ETV Bharat / bharat

বংগবাসীক বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ প্ৰতিশ্ৰুতি মোদীৰ

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনক লৈ তৎপৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ পশ্চিমবংগৰ কৃষ্ণনগৰৰ বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্প উন্মোচন কৰে মোদীয়ে ৷ তৃণমূল কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ অসংখ্য সুযোগ সৃষ্টি কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান ৷

Crime And Corruption Have Flourished Under TMC's Misrule In Bengal': PM Modi
বংগবাসীক বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ প্ৰতিশ্ৰুতি মোদীৰ
author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 2:24 PM IST

নেশ্যনেল ডেস্ক, 2 মাৰ্চ: শনিবাৰে পশ্চিমবংগৰ কৃষ্ণনগৰৰ বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উন্মোচন কৰাৰ লগতে ৰাজ্যখনত দলীয় প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

কৃষ্ণনগৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে আৰু দলটোৰ নেতৃত্বত অপৰাধ আৰু দুৰ্নীতি বৃদ্ধি হৈছে বুলি দলটোক কটাক্ষ কৰে ৷ লগতে মোদীয়ে তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ উন্নয়নতকৈ দুৰ্নীতি আৰু তেওঁলোকৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়ে বুলি কয় । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে টিএমচি চৰকাৰে ৰাজনৈতিক গাদী দীৰ্ঘ দিন পৰ্যন্ত ধৰি ৰখাৰ বাবে ৰাজ্যবাসীক দৰিদ্ৰ কৰি ৰাখিব বিচাৰিছে । লগতে মোদীৰ নেতৃত্বত পশ্চিমবংগত প্ৰথমখন পূৰ্ণাংগ এইমছ চিকিৎসালয় স্থাপন কৰা হৈছিল বুলিও উল্লেখ কৰে মোদীয়ে ।

সন্দেশখালিত চলি থকা হুলস্থুলৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে টিএমচি দলটোক সমালোচনা কৰি কয় যে সন্দেশখালিৰ মহিলাসকলে ন্যায়ৰ অপেক্ষাত থাকিল যদিও টিএমচি চৰকাৰে তেওঁলোকক আওকাণ কৰিলে । ইয়াৰ উপৰিও তেওঁ দলটোৰ প্ৰতি তীব্ৰ আক্ৰমণাত্মক হৈ কয়," ইয়াত আৰক্ষীয়ে নহয় অপৰাধীয়ে নিজে সিদ্ধান্ত লয় তেওঁলোকে কেতিয়া আত্মসমৰ্পণ কৰিব ।"

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে টিএমচি চৰকাৰে MNREGA ৰ নামতো ৰাজ্যখনত কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ কৰে । মমতা নেতৃত্বাধীন তৃণমূল দলটোৱে বংগৰ ভাবমূর্তি কলংকিত কৰি প্রতিখন আঁচনি কেলেংকাৰীলৈ ৰূপান্তৰিত কৰিছে বুলিও কয় মোদীয়ে ৷ অৱশ্যে অনাগত বছৰবোৰত গেৰুৱা দলটোৱে বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ অসংখ্য সুযোগ সৃষ্টি কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । সেয়েহে প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত মোদীৰ অৱদানক স্বীকৃতি প্ৰদান কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বংগৰ 42 খন আসনতে বিজেপি জিকিব বুলিও কৃষ্ণনগৰৰ বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি দাবী কৰে ৷

লগতে পঢ়ক: আইন শৃংখলা পৰিস্থিতিক লৈ জেএনইউত মমতা বেনাৰ্জী চৰকাৰক কটাক্ষ সুভেন্দু অধিকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.