ETV Bharat / bharat

প্ৰতিবছৰে ২৫ জুনত 'সংবিধান হত্যা দিৱস' পালনৰ সিদ্ধান্ত কেন্দ্ৰৰ - June 25 Samvidhaan Hatya Diwas

author img

By ANI

Published : Jul 12, 2024, 6:58 PM IST

June 25 Samvidhaan Hatya Diwas : দিৱসটো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত লিখিছে, "১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্বৈৰাচাৰী মানসিকতাৰ নিৰ্লজ্জ প্ৰদৰ্শন কৰি দেশৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দি আমাৰ গণতন্ত্ৰৰ আত্মাক শ্বাসৰুদ্ধ কৰিছিল । লাখ লাখ লোকক বিনা দোষত কাৰাৰুদ্ধ কৰিছিল আৰু সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰিছিল ।"

June 25 Samvidhaan Hatya Diwas
প্ৰতিবছৰে ২৫ জুনত 'সংবিধান হত্যা দিৱস' পালনৰ সিদ্ধান্ত কেন্দ্ৰৰ (ANI Photo)

নিউজ ডেস্ক, ১২ জুলাই : ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাত ক্ষমতাৰ ব্যাপক অপব্যৱহাৰৰ বিৰুদ্ধে যিসকলে যুঁজ দিছিল আৰু উৎপীড়নৰ বলি হৈছিল, তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে ২৫ জুন তাৰিখটোক 'সংবিধান হত্যা দিৱস' হিচাপে ঘোষণা কৰিছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক ৰাজপত্ৰিত অধিসূচনাত এই ঘোষণা কৰে । অধিসূচনাত উল্লেখ কৰা হয়- "১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল । ইয়াৰ পিচত তদানীন্তন চৰকাৰে ক্ষমতাৰ ব্যাপক অপব্যৱহাৰ কৰিছিল আৰু ভাৰতীয়সকল অত্যাচাৰ আৰু উৎপীড়নৰ সন্মুখীন হৈছিল" ।

জাননীখনত লগতে লিখা হৈছে, "আনহাতে, ভাৰতৰ জনসাধাৰণৰ ভাৰতৰ সংবিধান আৰু ভাৰতৰ স্থিতিস্থাপক গণতন্ত্ৰৰ শক্তিৰ ওপৰত স্থায়ী বিশ্বাস আছে; সেয়েহে, জৰুৰীকালীন অৱস্থাত ক্ষমতাৰ ব্যাপক অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু পীড়িত সকলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আৰু ভৱিষ্যতে ভাৰতৰ জনসাধাৰণক এনেধৰণৰ ক্ষমতাৰ অপব্যৱহাৰক সমৰ্থন নকৰিবলৈ পুনৰ প্ৰতিশ্ৰুতি দিবলৈ ভাৰত চৰকাৰে ২৫ জুনক 'সংবিধান হত্যা দিৱস' হিচাপে ঘোষণা কৰে" ।

আনহাতে, জাননী জাৰি হোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত পোষ্ট কৰে, "১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্বৈৰাচাৰী মানসিকতাৰ নিৰ্লজ্জ প্ৰদৰ্শন কৰি দেশৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দি আমাৰ গণতন্ত্ৰৰ আত্মাক শ্বাসৰুদ্ধ কৰিছিল । লাখ লাখ লোকক বিনা দোষত কাৰাৰুদ্ধ কৰিছিল আৰু সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰিছিল ।"

তেনে পৰিপ্ৰেক্ষিততেই ভাৰত চৰকাৰে প্ৰতিবছৰে ২৫ জুন তাৰিখটোক 'সংবিধান হত্যা দিৱস' হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে । উল্লেখ্য, এই দিনটোত ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ অমানৱীয় বেদনা সহ্য কৰা সকলো লোকৰ অৱদানক ব্যাপকভাৱে স্মৰণ কৰা হ'ব । "৪৯ বছৰ পূৰ্বে ২৫ জুনত ইন্দিৰা গান্ধীৰ চৰকাৰে দমনৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল, লাখ লাখ লোকক যুক্তিহীনভাৱে কাৰাবন্দী কৰিছিল আৰু সংবাদ মাধ্যমক কণ্ঠৰোধ কৰিছিল । জৰুৰীকালীন অৱস্থাই নাগৰিকসকলক তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছিল আৰু দেশৰ গণতান্ত্ৰিক গাঁথনিক দুৰ্বল কৰি তুলিছিল ।" জাননীখনত কোৱা হৈছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নতুন অধিসূচনা অনুসৰি, 'সংবিধান হত্যা দিৱস'-এ 1975 চনৰ জৰুৰীকালীন অৱস্থাত ভাৰতৰ গণতন্ত্ৰৰ বাবে যুঁজ দিয়াসকলৰ সংগ্ৰাম আৰু ত্যাগৰ এক গাম্ভীৰ্যপূৰ্ণ স্মাৰক হিচাপে কাম কৰিব । এই দিৱসটোৱে উৎপীড়নৰ সন্মুখীন হোৱাকসলৰ সাহসিকতা আৰু সহ্য গুণক স্মৰণ কৰা হ'ব, যাতে ভৱিষ্যৎ প্ৰজন্মই গণতান্ত্ৰিক মূল্যবোধ বজাই ৰখা আৰু সংবিধান সুৰক্ষাৰ গুৰুত্বৰ কথা মনত ৰাখে ।

লগতে পঢ়ক :জৰুৰীকালীন অৱস্থাৰ ৪৯ বছৰ : বিজেপিৰ ক’লা দিৱস পালন - Black day observe by BJP
লগতে পঢ়ক :শিৱসাগৰত বিজেপিয়ে পালন কৰিলে ক’লা দিৱস - Black Day Observe By BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.