নেশ্যনেল ডেস্ক, 20 মে’ : এ টি এছৰ জালত আইছিছৰ (ISIS) চাৰিটা সন্ত্ৰাসবাদী ৷ আহমেদাবাদ বিমানবন্দৰৰ পৰা সোমবাৰে আইছিছৰ (Islamic State of Iraq and Syria)ৰ 4 টা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে এ টি এছে (Anti Terrorist Squad) ৷ গুজৰাট এ টি এছে এই চাৰিটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীকেইটা শ্ৰীলংকাৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷
হাই এলাৰ্ট :
শ্ৰীলংকাৰ পৰা চেন্নাই হৈ আহমেদাবাদত উপস্থিত হয় সন্ত্ৰাসবাদী কেইটা ৷ কি উদ্দেশ্যেৰে আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল এই সন্ত্ৰাসবাদীকেইটা? ইয়াৰ ওপৰত যুদ্ধকালীন গতিত পুংখানুপুংখ তদন্ত চলি আছে ৷ এই বিষয়ত আহমেদাবাদত হাই এলাৰ্টৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ গুজৰাট এ টি এছে সন্ত্ৰাসবাদীক অচিনাকি স্থানলৈ লৈ গৈ জেৰা কৰি আছে ৷ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্কৰ তথ্য বিচৰা হৈছে ৷
লাভ কৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত 19 মে’ৰ নিশা প্ৰায় 8 বজাত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আটক কৰা হৈছিল চাৰিওটা সন্ত্ৰাসবাদীক ৷ 21 মে’ আৰু 22 মে’ত মটেৰাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ কোৱালিফায়াৰ আৰু এলিমিনেটৰ ৰাউণ্ড আয়োজন কৰাৰ এদিন পূৰ্বে সন্ত্ৰাসবাদী কেইটাক গ্ৰেপ্তাৰ কৰা হৈছে ৷
আৰক্ষী সঞ্চালক প্ৰধান বিকাশ সাহায়ে জানিবলৈ দিয়া মতে, আই এছৰ নিৰ্দেশমৰ্মে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ ভাৰত ভ্ৰমণ কৰিছিল লোককেইজনে ৷ লগতে অভিযুক্তৰ পৰা জব্দ কৰা মোবাইল ফোনত পোৱা জিঅ’-ক’অৰ্ডিনেট আৰু ফটোৰ ভিত্তিত চহৰখনৰ নানা চিলোডা অঞ্চলৰ এটা স্থানত পৰিত্যক্ত হৈ পৰি থকা তিনিটা পাকিস্তানত নিৰ্মিত পিষ্টল আৰু 20 টা কাৰ্টিজ উদ্ধাৰ কৰে বুলি সাহায়ে জনায় ৷
এই অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰিবলৈ পাকিস্তানী হেণ্ডলাৰে সন্ত্ৰাসবাদী কেইটাক নিৰ্দেশ দিয়া ৰঅভিযোগ উত্থাপন হৈছে বুলিও তেওঁ কয় ৷ অভিযুক্ত মহম্মদ নুছৰত (35), মহম্মদ ফাৰুখ (35), মহম্মদ নাফৰান (27) আৰু মহম্মদ ৰাছদিন (43) নামৰ অভিযুক্তকেইটাই কলম্বোৰ পৰা বিমানেৰে দেওবাৰে পুৱা চেন্নাইত উপস্থিত হয় ৷ ইয়াৰ পিচত তেওঁলোকে আন এখন বিমানেৰে আহমেদাবাদলৈ যায় আৰু দেওবাৰে নিশা প্ৰায় 8 বজাত অৱতৰণ কৰে বুলি বিষয়াগৰাকীয়ে জনায় ৷
লগতে পঢ়ক : ত্ৰিপুৰাত নিয়াৰ অভিযানত গ্ৰেপ্তাৰ মানৱ সৰবৰাহকাৰী - HUMAN TRAFFICKER ARRESTED