নিউজ ডেস্ক, ২৩ জুন: বিহাৰৰ নৱাদাত চিবিআই আৰু স্থানীয় আৰক্ষীৰ দলক আক্ৰমণ কৰে গাঁওবাসীয়ে । ভুৱা আখ্যা দি তদন্তকাৰী দলটোক আক্ৰমণ কৰা হয় । চিবিআইৰ দলটোৰ বাহনখনৰ চালকক বেয়াকৈ প্ৰহাৰ কৰে উত্তেজিত লোকে । জিলাখনৰ ৰজাউলী থানাৰ অধীনৰ মুৰহেনা-কাছিয়াদিহত সংঘটিত হৈছে এই ঘটনা । এই সন্দৰ্ভত ৰজাউলী থানাত এফআইআৰ দাখিল কৰা হৈছে, য’ত ৮ জন লোকৰ নাম উল্লেখ কৰা হৈছে । ১৫০-২০০ লোকক প্ৰাথমিক অভিযুক্ত কৰা হৈছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজন অভিযুক্তক ।
লগতে পঢ়ক: NEET বিতৰ্ক: ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ নেতৃত্বত গঠন উচ্চ পৰ্যায়ৰ সমিতি - NEET ROW
কি হৈছিল ঘটনাটো: শনিবাৰে প্ৰায় ৪ বজাত নৱাদা আৰক্ষী বাহিনীৰ সৈতে চিবিআইৰ দলটোৱে মুৰহেনাৰ কাছিয়াদিহ গাঁৱৰ নিবাসী ফুলচাঁদ প্ৰসাদ আৰু তেওঁৰ পত্নী ববিতা দেৱীৰ ঘৰত তালাচী চলাই উভতি আহিছিল । এই সময়ছোৱাত পৰিয়ালৰ লোকৰ লগতে প্ৰায় ২০০-৩০০ জন লোকৰ সমাগম ঘটে সেই স্থানত । অসামৰিক সাজ-পোছাক পৰিধান কৰা চিবিআইৰ দলটোক ভুৱা আখ্যা দি ঘেৰি ধৰিলে লোকসকলে । চিবিআইৰ বিষয়াসকলে পৰিচয় পত্ৰ দেখুৱাইছিল যদিও উত্তেজিত দলটো পতিয়ন যোৱা নাছিল । নৱাদা নগৰ থানাৰ এগৰাকী মহিলা কনিষ্টবল কাজল কুমাৰীয়েও দলটোক পতিয়ন নিয়াবলৈ চেষ্টা কৰে । কিন্তু ভিৰৰ মাজত মানুহবোৰে তেওঁলোকৰ কথা নুশুনি অভব্য আচৰণ কৰিবলৈ ধৰিলে ।
ৰজাউলী থানাৰ পৰা আহি পালে আৰক্ষী: এই সন্দৰ্ভত চিবিআইৰ দলে ৰজাউলী থানাৰ আৰক্ষীক খবৰ দিয়ে । ৰজাউলী থানাৰ পৰা আৰক্ষী বাহিনী অহাৰ পাচতহে পৰিস্থিতি স্বাভাৱিক হৈ পৰে । এই আক্ৰমণত চিবিআইৰ দলৰ গাড়ী চালক সঞ্জয় ছোনী আহত হোৱাৰ বিপৰীতে এজন বিষয়াৰ চাৰ্ট ফাটি যায় । মহিলা কনিষ্টবলগৰাকীৰ প্ৰতি অপমানজনক ভাষা ব্যৱহাৰ কৰে মুৰহেনা পঞ্চায়তৰ ১৬ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ মিথিলেশ প্ৰসাদে । চিবিআইৰ বিষয়াসকলকো গালি-গালাজ কৰে লোকসকলে ।
লগতে পঢ়ক: পিছুৱাই দিয়া হ’ল NEET-PG পৰীক্ষা, শীঘ্ৰেই ঘোষণা হ’ব নতুন তাৰিখ - NEET PG examination
কিহৰ অনুসন্ধানত গৈছিল চিবিআইৰ দল: কোৱা হৈছে যে UGC NET ৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এজন যুৱকৰ তথ্য মতে কাছিয়াদিহৰ এগৰাকী যুৱতীৰ সন্ধানত চিবিআইৰ দলে অভিযান চলাইছিল ৷ অভিযান কালত চিবিআইৰ দলটোৱে দুটাকৈ মোবাইল ফোনৰ লগতে কিছুমান বেংকৰ পাছবুক আৰু UGC NET ৰ সৈতে জড়িত কিছু নথি-পত্ৰ উদ্ধাৰ কৰে । অৱশ্যে নৱাদা আৰক্ষীয়ে জনোৱা মতে, চিবিআইৰ দলটোৱে দুটা মোবাইল ফোন জব্দ কৰি লগত লৈ গৈছে ।
"চিবিআই আৰু আৰক্ষী দলৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত এফআইআৰ ৰুজু কৰা হৈছে । এগৰাকী যুৱতীসহ মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । আটক কৰা লোকসকলৰ ভিতৰত আছে এগৰাকী মহিলা, ৰাজকুমাৰ কুমাৰ, লালন কুমাৰ আৰু কাছিয়াদিহ গাঁৱৰ বাসিন্দা অমৰজীত কুমাৰ । সকলোকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।"- ৰাজেশ কুমাৰ, আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৷
লগতে পঢ়ক: নীট বিতৰ্কৰ মাজতে এইবাৰ বাতিল UGC-NET পৰীক্ষা - NTA Cancels UGC NET