ETV Bharat / bharat

CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা - CBSE DATE SHEET 2025

ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব দশম আৰু দ্বাদশৰ CBSE ৰ পৰীক্ষা । ব’ৰ্ডে জাৰি কৰা এক অধিসূচনাত উল্লেখ কৰিছে এই তথ্য ৷

CBSE class 10th and 12th exams
CBSE য়ে প্ৰকাশ কৰিলে দশম আৰু দ্বাদশ পৰীক্ষাৰ তাৰিখ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 1:14 PM IST

নতুন দিল্লী : ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৷ বুধবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) ঘোষণা কৰে এই তথ্য ৷ বুধবাৰে নিশা জাৰি কৰা এক অধিসূচনাত ব’ৰ্ডে উল্লেখ কৰে যে ১৮ মাৰ্চত দশম শ্ৰেণীৰ পৰীক্ষা শেষ হোৱাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ২০২৫ চনৰ ৪ এপ্ৰিলত শেষ হ’ব ।

CBSE ৰ পৰীক্ষা নিয়ন্ত্ৰক সনয়ম ভৰদ্বাজে কয়, "দুয়োটা বিষয়ৰ মাজত পৰ্যাপ্ত ব্যৱধান দিয়া হৈছে । কমেও ৪০ হাজাৰ বিষয়ৰ সংমিশ্ৰণৰ (Combinations) কথা মনত ৰাখি পৰীক্ষাসূচী প্ৰস্তুত কৰা হৈছে, যাতে শিক্ষাৰ্থীয়ে বাছি লোৱা বিষয় দুটা একেটা তাৰিখত নপৰে ।" প্ৰথমবাৰৰ বাবে পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ৮৬ দিন পূৰ্বে পৰীক্ষাসূচী মুকলি কৰা হৈছে ।

  • পৰীক্ষাসূচী প্ৰস্তুত কৰাৰ সময়ত তলত দিয়া কথাবোৰ মনত ৰখা হৈছে :-
  1. সাধাৰণতে দুয়োটা শ্ৰেণীতে এজন ছাত্ৰই লোৱা বিষয় দুটাৰ মাজত পৰ্যাপ্ত ব্যৱধান দিয়া হয় ৷
  2. দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশ পৰীক্ষাৰ তাৰিখৰ ওপৰত ভিত্তি কৰি, প্ৰৱেশ পৰীক্ষাৰ বহু আগতেই এই পৰীক্ষা সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হৈছে । ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে ব’ৰ্ড আৰু প্ৰৱেশ পৰীক্ষাৰ বাবে উপযুক্ত সময় পাব পাৰে ।
  3. মূল্যায়নৰ সময়ত সকলো বিষয়ৰ শিক্ষকে একেলগে আৰু অধিক সময়ৰ বাবে বিদ্যালয়ৰ পৰা আঁতৰি নাথাকিব ।
  4. ৪০ হাজাৰৰো অধিক বিষয়ৰ সংমিশ্ৰণৰ কথা মনত ৰাখি পৰীক্ষাসূচী প্ৰস্তুত কৰা হৈছে, যাতে এজন ছাত্ৰই আগবঢ়োৱা দুটা বিষয়ৰ পৰীক্ষা একে তাৰিখত অনুষ্ঠিত নহয়।
  5. পুৱা ১০.৩০ বজাৰ পৰা (ভাৰতীয় সময় মতে) পৰীক্ষা আৰম্ভ হ’ব ।
  • পৰীক্ষাসূচী আগতীয়া জাৰি কৰাৰ ফলত উপলব্ধ হ'ব পৰা সুবিধাসমূহ :
  1. ছাত্ৰ-ছাত্ৰীসকলে আগতীয়াকৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব পাৰিব, যাৰ ফলত পৰীক্ষাৰ বাবে থকা মানসিক হেঁচা কিছু পৰিমাণে দূৰ হ’ব ৷ লগতে পৰীক্ষাত তেওঁলোকৰ প্ৰদৰ্শন উন্নত হ’ব ।
  2. পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰিয়াল আৰু শিক্ষকসকলে পৰীক্ষাৰ তাৰিখ আৰু মূল্যায়নৰ সময়সূচী চাই গ্ৰীষ্মকালীন ছুটীৰ সময়ত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰিব ।
  3. শিক্ষকসকল বেছি দিন বিদ্যালয়ৰ পৰা দূৰত নাথাকিব ৷ ফলত নন-ব’ৰ্ড ক্লাছত পঢ়া-শুনাত অসুবিধাৰ সন্মুখীন নহ’ব ।
  4. সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে দুটা বিষয়ৰ পৰীক্ষাৰ মাজত যথেষ্ট ব্যৱধান থাকিব ৷ ইয়াৰ দ্বাৰা পৰৱৰ্তী বিষয়ৰ পৰীক্ষাৰ বাবেও ভালদৰে প্ৰস্তুতি চলোৱাত সহায়ক হ’ব ।
  5. বিদ্যালয় আৰু ব’ৰ্ডে শ্ৰেণীৰ বাবে ভাল পৰিকল্পনা কৰিব পাৰিব ৷
  6. পৰীক্ষা কেন্দ্ৰৰ বাবে বিদ্যালয়সমূহে নিজ নিজ বিদ্যালয়ৰ কাম-কাজৰ পৰিকল্পনা কৰিবলৈ পৰ্যাপ্ত সময় পাব ।

CBSE ৰ অফিচিয়েল ৱেবছাইট cbse.gov.in ৰ পৰা পৰীক্ষাসূচী চাব আৰু ডাউনলোড কৰিব পাৰিব ।

লগতে পঢ়ক: শ্ৰেণীকোঠাত ৭৫ শতাংশ উপস্থিতি নাথাকিলে পৰীক্ষাত বহিব নোৱাৰিব CBSE ৰ ছাত্ৰ-ছাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.