ETV Bharat / bharat

শান্ত হৈছে 'ডানা'; ভুৱনেশ্বৰ বিমানবন্দৰত আৰম্ভ বিমানৰ চলাচল - CYCLONE DANA HITS ODISHA

Cyclone Dana: নিশাৰে পৰা ওড়িশাৰ উপকূলত তাণ্ডৱ চলোৱা ঘূৰ্ণীবতাহ 'ডানা'ৰ প্ৰকোপ কমিছে । ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্যকলাপ আৰম্ভ ।

Cyclone Dana
শান্ত হৈছে 'ডানা';ভুৱনেশ্বৰ বিমানবন্দৰত আৰম্ভ বিমানৰ চলাচল (PTI)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 12:41 PM IST

ভুৱনেশ্বৰ : ভাৰতীয় বতৰ বিজ্ঞান বিভাগে নিশ্চিত কৰা অনুসৰি ওড়িশা উপকূলত ঘূৰ্ণীবতাহ 'ডানা'ৰ লেণ্ডফল প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে । উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস পাইছে । লগে লগে ওড়িশাত স্বাভাৱিক জীৱন যাত্ৰা পুনৰ আৰম্ভ হৈছে ।

বিমানবন্দৰৰ বিমান পৰিচালনা আৰম্ভ

ইফালে ঘূৰ্ণীবতাহৰ প্ৰকোপ হ্ৰাস হোৱাৰ লগে লগে ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কাৰ্যকলাপো আৰম্ভ হৈছে । শুকুৰবাৰে পুৱা ৮ বজাৰ পৰাই পুনৰ বিমান চলাচল আৰম্ভ কৰিছে বিমানবন্দ কৰ্তৃপক্ষই । বিমানবন্দৰ কৰ্তৃপক্ষই বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিমান পৰিচালনা প্ৰক্ৰিয়া স্থগিত ৰাখিছিল । শুকুৰবাৰে পুৱা ৯ বজালৈকে এই প্ৰক্ৰিয়া বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও বতৰ উন্নত হোৱাৰ বাবে আগতীয়াকৈ বিমানবন্দৰ কৰ্তৃপক্ষই কাম আৰম্ভ কৰে ।

ঘূৰ্ণীবতাহ 'ডানা'ৰ প্ৰকোপ কমিছে

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনাইছে যে পুৱা ৮.২৩ বজালৈকে ঘূৰ্ণীবতাহৰ লেণ্ডফল প্ৰক্ৰিয়া চলি আছিল । এই প্ৰক্ৰিয়াটো আৰু এক বা দুই ঘণ্টা অব্যাহত থাকিব বুলি আশা কৰা হৈছিল যদিও ই উত্তৰ ওড়িশাৰ উত্তৰ-পশ্চিম দিশে আগবাঢ়িছে আৰু ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ ইঙ্গিত দিছিল । বতৰ বিজ্ঞান বিভাগৰ মতে পাৰাদ্বীপৰ ডপলাৰ ৰাডাৰৰ জৰিয়তে পৰিস্থিতিটো নিৰন্তৰ পৰ্যৱেক্ষণত আছে ।

ইফালে ঘূৰ্ণীবতাহ কিছু পৰিমাণে শান্ত হোৱাৰ লগে লগে এনডিআৰএফ আৰু অ'ডিআৰএএফৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । উপকূলীয় জিলাসমূহৰ কিছুমান স্থানত ধুমুহাৰ ফলত গছবোৰ উভালি পৰি পথ বন্ধ হৈছিল । উদ্ধাৰকাৰী দলে পথবোৰ মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ওড়িশাৰ মন্ত্ৰী সূৰ্যবংসী চুৰাহে জনোৱা মতে বৃহৎ ক্ষতি হোৱা নাই যদিও গছ পৰি কিছুমান আন্তঃগাঁথনিৰ ক্ষতি হৈছে । সাগৰীয় ঢৌৰ ফলত কিছুমান নামনি অঞ্চল প্লাৱিত হোৱা বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক :ওড়িশাত ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱ; ঠায়ে ঠায়ে ধুমুহা, বৰষুণ

ঘূৰ্ণীবতাহৰ তাণ্ডৱৰ মাজতে স্থানান্তৰিত ১,৬০০ গৰাকী গৰ্ভৱতীয়ে জন্ম দিলে সন্তান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.