ETV Bharat / bharat

কেন্দ্ৰীয় বাজেটৰ বিৰুদ্ধে সদনৰ চৌহদত বিৰোধী সাংসদৰ প্ৰতিবাদ - India Budget 2024

author img

By ANI

Published : Jul 24, 2024, 1:59 PM IST

Union Budget 2024: কেন্দ্ৰীয় বাজেটক লৈ সুখী নহয় বিৰোধী ৷ বাজেটখনক বৈষম্যমূলক আখ্যা দি দেশবাসী এই বাজেটক লৈ সুখী নহয় বুলি কয় বিৰোধীয়ে ৷ বুধবাৰে সংসদ চৌহদত বিৰোধী INDIA ব্লকৰ সাংসদসকলে কেন্দ্ৰীয় বাজেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

Compulsion of government visible in Budget" say opposition leaders as INDIA bloc protests Budget
কেন্দ্ৰীয় বাজেটৰ বিৰুদ্ধে সদন চৌহদত বিৰোধী সাংসদৰ প্ৰতিবাদ (ANI)

নেশ্যনেল ডেস্ক, 24 জুলাই: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পিছত বিৰোধীয়ে যৌথভাৱে বুধবাৰে সংসদৰ বাহিৰত বাজেটখন বৈষম্যমূলক আৰু সুদৃষ্টিৰ অভাৱ বুলি অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে মৌলিক সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ বাবে বাজেটত চৰকাৰখনে বাধ্যবাধকতা দেখা গৈছে ।

সাংসদ গৌৰৱ গগৈয়ে কয়, "বাজেটক লৈ দেশবাসী সুখী নহয় । সকলো ৰাজ্যৰ মানুহ বিচলিত কাৰণ বিজেপিয়ে নিজৰ মৌলিক সমস্যা সমাধানত ব্যৰ্থ হৈছে । চৰকাৰৰ বাধ্যবাধকতা এই বাজেটত দেখা গৈছে । INDIA ব্লকে বাজেটত কৰা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে ।"

কংগ্ৰেছ সাংসদ কাৰ্তি চিদাম্বৰমে কয় যে বিত্তমন্ত্ৰীয়ে ঋণ লোৱা ছাত্ৰসকলক সকাহ দিব বুলি আশা কৰা হৈছিল ৷ লগতে, এমএনৰেগাৰ পুঁজিৰ আবণ্টন কমি গৈছে বুলিও চিদাম্বৰমে লগতে কয় ।

কংগ্ৰেছ সাংসদ ৰাজীৱ শুক্লাই কয় যে শাসকীয় দলটোৱে বাজেটত সকলো ৰাজ্যকে উপেক্ষা কৰিছে ৷ কেৱল মাত্ৰ তেওঁলোকৰ মিত্ৰজোঁটৰ অংশীদাৰিত্ব থকা দুখন ৰাজ্যকহে গুৰুত্ব দিছে । সকলো ৰাজ্যকে এৰি দি মাত্ৰ দুখন ৰাজ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ মিত্ৰতা ৰক্ষা কৰিছে বুলি শুক্লাই কয় ।

তেওঁ লগতে কয় যে অৰ্থনৈতিক দীৰ্ঘম্যাদী সুবিধা প্ৰদান কৰা আঁচনি আৰু সংস্কাৰ বাজেটত নোহোৱা হৈছিল ।

কংগ্ৰেছ সাংসদ অমৰিন্দৰ সিং ৰাজা ৱাৰিঙে কয়, "আজি আমি পঞ্জাবক ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদ কৰিছো । অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰক সকলো আবণ্টন দিয়া হৈছে ৷ বান সাহায্যও পঞ্জাৱক দিয়া হোৱা নাছিল । পঞ্জাবে বিজেপিক এখন আসনও নিদিলে আৰু এই কাৰণেই ৰাজ্যখনক আওকাণ কৰা হৈছে ।"

তিৰুৱনন্তপুৰমৰ জ্যেষ্ঠ কংগ্ৰেছ সাংসদ শশী থাৰুৰে কয়, "যদিও কেৰালাই নিজৰ স্বাস্থ্যখণ্ডত কেন্দ্ৰীয় বাজেটৰ অধীনত কিছু আবণ্টন লাভ কৰিব বুলি আশা কৰা হৈছিল, তথাপিও সেয়া কৰা হোৱা নাছিল আৰু একেদৰে আন ৰাজ্যসমূহৰো সমস্যা আছে ।"

কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই কয়, "এই বাজেট কেৱল তেওঁলোকৰ মিত্ৰসকলক সন্তুষ্ট কৰিবলৈ ৷ আন কাকো একো দিয়া নাই ।"

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে দাখিল কৰা কেন্দ্ৰীয় বাজেটৰ বিৰুদ্ধে বুধবাৰে সংসদ চৌহদত বিৰোধী INDIA ব্লকৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, টিএমচিৰ সাংসদ ডোলা সেনক এই প্ৰতিবাদত অংশগ্ৰহণ কৰা দেখা যায় ।

লগতে পঢ়ক: বাজেটত বিমুখ: নীতি আয়োগৰ বৈঠক বৰ্জনৰ সিদ্ধান্ত 4 মুখ্যমন্ত্ৰীৰ - India Budget 2024

কেন্দ্ৰৰ বাজেটত অসমৰ বাবে আছে কি ? বিৰোধীৰ সৰৱ প্ৰতিক্ৰিয়া - INDIA BUDGET 2024

বিত্তমন্ত্ৰীৰ এই বাজেট সম্পূৰ্ণ নিৰাশাজনক: গৌৰৱ গগৈ - India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.