ETV Bharat / bharat

উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগ : উদ্ধাৰকাৰ্যত নামিল বায়ুসেনাৰ হেলিকপ্টাৰ - Cloudburst in Uttarakhand

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 11:36 AM IST

Heavy Rain in Kedarghati : কেদাৰ উপত্যকাত ধাৰাসাৰ বৰষুণ এক বৃহৎ দুৰ্যোগ হিচাপে নামি আহিছে । ইয়াৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে । ভূতৰ ওপৰত দানহৰ দৰে লিংচোলিৰ ওচৰৰ জাংগলচাট্টিত ডাৱৰ বিস্ফোৰণৰ ফলত ৰামবাৰা, ভীমবালি, লিনচোলিৰ পথ সম্পূৰ্ণৰূপে অৱৰুদ্ধ হৈ পৰিছে । সাহায্য আৰু উদ্ধাৰকাৰ্যত প্ৰশাসন নিৰন্তৰ নিয়োজিত হৈ আছে । ইফালে আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে চিনুক আৰু এমআই-17 হেলিকপ্টাৰ গৌচৰত উপস্থিত হৈছে ।

Heavy Rain in Kedarghati
উদ্ধাৰকাৰ্যত বায়ুসেনাৰ হেলিকপটাৰ (ETV Bharat)

নিউজ ডেস্ক, 2 আগষ্ট : পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে দেৱভূমি উত্তৰাখণ্ড । ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ কেইবাটাও অঞ্চলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি হৈছে । উত্তৰাখণ্ডৰ কেদাৰ উপত্যকাত বুধবাৰে লিনচোলিৰ ওচৰৰ জাংগলচাট্টিত ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ৰামবাৰালৈ যোৱা পথটো সম্পূৰ্ণৰূপে অৱৰুদ্ধ হৈ পৰে । তেতিয়াৰে পৰা জিলা প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযানত নিৰন্তৰ নিয়োজিত হৈ আছে ।

আনহাতে, উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবৰ বাবে বায়ুসেনাৰ চিনুক আৰু এম আই-17 হেলিকপ্টাৰো শুকুৰবাৰে পুৱা গৌচৰত উপস্থিত হয় । এমআই-17-ৰ দ্বাৰা এটা ৰাউণ্ডত 10 জন লোকক উদ্ধাৰ কৰা হৈছে । ইয়াৰ উপৰি ভীমবালি আৰু লিনচোলিৰ পৰাও যাত্ৰীসকলক বিমানেৰে লৈ যোৱা হৈছে ।

একে সময়তে, চৰাচৰিতো উদ্ধাকাৰ্য দ্ৰুতগতিত চলি আছে । আনহাতে, নিশালৈকে খোজকাঢ়ি সোণপ্ৰয়াগলৈ যোৱা যাত্ৰীসকলক সুৰক্ষিতভাৱে সোণপ্ৰয়াগ বজাৰলৈ লৈ যোৱা হৈছে । ইফালে কেদাৰনাথ যাত্ৰাপথৰ গৌৰীকুণ্ড পোৱাৰ পূৰ্বে মুনকাটিয়াত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । ফলত তাত আৱৰ্জনা আৰু ধ্বংসস্তূপৰ সৃষ্টি হয় । অৱশ্যে কিছু সময়ৰ বাবে উদ্ধাৰকাৰ্য স্থগিত ৰখা হয় যদিও পৰিস্থিতি ঠিক হোৱাত পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয় ।

আনহাতে, কেদাৰনাথৰ পদযাত্ৰা পথৰ বহু ঠাইত ভূমিস্খলনৰ ফলত তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বাবে কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ধাৰাসাৰ বৰষুণৰ ফলত হোৱা দুৰ্যোগ পৰিস্থিতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছে । প্ৰধানমন্ত্ৰীয়ে নিজে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে । আনহাতে, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।

উল্লেখ্য যে বিগত দিনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ যাত্ৰা পথৰ দুখন দলং উটি গৈছে । লগতে গৌৰী কুণ্ডৰ তপটাকুণ্ডত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি হয় । ফলত কেদাৰনাথ ধামলৈ যাত্ৰা বন্ধ কৰা হৈছে । ইয়াৰ উপৰি তেহৰি জাখনিয়ালীত সংঘটিত এক ডাৱৰ বিস্ফোৰণৰ ঘটনাত এখন হোটেল ধ্বংসাৱশেষত পৰিণত হয় । ফলত বহু লোকৰ মৃত্যু হয় । বৰ্তমান ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ ফলত বহু ঠাইত দুৰ্যোগসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :ৱায়নাড়ৰ ভূমিস্খলন : সম্ভাৱ্য কাৰণ কি হ'ব পাৰে ? - Wayanad Tragedy
লগতে পঢ়ক :উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণত নিহত ১৪; স্থগিত কেদাৰনাথ যাত্ৰা - Uttarakhand flood situation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.