ETV Bharat / bharat

দুৰ্ঘটনা নে হত্যা ? জনজাতীয় পৰিয়ালৰ মৃত্যুক লৈ উত্তাল ছত্তীশগড়ৰ ৰাজনীতি - Political row over murder

Political Row in Chhattisgarh: এটা জনজাতীয় পৰিয়ালৰ তিনিগৰাকী সদস্যক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰাৰ পিচত এই ঘটনা হত্যাকাণ্ড বুলি দাবী কৰা হৈছে ৷ এগৰাকী কংগ্ৰেছ বিধায়কে আৰক্ষীক বিপথে পৰিচালিত কৰিব খোজাৰ অভিযোগ উঠিছে ৷

Political row over murder
Political Row in Chhattisgarh
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 5:50 PM IST

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: এটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃত্যুক লৈ গৰম হৈছে ছত্তীশগড়ৰ ৰাজনীতি ৷ কাৱাৰ্ধ জিলাৰ এটা জনজাতীয় পৰিয়ালৰ তিনি সদস্যৰ মৃত্যুক লৈ ব্যাপক ৰাজনৈতিক বিতৰ্ক চলিছে ৰাজ্যখনত ৷ প্ৰথমে ঘটনাটো এটা অগ্নিকাণ্ড বুলি ধাৰণা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াক হত্যাকাণ্ড বুলি বিবেচনা কৰা হয় ৷ ইফালে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এজন কংগ্ৰেছ নেতাই তেওঁলোকক বিপথে পৰিচালনা কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ তুলিছে ৷ এই কাৰ্যক তীব্ৰভাৱে গৰিহনা জনাইছে শাসনাধিষ্ঠ বিজেপি দলে ৷

আনহাতে কংগ্ৰেছে জনজাতীয় সমাজক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে । এই সন্দৰ্ভত এতিয়ালৈকে ১৪ জন লোকক সন্দেহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে । যোৱা ১৫ জানুৱাৰীত কাৱাৰ্ধৰ নগাধৰাত বাইগা জনজাতীয় এটা পৰিয়ালৰ তিনিজন সদস্য বুধৰাম, হিমাৰতি আৰু শিশু জানহু ৰামক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।

তদন্তৰ অন্তত আৰক্ষীয়ে এই ঘটনাক হত্যা বুলি অভিহিত কৰে । জানিব পৰা মতে বুধৰামৰ ৰাজু বাই নাম এজন লোকৰ লগত ভূমি বিবাদ আছিল । ৰাতি পৰিয়ালৰ তিনিওকে হত্যা কৰি তেওঁলোকৰ জুপুৰিটোত জুই লগাই দিয়া হয় । এই গোচৰত গ্ৰেপ্তাৰ হোৱা ১৪ জনৰ ভিতৰত ৰাজুৱে নিজৰ অপৰাধ স্বীকাৰ কৰিছে ।

কাৱাৰ্ধৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে সংবাদমেল অনুষ্ঠিত কৰাৰ পাছত পৰিস্থিতিয়ে বেলেগ ৰূপ ধাৰণ কৰে । পল্লৱে কয় যে, ঘটনাৰ দ্বিতীয় দিনা পাণ্ডাৰীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নীলকান্ত চন্দ্ৰবংশীয়ে এই হত্যাকাণ্ডৰ বিষয়ে জানিব পাৰিছিল । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে প্ৰত্যক্ষদৰ্শীয়ে তেওঁক কৈছিল যদিও, তেওঁ প্ৰত্যক্ষদৰ্শীজনক আৰক্ষীক এই বিষয়ে ক’বলৈ বাধা দিছিল ।

এই অভিযোগ খণ্ডন কৰি কংগ্ৰেছ নেতা নীলকান্ত চন্দ্ৰবংশীয়ে এছ পিৰ অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰে । ইতিমধ্যে এই গোচৰটোক দুৰ্ঘটনা বুলি অভিহিত কৰা হৈছে বুলি উল্লেখ কৰি কংগ্ৰেছে প্ৰতিবাদ আৰম্ভ কৰাৰ পিছতহে আৰক্ষীয়ে সক্ৰিয় হোৱা বুলি দাবী কৰে বিধায়কগৰাকীয়ে । "মোৰ ওপৰত তথ্য লুকুৱাই আৰক্ষীক বিপথে পৰিচালিত কৰাৰ অভিযোগ কেনেকৈ আৰক্ষী অধীক্ষকে কৰিব পাৰে ?" চন্দ্ৰবংশীয়ে প্ৰশ্ন কৰে ।

পাণ্ডাৰিয়াৰ বিজেপি বিধায়ক ভাৱনা বোহৰাই কংগ্ৰেছক আৰক্ষীক বিপথে পৰিচালিত কৰি ৰাজনীতি কৰা বুলি সমালোচনা কৰে । বিধায়কগৰাকীয়ে কয়, "জনজাতীয় পৰিয়ালটোৰ মৃত্যু অতি দুখজনক আৰু ইয়াক লৈ ৰাজনীতি কৰাটো দুৰ্ভাগ্যজনক । কোনো দলে এনে ৰাজনীতি কৰিব নালাগে ।"

আনহাতে, কংগ্ৰেছে বাইগা সম্প্ৰদায়ৰ লোকক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে । কংগ্ৰেছ বিধায়কসকলে বিধানসভাত হুলস্থুলৰ সৃষ্টি কৰি উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মাৰ পদত্যাগৰ দাবী জনায় ।

লগতে পঢ়ক: আইন শৃংখলা পৰিস্থিতিক লৈ জেএনইউত মমতা বেনাৰ্জী চৰকাৰক কটাক্ষ সুভেন্দু অধিকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.