ETV Bharat / bharat

এ পি জে আব্দুল কালামৰ নৱম মৃত্যু বাৰ্ষিকীত দেশজোৰা বিশেষ কাৰ্যসূচী বিজেপি সংখ্যালঘু মৰ্চাৰ - Tribute to APJ Abdul Kalam - TRIBUTE TO APJ ABDUL KALAM

Death anniversary of APJ Abdul Kalam: প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন এ পি জে আব্দুল কালামৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে বিজেপি সংখ্যালঘু মৰ্চাৰ বিশেষ প্ৰস্তুতি ৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য দেশজুৰি গ্ৰহণ কৰা হৈছে বিশেষ অভিযান ৷

Pasmanda Muslims
বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকী (ETV Bharat)
author img

By ANI

Published : Jul 24, 2024, 8:23 AM IST

নেশ্যনেল ডেস্ক, 24 জুলাই: অহা 27 জুলাইত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন এ পি জে আব্দুল কালামৰ নৱম মৃত্যু বাৰ্ষিকী ৷ এই উপলক্ষে বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকীৰ নেতৃত্বত দেশজুৰি আৰম্ভ কৰা হ’ব এক অভিযানৰ ৷

এই অভিযানত জিলা পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে পাছমাণ্ডা মুছলমানসকলৰ বাবে আদৰ্শস্বৰূপ কালামক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব । এই অভিযানৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয় ।

প্ৰচাৰৰ প্ৰস্তুতিৰ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সংখ্যালঘু মৰ্চাৰ প্ৰভাৰী দুষ্যন্ত গৌতমে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকী, ৰাষ্ট্ৰীয় বিষয়ববীয়া, কাৰ্যবাহী সদস্য, ৰাজ্যিক সভাপতি আৰু ৰাজ্যৰ সাধাৰণ সম্পাদকসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে ।

জামাল ছিদ্দিকীয়ে এই সন্দৰ্ভত কয়, "এই অভিযানৰ উদ্দেশ্য হৈছে ড° কালামৰ ভাৰতৰ উন্নয়নৰ প্ৰতি থকা অৱদানক স্মৰণ কৰা আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা । ভাৰতীয় মুছলমানসকলে কালামৰ আদৰ্শৰে বাট বুলি যাতে সফলতালাভ কৰিব পাৰে । জাতিটোক শক্তিশালী কৰাত বৰঙণি আগবঢ়োৱা সকলোকে বিজেপিয়ে গুৰুত্ব দিয়ে ।"

জামাল ছিদ্দিকীয়ে পুনৰ কয়, "27 জুলাইত তামিলনাডুৰ ৰামেশ্বৰমস্থিত কালামৰ ঘৰৰ পৰা ডাঃ এ পি জে আব্দুল কালাম স্মৃতিসৌধলৈ এক বাইক ৰেলী কৰা হ’ব, য’ত তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ’ব ।"

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ সম্ভাৱনা আছে অনুষ্ঠানটোত । সমগ্ৰ দেশতে জিলা পৰ্যায়ত অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত হ’ব, য’ত কালামৰ প্ৰতিমূৰ্তি বা প্ৰতিকৃতিত মাল্যাৰ্পণ কৰা হ’ব ।

এই অভিযানত চিকিৎসা শিবিৰ আৰু ছ'চিয়েল মিডিয়া অভিযান "যুৱ উদ্যমী বঁটা"ৰ ব্যৱস্থা কৰা হ'ব, য'ত প্ৰতিখন ৰাজ্যৰ পৰা 5 জন ব্যক্তিক বাছনি কৰা হ'ব । 6 আগষ্ট পৰ্যন্ত এই বঁটাৰ বাবে মনোনয়ন গ্ৰহণ কৰা হ’ব আৰু 12 আগষ্টত ফলাফল ঘোষণা কৰা হ’ব । 26 জুলাইৰ পুৱা 11.30 বজাত ৰাজ্য আৰু জিলা বিজেপিৰ সকলো কাৰ্যালয়তে সংবাদমেল অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: Dr APJ Abdul Kalam birth anniversary : 'ৰাষ্ট্ৰ নিৰ্মাণত কালামৰ অৱদান স্মৰণীয়'-প্ৰধানমন্ত্ৰী মোডী

Case filed against Mahant Narasimhanand Saraswati : প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য নৰসিংহানন্দ সৰস্বতীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.