ETV Bharat / bharat

মণিপুৰ হিংসা সন্দৰ্ভত কেন্দ্ৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ, প্ৰেৰণ কৰিব প্ৰতিনিধি দল - Manipur Violence

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 10:07 PM IST

Congress slams centre over Manipur : কংগ্ৰেছৰ আশংকা, মণিপুৰত শেহতীয়া হিংসাত্মক ঘটনাৰ সময়ত উগ্ৰপন্থীয়ে ড্ৰোন আৰু ৰকেটচালিত গ্ৰেনেডকে ধৰি অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল । আনহাতে, পৰিস্থিতিৰ বুজ ল'বলৈ হিংসাজৰ্জৰ ৰাজ্যখনলৈ এটা প্ৰতিনিধি দল প্ৰেৰণৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে ।

Congress Slams Centre Over Manipur
মণিপুৰ হিংসা সন্দৰ্ভত কেন্দ্ৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ (ETV Bharat File Photo)

নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ : মণিপুৰত শেহতীয়াকৈ সংঘটিত উত্তেজনাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে কংগ্ৰেছে । লগতে শান্তি স্থাপনৰ বাবে সংঘৰ্ষজৰ্জৰ ৰাজ্যখনলৈ শীঘ্ৰেই এটা প্ৰতিনিধি দল প্ৰেৰণৰ কথা বিবেচনা কৰা বুলি উল্লেখ কৰে ।

আনহাতে, সংঘৰ্ষজৰ্জৰ উত্তৰ-পূবৰ ৰাজ্যখনক অৱহেলা কৰাৰ বাবে কেন্দ্ৰক সমালোচনা কৰি কংগ্ৰেছে কয় যে ১৬ মাহ পূৰ্বে ৰাজ্যখনত সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱাৰ পিচত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দুবাৰ মণিপুৰ ভ্ৰমণ কৰিছিল । কিন্তু তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত সময় নাই ।

"মণিপুৰৰ পৰিস্থিতি গুৰুতৰ । ২০২৩ চনৰ মে' মাহৰ পৰা ৰাজ্যখনত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ উপৰি আমি চিন্তিত যে শেহতীয়া অগ্নিকুণ্ডত উগ্ৰপন্থীয়ে ড্ৰোন আৰু ৰকেটচালিত গ্ৰেনেডকে ধৰি অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছে । ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি হৈছে । কিয়নো মণিপুৰ এখন সীমান্তৱৰ্তী ৰাজ্য ।" কংগ্ৰেছৰ মণিপুৰৰ দায়িত্বত থকা গিৰীশ চোদংকাৰে ইটিভি ভাৰতৰ আগত কয় ।

"আমি তৃণমূলৰ পৰিস্থিতি অধ্যন কৰিবলৈ ৰাজ্যখনলৈ এটা প্ৰতিনিধি দল প্ৰেৰণৰ পৰিকল্পনা কৰি আছোঁ । বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনৰ পিচত ৰাজ্যখন ভ্ৰমণ কৰিছিল আৰু তাত দেখিছিল যে শৰণাৰ্থী শিবিৰসমূহত গুৰুতৰ সমস্যা আছে । তাত হাজাৰ হাজাৰ গৃহহীন লোকে এতিয়াও বাস কৰি আছে । আমি আনকি ৰাজ্যপাল অনুসূয়া উইকীকো অৱগত কৰিছিলোঁ । তেওঁ কৈছিল যে ৰাজ্যখনৰ লোকসকল অতি বিচলিত আৰু দুখত আছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক সাক্ষাৎ কৰাটো বিচাৰিছিল ।" তেওঁ কয় ।

কংগ্ৰেছ নেতাগৰাকীয়ে সমস্যাজৰ্জৰ ৰাজ্যখনক অৱহেলা কৰাৰ বাবে কেন্দ্ৰক দোষাৰোপ কৰে ।

"যেতিয়াই এনে লাগে যেন মণিপুৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে, কিন্তু তাত আমি নতুনকৈ হিংসা বৃদ্ধি হোৱা দেখিছোঁ । আনকি সংঘৰ্ষৰ 16 মাহ পাচতো কেন্দ্ৰৰ পৰিস্থিতিৰ ওপৰত কোনো দখল নাই । সংঘৰ্ষ আৰু ইয়াৰ সৈতে জড়িতসকলক চিনাক্ত তথা দমন আৰু পৰিস্থিতি নিয়ন্ত্ৰণত অৱহেলা কৰা সত্ত্বেও ৰাজ্য চৰকাৰক বৰ্খাস্ত কৰা নাই । প্ৰধানমন্ত্ৰী মোদীয়ে এনে ভাও ধৰিছে যেন মণিপুৰ ভাৰতৰ অংশ নহয় । তেওঁ মণিপুৰত হিংসা বন্ধ কৰাত সম্পূৰ্ণ বিফল হোৱাৰ সময়ত ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষত হস্তক্ষেপ কৰাটোকহে তেওঁৰ বাবে অধিক উপযুক্ত হুলি ভাবে ।" চোদংকাৰে লগতে কয় ।

"মণিপুৰৰ প্ৰতি কেন্দ্ৰৰ হাত দাঙি দিয়া দৃষ্টিভংগী অত্যন্ত বিপজ্জনক আৰু ই হিংসাৰ প্ৰতি তেওঁলোকৰ মৌন সমৰ্থনৰ কথা প্ৰকাশ কৰিছে । আমি মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰা, সকলো বিদ্ৰোহীৰ বিৰুদ্ধে সম্পূৰ্ণ অভিযান আৰু চলিত হিংসাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰীক্ষণ কৰা তদন্ত দ্ৰুততাৰে সমাপ্ত কৰাৰ বাবে দাবী জনাইছোঁ । মণিপুৰত শান্তি আৰু স্বাভাৱিক অৱস্থাৰ তাৎক্ষণিক প্ৰয়োজন আছে ।" তেওঁ কয় ।

লগতে পঢ়ক :মণিপুৰত প্ৰতিবাদকাৰীয়ে ফালিলে প্ৰধানমন্ত্ৰীৰ পোষ্টাৰ, ৰাজ্যপালৰ বিশেষ আহ্বান - MANIPUR VIOLENCE
লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণক সন্মানৰ প্ৰশ্ন কৰি তুলিছে : অশোক গেহলট - Manipur Violence row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.