ETV Bharat / bharat

অৰ্ধশতাধিক বিমান আৰু একুৰিৰো অধিক হোটেললৈ বোমাৰ ভাবুকি - BOMB THREATS TO FLIGHTS

দেওবাৰে ভাৰতীয় বিমান সংস্থাৰ কমেও ৫০ খন বিমানে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে ৷ বহুকেইখন হোটেললৈও আহিছে ভাবুকি ৷

BOMB THREATS TO FLIGHTS
বিমান আৰু হোটেললৈ বোমাৰ ভাবুকি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 10:54 PM IST

হায়দৰাবাদ: যাত্ৰীবাহী বিমানলৈ ভাবুকি প্ৰদানৰ ঘটনা অব্যাহত আছে ভাৰতত ৷ দেওবাৰেও প্ৰায় 50 খন বিমানলৈ আহিল বোমাৰ ভাবুকি ৷ ইয়াৰে দুখন বিমান গন্তব্যস্থানৰ বিপৰীতে আন ঠাইলৈ ঘূৰাই পঠোৱা হয় বুলি এক সূত্ৰই জনাইছে ৷ যোৱা দুসপ্তাহত কমেও 350 খন বিমানলৈ এইদৰে বোমাৰ ভাবুকি আহিছে ৷ সামাজিক মাধ্যমৰ যোগেদি এই ভাবুকিসমূহ প্ৰদান কৰি থকা হৈছে ৷

বেংগালুৰুৰ পৰা অযোধ্যালৈ অহা আকাছা এয়াৰলাইন্সৰ বিমানখনে বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পাছতে কৰ্তৃপক্ষ সতৰ্ক হয় । লগতে বেংগালুৰুৰ পৰা গোৰখপুৰলৈ অহা আন এখন বিমানখনলৈও বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ পাছত আতংকৰ সৃষ্টি হয় ।

বেংগালুৰুৰ পৰা অযোধ্যালৈ অহা বিমানত বোমা বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগক সতৰ্ক কৰি দিয়া হয় । বিমানখনে অৱতৰণ কৰাৰ পাছতে বোমা নিষ্কাশন দলটোৱে তদন্ত আৰম্ভ কৰে । যাত্ৰীসকলকো পৰীক্ষা কৰা হয় । বৰ্তমান সময়ত কোনো ধৰণৰ ভাবুকিৰ সন্ধান পোৱা নাই । অৱশ্যে তদন্ত অব্যাহত আছে ।

আকাছা এয়াৰৰ প্ৰায় ১৫ খন বিমানে নিৰাপত্তা সতৰ্কবাণীৰ সন্মুখীন হোৱাত সকলো বিমানৰে পৰীক্ষা চলোৱা হয় ৷ তাৰ পাছত অভিযানৰ বাবে মুকলি কৰি দিয়া হয় । সূত্ৰ অনুসৰি ইণ্ডিগ’ই ১৮ খন বিমানৰ আৰু ভিষ্টাৰাই ১৭ খন বিমানৰ প্ৰতি ভাবুকি লাভ কৰিছিল ।

আনহাতে, দেওবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ৯খন হোটেললৈ আহে বোমা বিস্ফোৰণৰ ভাবুকি । এই আটাইকেইখন হোটেললৈ আহিছিল ভাবুকিপূৰ্ণ মেইল । হোটেল অপাৰেটৰৰ পৰা ৫০ লাখ টকা দাবী কৰিছিল মেইলাৰে । ভাবুকিত উল্লেখ কৰা হৈছিল যে হোটেলবোৰৰ মজিয়াত ক’লা বেগত লুকুৱাই ৰখা হৈছে বোমা । লক্ষ্ণৌ আৰক্ষীয়ে মেইল ​​প্ৰেৰকজনৰ আই পি ঠিকনা বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে ।

মেইল প্ৰেৰকজনে তেওঁৰ দাবী স্বীকাৰ নকৰিলে হোটেলসমূহ উৰুৱাই দিয়াৰ ভাবুকি দিছে । এখন হোটেলত বোমা বিস্ফোৰণৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু বোমা নিষ্কাশন দলটোৱে সেই স্থানত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে । আৰক্ষীয়ে জনোৱা মতে, ভাবুকিপূৰ্ণ মেইল ​​লাভ কৰা হোটেলসমূহৰ ভিতৰত আছে লেমন ট্ৰি, চাৰ্কা, পিকাডিলি, মেৰিয়েট, কম্ফৰ্ট ভিষ্টা, ফৰ্চুন, ক্লাৰ্ক অৱধ, দয়াল গেটৱে আৰু কাছা ।

ইফালে দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, তিৰুপতি চহৰৰ প্ৰায় ডেৰ ডজন হোটেললৈ বিগত তিনিদিনত ইমেইলযোগে ভুৱা বোমাৰ ভাবুকি প্ৰদান কৰা হৈছে ৷ আৰক্ষীয়ে এনে অভিযোগ পোৱাৰ লগে লগে নিৰ্দিষ্ট হোটেলকেইখন খালী কৰে আৰু বোমা নিষ্কাশন দলে তালাচী চলায় ।

তিৰুপতিৰ আৰক্ষী অধীক্ষক এল চুববাৰায়ুডুৱে পিটিআইক জনায় যে, "আমি অভিযোগ পোৱাৰ লগে লগে দ্ৰুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলো আৰু আমাৰ দলসমূহে পুংখানুপুংখ তদন্ত কৰিছিল । কিন্তু সেইবোৰ (ইমেইল ভাবুকি) ভুৱা বুলি প্ৰমাণিত হৈছিল । আমি গোচৰ ৰুজু কৰিছো আৰু এইবোৰৰ তদন্ত চলি আছে ।"

লগতে পঢ়ক: 30 খন ভাৰতীয় বিমানক বোমাৰ ভাবুকিৰ লক্ষ্য; সুৰক্ষা ব্যৱস্থা অধিক বৃদ্ধি

শ্বিলং অভিমুখী স্পাইচজেটৰ বিমানত বোমাৰ আতংক, বৰঝাৰ বিমান বন্দৰত জৰুৰী অৱতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.