ETV Bharat / bharat

কৃষকৰ আন্দোলনে প্ৰভাৱিত কৰিব পাৰে CBSE ৰ পৰীক্ষাক; ব’ৰ্ডৰ নিৰ্দেশনা জাৰি

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 10:27 PM IST

CBSE board issued advisory letter: অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ মূল পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত ব’ৰ্ডে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীলৈ এখন পৰামৰ্শ পত্ৰ প্ৰেৰণ কৰিছে । য’ত পৰীক্ষাৰ নিৰ্ধাৰিত সময়ৰ আধা ঘণ্টা আগতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছে ।

CBSE issued advisory letter
CBSE board issued advisory letter

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী: ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ মূল পৰীক্ষা । দিল্লীৰ যান-বাহনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে বিদ্যালয়, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এখন পৰামৰ্শ পত্ৰ জাৰি কৰিছে । য'ত সকলো ছাত্ৰ-ছাত্ৰীক পুৱা ১০ বজা বা তাৰ আগতে নিজৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে ।

CBSE exams
CBSC ব’ৰ্ডৰ নিৰ্দেশনা

দিল্লীৰ বৰ্তমান পৰিস্থিতিয়ে যাতায়ত সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে । ইয়াৰ বাবে পৰীক্ষা কেন্দ্ৰত উপনীত হোৱাত পলম হ’ব পাৰে । সেয়ে CBSE ৰ নিৰ্দেশনা অনুসৰি সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব পৰাকৈ সকলো ছাত্ৰ-ছাত্ৰীক সোনকালে ঘৰৰ পৰা ওলাই যাবলৈ পৰামৰ্শ দিয়া হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

CBSEৰ পৰামৰ্শ পত্ৰত আৰু লিখা আছে যে পৰীক্ষা কেন্দ্ৰলৈ যাবলৈ মেট্ৰ’ সেৱা ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে জামৰ পৰা হাত সাৰিব পাৰিব । সকলো মেট্ৰ’ সেৱা সুকলমে চলি আছে । ইয়াৰ উপৰিও CBSE এ সমগ্ৰ ভাৰতৰ লগতে অন্যান্য দেশত বসবাস কৰা চিবিএছইৰ সকলো ছাত্ৰ-ছাত্ৰীক স্থানীয় পৰিস্থিতি, যান-বাহন, বতৰৰ পৰিস্থিতি, দূৰত্ব আদিৰ কথা মনত ৰাখি পুৱা ১০.০০ বজাৰ বা তাৰ আগতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ অনুৰোধ জনাইছে ।

পুৱা ১০ বজাৰ ভিতৰত কেৱল সেইসকল ছাত্ৰ-ছাত্ৰীয়েহে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব, যি সময়ত গৈ উপস্থিত হ’ব । ইয়াৰ পিছত কোনো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰিব ।

CBSE ৰ পৰামৰ্শত সকলো বিদ্যালয়কে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক সহায় আৰু পথ প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছে । ছাত্ৰ-ছাত্ৰীসকলে এই পৰামৰ্শটো মনত ৰাখিব লাগে যাতে সকলো পৰীক্ষাৰ দিনত আগতে বা সময়মতে উপস্থিত হৈ সহজে পৰীক্ষা দিব পাৰে ।

উল্লেখযোগ্য যে এইবাৰ ভাৰতৰ উপৰিও বিদেশৰ ২৬ খন ৰাষ্ট্ৰৰ ৩৯ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে CBSE পৰীক্ষাত অৱতীৰ্ণ হ’ব । দিল্লীৰ ৮৭৭ টা পৰীক্ষা কেন্দ্ৰৰ পৰা ৫,৮০,১৯২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ব ।

লগতে পঢ়ক: পদযাত্ৰাৰ বাবে সংকল্পবদ্ধ কৃষক; কঠোৰ নিৰাপত্তাৰ অধীনত দিল্লী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.