ETV Bharat / bharat

ইম্ফল পশ্চিম আৰু পূব জিলাত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি - Manipur fresh violence

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 3:38 PM IST

Curfew imposed in Manipur: মণিপুৰত আইন-শৃংখলা সম্পৰ্কীয় শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইম্ফল পূব আৰু ইম্ফল পশ্চিম জিলাত জিলা প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছে । স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, পৌৰসভাৰ বিষয়া আৰু কৰ্মচাৰী, শক্তিখণ্ডৰ কৰ্মী, পেট্ৰ’ল পাম্পত কাম কৰা ব্যক্তি, আদালতৰ কৰ্মী, বিমান যাত্ৰী, সংবাদ মাধ্যমকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মীসকলক এই নিৰ্দেশনাৰ পৰা ৰেহাই দিয়া হৈছে ।

Curfew Imposed in Manipur
ইম্ফল পশ্চিম আৰু পূব জিলাত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি (ETV Bharat Assam)

তেজপুৰ, ১০ ছেপ্টেম্বৰ: মণিপুৰত পুনৰবাৰ উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে ইম্ফল পূব আৰু ইম্ফল পশ্চিমৰ জিলা প্ৰশাসনে আইন-শৃংখলাৰ পৰিস্থিতিৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ Section 163 BNSS সান্ধ্য আইন জাৰি কৰিছে ।

ইম্ফল পূব জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ আৰু ইম্ফল পশ্চিম জিলা দণ্ডাধীশে পৃথকে পৃথকে নিৰ্দেশ জাৰি কৰি নিজ নিজ জিলাত চলাচলত বাধা আৰোপ কৰাৰ কথা ঘোষণা কৰে । মঙলবাৰৰ পুৱা ১১ বজাৰ পৰা জাৰি হোৱা সান্ধ্য আইন পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব । অৱশ্যে স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, পৌৰসভাৰ বিষয়া আৰু কৰ্মচাৰী, শক্তিখণ্ডৰ কৰ্মী, পেট্ৰ’ল পাম্পত কাম কৰা ব্যক্তি, আদালতৰ কৰ্মী, বিমান যাত্ৰী, সংবাদ মাধ্যমকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মীসকলক এই নিৰ্দেশনাৰ পৰা ৰেহাই দিয়া হৈছে ।

লগতে পঢ়ক: মণিপুৰত নিৰীহ জনতাৰ মৃত্যু; মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কংগ্ৰেছৰ - Manipur fresh violence

ছাত্র সংগঠনৰ প্ৰতিবাদ:

সোমবাৰে মণিপুৰ ছাত্ৰ সন্থাই হাতে হাতে বেনাৰ লৈ মণিপুৰ দীৰ্ঘজীৱী হওক, ৫০ গৰাকী বিধায়কে পদত্যাগ কৰক, ৰাজ্য চৰকাৰক ইউনিফাইড কমাণ্ডৰ অধ্যক্ষতা দিয়ক, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে সমান্তৰালভাৱে কাম কৰি যাওক আদি শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ ছাত্ৰ সন্থাই ৰাজ্যখনত চলি থকা সমস্যাসমূহৰ প্ৰতি কৰ্তৃপক্ষৰ সঁহাৰিৰ ওপৰত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু অৰ্ধসামৰিক বাহিনীক নীৰৱ দৰ্শক বুলি কটু সমালোচনা কৰে ।

এজন প্ৰতিবাদকাৰীয়ে উল্লেখ কৰে যে মণিপুৰ চৰকাৰে আভ্যন্তৰীণভাৱে স্থানচ্যুত ব্যক্তি আৰু সাহায্য শিবিৰত থকা ছাত্ৰ-ছাত্ৰীক পৰ্যাপ্ত সহায় আগবঢ়োৱাৰ দায়িত্ব ল’ব লাগিব । লগতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু অসম ৰাইফলছক ৰাজ্যখনৰ পৰা শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈও আহ্বান জনায় । ইয়াৰ উপৰিও তেওঁ জনসাধাৰণৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰি নিৰাপত্তা উপদেষ্টা আৰু আৰক্ষী সঞ্চালক প্ৰধানক নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: মণিপুৰত ছাত্ৰ সংগঠনৰ উত্তাল প্ৰতিবাদ : ৫০ বিধায়কৰ পদত্যাগৰ দাবী - Students protests in Manipur

তেওঁ সংবাদ মাধ্যমক কয়, "আমি আমাৰ ঘৰতো নিৰাপদ নহয় ।" আনহাতে প্ৰতিবাদকাৰীসকলে ৰাজ্যপালৰ সৈতে বৈঠকৰ অনুমতি নোপোৱালৈকে ৰাজ্যভৱনৰ গেটৰ সন্মুখতে অৱস্থান কৰে । অসমৰ লগতে অতিৰিক্তভাৱে মণিপুৰৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি মণিপুৰত উপস্থিত থাকে ।

প্ৰতিবাদীকাৰী ছাত্ৰ-ছাত্ৰীসকলে থৌবাল জিলাৰ আয়ুক্ত কাৰ্যালয়তো প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে মণিপুৰ চৰকাৰে ইতিমধ্যে ৯ ছেপ্টেম্বৰ আৰু ১০ ছেপ্টেম্বৰত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে ।

লগতে পঢ়ক: পুনৰ অশান্ত ৰাজ্য : ৯ আৰু ১০ ছেপ্টেম্বৰত বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান - Manipur crisis

কন্দুৱা গেছ নিক্ষেপ :

ইম্ফলৰ ৰাজভৱনৰ সন্মুখত ছাত্ৰসমাজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক ছত্ৰভংগ দিয়াই । ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে কেইবাটাও জটিল বিষয়ত জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দাখিল কৰিছিল । কৰ্তব্য পালনত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য নিৰাপত্তা উপদেষ্টাক শীঘ্ৰে অপসাৰণৰো দাবী জনাই ছাত্ৰ-ছাত্ৰীসকলে । ইয়াৰ পিছতে জিলা দুখনত সান্ধ্য আইন জাৰি কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.