ETV Bharat / bharat

তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত সন্ত্ৰাসবাদীৰ গুলীচালনা: 9 জন নিহত, 33 জন আহত - Terrorists Attack

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 9:25 PM IST

Terrorists Attack in Jammu and Kashmir : শিৱ খোৰি মন্দিৰলৈ যোৱাৰ পথত তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখন পনি অঞ্চলৰ তেৰিয়াথ গাঁৱত আক্ৰমণৰ বলি হয় ৷ এই আক্ৰমণত 9 জন লোক নিহত হৈছে ৷

TERRORISTS ATTACK
তীৰ্থযাত্ৰী কঢিয়াই নিয়া বাছত সন্ত্ৰাসবাদীৰ গুলীচালনা (ETV BHARAT)

নেশ্যনেল ডেস্ক, 9 জুন : এক শোকাৱহ ঘটনাত 9 জন লোক নিহত হোৱাৰ লগতে 33 জন লোক আহত হৈছে ৷ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত দেওবাৰে সংঘটিত হয় এই ঘটনা ৷

জানিব পৰা মতে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ ফলত তীৰ্থ যাত্ৰী কঢ়িয়াই অনা এখন বাছ গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত কমেও 9 জন লোক নিহত হোৱাৰ লগতে 33 জন আহত হয় ৷

সংবাদ সংস্থা পি টি আইয়ে ৰিয়াছিৰ এছ এছ পি মোহিতা শৰ্মাৰ উদ্ধৃতিৰে কয়- "সন্ত্ৰাসবাদীয়ে তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছত গুলীচালনা কৰে, 9 জন লোক নিহত আৰু 33 জন আহত হয় ৷" শিৱ খোৰী মন্দিৰলৈ যাওঁতে তীৰ্থযাত্ৰীসকলক লৈ যোৱা বাছখন পোনি অঞ্চলৰ তেৰিয়াথ গাঁৱত আক্ৰমণৰ সন্মুখীন হৈছিল বুলি সূত্ৰই কয় ৷ ঘটনাৰ পিচত এটা উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল আৰু আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছিল বুলি কয় তেওঁলোকে ৷ ঘটনা সন্দৰ্ভত অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে ৷

লগতে পঢ়ক : চীনৰ ভাবুকিক প্ৰত্যাহ্বান; চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰ অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’ব ফ্ৰন্টিয়াৰ হাইৱে - Frontier Highway in Arunachal Pradesh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.