ETV Bharat / bharat

হাৰিয়ানাত বিজেপিৰ বিজয়ৰ আঁৰত এজন অসমীয়া: ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত ক’লে জয়ৰ আঁৰৰ কথা

Haryana election result: হাৰিয়ানাৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ বিজেপিৰ ৷ এই সন্দৰ্ভত হাৰিয়ানা বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Haryana election result
হাৰিয়ানাৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা বিজেপিৰ (ETV Bharat)

গুৱাহাটী, ৮ অক্টোবৰ: হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সদ্যঘোষিত ফলাফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভেৰে তৃতীয়বাৰলৈ ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপিয়ে ৷ কিন্তু বিজেপিৰ এই বিজয়ৰ আঁৰৰ ব্যক্তিসকলৰ মাজৰ এজন অন্যতম হিচাবে অসমৰ এগৰাকী ৰাজনীতিকৰ নাম চৰ্চিত হৈছে । হাৰিয়ানাত আৰ এছ এছৰ ৰণকৌশল কাৰ্যকৰীকৰণত তেওঁ লৈছিল বিশেষ ভূমিকা ৷ হাৰিয়ানা বিজেপিৰ সাংগঠনিক সম্পাদকৰূপে দায়িত্ব বহন কৰা ৰাজনীতিকগৰাকী হ’ল অসমৰ ফণীন্দ্ৰনাথ শৰ্মা ।

উল্লেখযোগ্য যে দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে সাংগঠনিক সম্পাদকজন পৰম্পৰাগতভাৱে নিৰ্বাচিত হৈ আহিছে আৰ এছ এছৰ পৰা ৷ অসম বিজেপিৰ সাংগঠনিক সম্পাদকৰূপে সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁক দায়িত্ব দিয়া হৈছিল হাৰিয়ানাৰ ।

হাৰিয়ানাৰ নিৰ্বাচনত নিৰংকুশ সংখ্যা ৰিষ্ঠতা বিজেপিৰ (ETV Bharat)

ই টিভি ভাৰত অসমৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত হাৰিয়ানাত ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে বিজেপিৰ বিজয়ৰ আঁৰৰ আৰু প্ৰত্যাহ্বানৰ কথা সদৰী কৰি এই জয়ক হাৰিয়ানাৰ বিজেপি কৰ্মকৰ্তাসকলৰ জয় আখ্যা দিলে ফণীন্দ্ৰনাথ শৰ্মাই ৷ পূৰ্বে অসম বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থাকি অসমত বিজেপি চৰকাৰ গঠনৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱা বুলি নাম থকা ফণীন্দ্ৰনাথ শৰ্মাক হাৰিয়ানাৰ দায়িত্ব দিয়াৰ পিছতে তেওঁ বিজেপিৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বলি হ’ল বুলি ব্যাপক চৰ্চা লাভ কৰিছিল । অৱশেষত হাৰিয়ানাত বিজেপিৰ এই জয়ে নেতাগৰাকীৰ আন এক সাংগঠনিক বিচক্ষণতাকে পুনৰ এবাৰ প্ৰমাণ কৰিলে ।

এককথাত দেশৰ সংবাদ মাধ্যমৰ নিৰ্বাচনী সমীক্ষা আৰু ৰাজনৈতিক বিশ্লেষকসকলে হাৰিয়ানাৰ নিৰ্বাচনত শাসকীয় দলটোৰ পৰাজয়ৰ ভৱিষ্যদ্বাণী কৰি কংগ্ৰেছৰ চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছিল । নিৰ্বাচনী সমীক্ষাৰ ভুল ভৱিষ্যদ্বাণী প্ৰসংগত ফণীন্দ্ৰনাথ শৰ্মাই কয়, “নিৰ্বাচনী সমীক্ষাত যি কথা কোৱা হৈছিল, সেই কথা ভাৰতীয় জনতা পাৰ্টীৰ কোনো স্তৰৰে কোনো এগৰাকী কৰ্মকৰ্তাই মানি ল’ব পৰা নাছিল । এনেধৰণৰ কথা আগতেও হৈছিল । ছত্তীশগড় বা মধ্যপ্ৰদেশতো হৈছিল । বিগত লোকসভা নিৰ্বাচনতো হৈছিল । ইয়াত হাৰিয়ানা প্ৰদেশৰ বিজেপিৰ কৰ্মকৰ্তাসকলে কেৱল হাৰিয়ানাৰ নিৰ্বাচন বুলি ধৰা নাছিল । প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰভাৰীসকলৰ দিহা-পৰামৰ্শ কাৰ্যকৰীকৰণ কৰিহে এই সফলতা লাভ কৰিলো ৷”

হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনী ফলাফল জানিবলৈ ক্লিক কৰক-

https://www.etvbharat.com/hi/haryana

https://www.etvbharat.com/ur/urdu

প্ৰধানমন্ত্ৰীয়ে জানে হাৰিয়ানাৰ ৰাইজৰ মনৰ কথা:

ফণীন্দ্ৰ নাথ শৰ্মাই লগতে হাৰিয়ানাৰ এই বিজয় প্ৰসংগত কৃতিত্ব দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । “এইখন ৰাজ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৪ বছৰ প্ৰভাৰীৰূপে কাম কৰি গৈছে । গতিকে তেওঁ হাৰিয়ানাৰ জনতাৰ মনৰ কথা আৰু আশা-আকাংক্ষা ভালদৰে বুজি পায় ৷ সেই অনুসৰিয়েই আমি কাম কৰি গৈছিলো আৰু এই সফলতা লাভ কৰিলো আমি ৷” তেওঁ কয় ৷

বিজেপিৰ দুটা কাৰ্যকালৰ অধিষ্ঠান বিৰোধী ঢৌৰ বিপৰীতে কিদৰে হ’ল বিজেপিৰ জয় ?

“আমাৰ প্ৰথম প্ৰত্যাহ্বান আছিল, ১০ বছৰ যেতিয়া এটা দলৰ এখন চৰকাৰ থাকে তেতিয়া দলৰ কৰ্মকৰ্তাৰ মাজত স্বাভাৱিকতে পোৱা-নোপোৱাৰ বেদনা থাকে ৷ তাৰ পৰা আমি কাৰ্যকৰ্তাসকলক সংগঠনৰ মাধ্যমেৰে উলিয়াই আনি নিৰ্বাচনমুখী কৰা আৰু তেওঁলোকৰ দায়িত্ব অনুসৰি যিটো পৰিৱেশ সেইটো অনুসৰি চাৰিজন প্ৰভাৰীয়ে নিষ্ঠা সহকাৰে কাম কৰাৰ বাবেই এয়া সম্ভৱ হৈ উঠিল ৷” নেতাগৰাকীয়ে উল্লেখ কৰে ৷

এয়া কেৱল হাৰিয়ানাৰ নিৰ্বাচন নহয়, আছিল বিজেপিৰ অগ্নিপৰীক্ষা:

হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনটো যে কেৱল হাৰিয়ানাৰ নিৰ্বাচন নহয়, এয়া আন ৰাজ্যৰ নিৰ্বাচনৰ বাবে অগ্নিপৰীক্ষা সেয়া বিজেপিৰ কৰ্মীক বুজাবলৈ সক্ষম হৈছিল ফণীন্দ্ৰনাথ শৰ্মাসহ আন বিজেপি নেতৃত্বই ৷ অসমসন্তান তথা হাৰিয়ানাৰ সাংগঠনিক সম্পাদকজনৰ ভাষ্যতেই প্ৰকাশ পাইছে এই কথা ৷

শৰ্মাৰ মন্তব্য- “বিজেপিৰ বাবে হাৰিয়ানৰ নিৰ্বাচন যে কেৱল হাৰিয়ানাৰ নহয়, সেই কথা আমি আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই কাৰ্যকৰ্তাসকলক বুজাই দিবলৈ সক্ষম হৈছিলো ৷ আগন্তুক দিনত মহাৰাষ্ট্ৰৰ নিৰ্বাচন আছে ৷ আগন্তুক দিনত ঝাৰখণ্ডৰ নিৰ্বাচন আছে ৷ আগন্তুক দিনত আদৰণীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তাতো চলিব বিজয়ৰ বাবে দলীয় কামকাজ ৷ দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত হাৰিয়ানাৰ নিৰ্বাচনে ডাঙৰ ভূমিকা পালন কৰিব ৷ সেই কথা আমি কাৰ্যকৰ্তাসকলক বুজাই দিবলৈ সক্ষম হৈছিলো ৷”

লগতে পঢ়ক: হাৰিয়ানাত বিজেপিৰ হেট্ৰিক: জম্মু-কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

বিনেশ ফোগাটৰ নতুন ইনিংছ; জুলানা সমষ্টিৰ পৰা জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.