ETV Bharat / bharat

অৰুণাচলক চীনৰ দাবীক গৰিহণা কংগ্ৰেছৰ; চীন সন্দৰ্ভত কেন্দ্ৰৰ নীতিক সমালোচনা - congress slams policy on China - CONGRESS SLAMS POLICY ON CHINA

Congress on Chinese claims on Arunachal : শেহতীয়াকৈ চীনে পুনৰ অৰুণাচল প্ৰদেশক নিজৰ ৰাজ্য বুলি দাবী কৰিছে । ভাৰতীয় ৰাজ্যখনক 'জাংগন- চীনৰ ভূখণ্ডৰ এক অন্তৰ্নিহিত অংশ' বুলি অভিহিত কৰিছে । কিন্তু ভাৰতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । কংগ্ৰেছ সভাপতিগৰাকীয়েও অৰুণাচলৰ এই দাবীক বিৰোধিতা কৰে ।"

অৰুণাচলক চীনৰ দাবীক গৰিহণা কংগ্ৰেছৰ
অৰুণাচলক চীনৰ দাবীক গৰিহণা কংগ্ৰেছৰ
author img

By ANI

Published : Mar 27, 2024, 7:52 AM IST

নিউজ ডেস্ক, ২৭ মাৰ্চ : অৰুণাচল প্ৰদেশ ভাৰতৰ এক অপৰিহাৰ্য আৰু অবিচ্ছেদ্য অংশ । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় ।

"ভাৰতীয় জাতীয় কংগ্ৰেছে অৰুণাচল প্ৰদেশৰ ওপৰত চীনা দাবীৰ যিকোনো ধাৰণাক তীব্ৰ গৰিহণা দিয়ে আৰু বিৰোধিতা কৰে । এটা মাহত এইটো চতুৰ্থবাৰৰ বাবে এনে ঘটনা যে চীনাসকলে তেওঁলোকৰ সৰ্বোচ্চ কাৰ্যালয়ৰ পৰা সম্পূৰ্ণৰূপে অপ্ৰাসংগিক আৰু হাস্যকৰ দাবী কৰিছে ।" মঙলবাৰে এক্সত পোষ্ট মল্লিকাৰ্জুন খাৰ্গেয়ে কয় ।

স্থানসমূহৰ নাম সলনি কৰি আৰু আন দেশৰ অঞ্চলসমূহৰ মানচিত্ৰ পুনৰ অংকন কৰি নিজৰ বুলি দাবী কৰা অযুক্তিকৰ দাবী কৰাৰ ক্ষেত্ৰত চীনৰ অভিলেখ সকলোৱে জানে । কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয় ।

"দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত আমি ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত একেলগে আছোঁ । অৱশ্যে এইটোও উল্লেখ কৰিব লাগিব যে চীনা যুঁজ হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ 'ৰঙা চকু'ৰ ওপৰত কাম নকৰাৰ ফলস্বৰূপে আৰু 2020 চনৰ 19 জুন তাৰিখে গালৱানত চীনক ক্লিন শ্বিট দিয়াৰ ফল, য'ত 20 গৰাকী ভাৰতীয় সাহসী বীৰে দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰিছিল ।" খাৰ্গেয়ে এক্স পোষ্টত কয় ।

তেওঁ অভিযোগ কৰে যে কেন্দ্ৰৰ 'প্লীজ চাইনা পলিচী'য়ে অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাক বিপদত পেলাইছে । "অৰুণাচল প্ৰদেশৰ ওচৰৰ সীমান্তত গাঁও নিৰ্মাণ কৰাই হওক বা সীমান্তৰ ওচৰত বাস কৰা আমাৰ লোকসকলক অপহৰণ কৰাই হওক- মোদী চৰকাৰৰ 'প্লীজ চাইনা পলিচী'য়ে অৰুণাচলত আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাক বিপদত পেলাইছে ।" কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতিগৰাকীয়ে কয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

"লাডাখৰ উপৰি অৰুণাচল প্ৰদেশত 'মোদী কি চাইনিজ গেৰাণ্টি' খেলা হৈছে । আমি এতিয়াও আশা কৰোঁ যে মোদী চৰকাৰে চীনাসকলক তেওঁলোকৰ অতি দুখজনক দাবীক শক্তিশালীভাৱে খণ্ডন কৰিব লাগিছিল । আমি আমাৰ সীমাত শান্তি আৰু শৃংখলতাৰে থাকিব বিচাৰোঁ ।" কংগ্ৰেছ নেতাজনে কয় ।

উল্ললেখ্য যে শেহতীয়াকৈ চীনে পুনৰ অৰুণাচল প্ৰদেশক নিজৰ ৰাজ্য বুলি দাবী উত্থাপন কৰিছে । ভাৰতীয় ৰাজ্যখনক "জাংগন- চীনৰ ভূখণ্ডৰ এক অন্তৰ্নিহিত অংশ' বুলি অভিহিত কৰি চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে বেইজিঙে "ভাৰতৰ দ্বাৰা অবৈধভাৱে স্থাপিত তথাকথিত অৰুণাচল প্ৰদেশ"ক "কেতিয়াও স্বীকাৰ নকৰে আৰু দৃঢ়ভাৱে বিৰোধিতা কৰে ।"

আনহাতে, ভাৰতে পুনৰ অৰুণাচল প্ৰদেশ সন্দৰ্ভত চীনে কৰা 'অযুক্তিকৰ দাবী' আৰু 'ভিত্তিহীন যুক্তি' প্ৰত্যাখ্যান কৰি দাবী কৰিছে যে উত্তৰ-পূবৰ ৰাজ্যখন ভাৰতৰ এক 'অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংশ' ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ১৯ মাৰ্চত এক চৰকাৰী বিবৃতিত উল্লেখ কৰিছিল যে অৰুণাচল প্ৰদেশৰ লোকসকলে ভাৰতৰ উন্নয়নমূলক কাৰ্যসূচী আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰা লাভান্বিত হৈ থাকিব ।

"আমি চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰই অৰুণাচল প্ৰদেশৰ ভূখণ্ডৰ ওপৰত অযুক্তিকৰ দাবী আগবঢ়োৱা মন্তব্যবোৰ মন কৰিছোঁ । এই সন্দৰ্ভত ভিত্তিহীন যুক্তিৰ পুনৰাবৃত্তি কৰিলে এনে দাবীৰ কোনো বৈধতা প্ৰদান নহয় ।" বৌদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় ।

"অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংশ আছিল, হৈ আছে আৰু হৈ থাকিব । ইয়াৰ লোকসকলে আমাৰ উন্নয়ন কাৰ্যসূচী আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰা লাভান্বিত হৈ থাকিব ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

লগতে পঢ়ক :কাৰাগাৰৰ পৰাই এটাৰ পিচত আন এটা নিৰ্দেশনা কেজৰিৱালৰ - Kejriwal Directive From Jail

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.