ETV Bharat / bharat

টিভি চেনেলৰ বিতৰ্কৰ সময়ত বিজেপি নেতাক আক্ৰমণ; এজনক গ্ৰেপ্তাৰ - BJP LEADER ATTACKED - BJP LEADER ATTACKED

মধ্যপ্ৰদেশৰ টিকামগড়ত ৰাষ্ট্ৰীয় নিউজ চেনেলৰ উদ্যোগত অনুষ্ঠিত হোৱা নিৰ্বাচনী বিতৰ্কৰ সময়ত স্থানীয় বিজেপি নেতাক আক্ৰমণ ৷ এজন ব্যক্তিক আৰক্ষীয়ে জিম্মাত লৈছে।

BJP LEADER ATTACKED
নিৰ্বাচনী বিতৰ্কৰ সময়ত স্থানীয় বিজেপি নেতাক আক্ৰমণ
author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 6:18 PM IST

নিউজ ডেস্ক, 21 এপ্ৰিল : মধ্যপ্ৰদেশৰ টিকামগড়ত ৰাষ্ট্ৰীয় নিউজ চেনেলৰ উদ্যোগত আয়োজিত এক নিৰ্বাচনী বিতৰ্কৰ সময়ত দুজন ব্যক্তিয়ে স্থানীয় বিজেপি নেতাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ শনিবাৰে নিশা এটা নিউজ চেনেলে বিতৰ্কৰ আয়োজন কৰা নাজাৰবাগৰ এখন খেলপথাৰত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাৰ সৈতে জড়িত এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে ৷

বিতৰ্কত বিজেপি আৰু কংগ্ৰেছৰ লগতে অন্যান্য দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে বুলিও তেওঁ কয় ৷ অভিযুক্ত হিমাংশু তিৱাৰী আৰু বাবৰ নামৰ লোক দুজনে বিজেপিৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হোৱা বুলি কোতৱালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ ৰাজে জানিবলৈ দিয়ে ৷

এই সন্দৰ্ভত বিজেপিৰ জিলা মিডিয়া চেলৰ প্ৰভাৰী প্ৰফুল্ল দ্বিবেদীয়ে আপত্তি কৰাৰ লগতে এই অভিযুক্ত দুজনে তেওঁৰ ওপৰত চকী নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ দ্বিবেদীক সুৰক্ষা দিবলৈ স্থানীয় একাংশ নেতাই হস্তক্ষেপ কৰাৰ ফলত কাজিয়াৰ সৃষ্টি হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

দ্বীবেদীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ 499 (মানহানি), 249 (অশ্লীল কাম), 323 (স্বেচ্ছামূলকভাৱে আঘাত কৰা) আৰু 506 (অপৰাধমূলক ভাবুকি) ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলিও তেওঁ কয় ৷ ইফালে অভিযুক্ত বাবৰক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে পলাতক তিৱাৰীৰ সন্ধানত অভিযান অব্যাহত আছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ জিলা কংগ্ৰেছৰ সভাপতি নবীন সাহুৱে স্পষ্ট কৰি দিয়ে যে অভিযুক্তৰ নিজৰ দলৰ লগত কোনো সম্পৰ্ক নাই আৰু তেওঁলোক দৰ্শক হিচাপে উপস্থিত আছিল ৷

মধ্যপ্ৰদেশৰ নিউজ চেনেলে আয়োজন কৰা এক নিৰ্বাচনী বিতৰ্কৰ সময়ত ঘটা এয়া দ্বিতীয়টো ঘটনা ৷ ইয়াৰ পূৰ্বে 13 এপ্ৰিলত জবালপুৰৰ এখন ৰাজহুৱা উদ্যানত নিউজ চেনেলৰ উদ্যোগত অনুষ্ঠিত হোৱা বিতৰ্কৰ সময়ত কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মী আৰু নেতাই লাঠি, প্লাষ্টিকৰ চকীৰে ইজনে সিজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ছ’চিয়েল মিডিয়াত এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত একাংশ লোকে ইজনে সিজনৰ লগত কাজিয়া আৰু প্লাষ্টিকৰ চকী নিক্ষেপ কৰা দেখা গৈছিল ৷

লগতে পঢ়ক : গ্ৰেপ্তাৰৰ পূৰ্বে কেজৰিৱালে ইনচুলিন গ্ৰহণ কৰা নাছিল : জেইলৰ সঞ্চালক প্ৰধানৰ গৱৰ্ণৰক প্ৰতিবেদন - Kejriwal Insulin Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.