ETV Bharat / bharat

বিহাৰ লোকসভাৰ ৪০ খন আসনতেই জয়লাভৰ দাবী নীতিশ কুমাৰৰ - Nitish Kumar on 2024 lections

Bihar CM Nitish Kumar : বৰ্তমান বিহাৰ বিধানসভাৰ বাজেট অধিবেশন চলি আছে । মঙলবাৰে অধিবেশনৰ দ্বিতীয়টো দিন । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপালৰ ভাষণ প্ৰসংগত বক্তব্য ৰাখি বিৰোধীক তীব্ৰ আক্ৰমণ কৰে । একে সময়তে তেওঁ চৰকাৰৰ কাম-কাজৰো প্ৰশংসা কৰে ।

বিহাৰ লোকসভাৰ ৪০ খন আসনতেই জয়লাভৰ দাবী নীতিশ কুমাৰৰ

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 7:49 PM IST

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : আস্থা ভোটত সফলতাৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক যথেষ্ট আত্মবিশ্বাসী দেখা গৈছে । তাৰ ফলশ্ৰুতিতে বিধানসভাৰ ভাষণত তেওঁ বিৰোধীক আক্ৰমণৰ এটাও সুযোগ এৰি নিদিলে । লালুৰাজৰ পৰা আৰম্ভ কৰি তেওঁৰ কামলৈকে সকলো কথা উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিধানসভা নিৰ্বাচনলৈকে এক ব্লুপ্ৰিণ্টো ৰচনা কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এন ডি এই বিহাৰ লোকসভাৰ ৪০ খন আসনৰ আটাইকেইখন লাভ কৰিব । কেৱল সেয়াই নহয়, 2025 চনৰ বিধানসভা নিৰ্বাচনত 200 খনতকৈও অধিক আসন লাভ কৰিব বুলিও তেওঁ দাবী কৰে ।

"শিক্ষা আৰু স্বাস্থ্য বিভাগত যথেষ্ট কম লোক আছিল । সেই সংখ্যা বৃদ্ধি কৰা হৈছে । ৫ লাখ ৩৩ হাজাৰ যুৱকক চাকৰি দিয়া হৈছে । ইয়াৰ উপৰি সংস্থাপনো প্ৰদান কৰা হৈছে । মহিলাসকলৰ বাবে যথেষ্ট কাম কৰা হৈছে । পঞ্চায়তত মহিলাসকলক ৫০ শতাংশ সংৰক্ষণ দিয়া হৈছে । মহিলাসকলে যথেষ্ট অগ্ৰগতি লাভ কৰিছে ।" নীতিশ কুমাৰে কয় ।

ৰাজ্যপালৰ ভাষণৰ ওপৰত আলোচনা কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে স্বামী-স্ত্ৰীৰ ১৫ বছৰীয়া চৰকাৰৰ দিনত কি কাম কৰা হৈছিল সকলোৱে জানে । আমি আৰম্ভণিৰে পৰা কাম কৰি আছোঁ । আৰক্ষী বাহিনীৰ সংখ্যা কিমান কম আছিল, এতিয়া সেয়া বৃদ্ধি কৰা হৈছে । প্ৰতিটো ক্ষেত্ৰতে কাম কৰি আছোঁ । প্ৰতিটো শ্ৰেণীৰ মানুহক সেৱা কৰি আছে । আমাৰ চৰকাৰে শিক্ষা, স্বাস্থ্য, কৃষিৰ প্ৰতিটো ক্ষেত্ৰতে কাম কৰিছে ।

নীতিশ কুমাৰে কয় যে আইনৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ'ব । আৰু ৫ লাখ যুৱক-যুৱতীক চাকৰি দিয়া হ'ব । এতিয়া যিবোৰ চাকৰি দিয়া হৈছে, সেয়া ইতিমধ্যে এনডিএ চৰকাৰৰ দিনতে সিদ্ধান্ত লোৱা হৈছিল । অৰ্থাৎ নীতিশ কুমাৰে তেজস্বী যাদৱে কৃতিত্ব লোৱাৰ প্ৰতিক্ৰিয়াস্বৰূপে এই মন্তব্য কৰে ।

আনহাতে, নীতিশ কুমাৰে লগতে কয় যে পূৰ্বতে কাৰো ঘৰত শৌচালয় নাছিল । মানুহক ঘৰত শৌচালয় নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত কৰা হৈছিল । হিন্দু আৰু মুছলমানসকলৰ মাজত বহু কাজিয়া হৈছিল । কিন্তু আমি অহাৰ পিছত এতিয়া শান্তি আহিছে । ৮ হাজাৰ ৫১৯ টা কবৰস্থান দখল কৰা হৈছে । হিন্দুসকলৰ মন্দিৰৰ বাবে কাম কৰা হৈছে । পূৰ্বতে মূৰ্তি চুৰি হৈছিল, এতিয়া নহয় । প্ৰতিটো ক্ষেত্ৰতে কাম কৰা হৈছে । দলং-কালভাৰ্টো নিৰ্মাণ কৰা হৈছে । ৫ ঘণ্টাৰ ভিতৰত যিকোনো স্থানৰ পৰা পাটনা গৈ পোৱাৰ লক্ষ্য ৰখা হৈছে ।

লগতে পঢ়ক :গেৰুৱা বসন পিন্ধিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.