰ প্ৰতিযোগী আৰু শত্ৰুসকলে আপোনাৰপৰা দূৰত থাকিব পাৰে ৷ আপোনাৰ সফলতা নিশ্চিত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.