ETV Bharat / bharat

নক্সাল বিৰোধী অভিযানত নিহত 7 নক্সালবাদী - Operation against Naxal - OPERATION AGAINST NAXAL

Naxal encounter in Dantewada: ছত্তীশগড়ৰ দান্তেৱাৰা আৰু নাৰায়ণপুৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত তুমুল সংঘৰ্ষ ৷ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে সাতটা নক্সালবাদী ৷ অভিযান অব্যাহত ৷

OPERATION AGAINST NAXAL
Naxal encounter (EtV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:42 PM IST

নিউজ ডেস্ক, 7 জুন: দান্তেৱাড়া আৰু নাৰায়ণপুৰৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ ৷ নক্সালবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানৰ সময়তে সংঘটিত হয় এই সংঘৰ্ষ ৷ নিৰাপত্তাৰক্ষীৰ আক্ৰমণত থিতাতে নিহত হয় সাতটা নক্সালবাদী । নিহত সাতটা নক্সালবাদীয়ে সংগঠনৰ পোছাক পিন্ধি আছিল । নিহত নক্সালবাদীৰ মৃতদেহৰ সমীপৰ পৰা উদ্ধাৰ হৈছে গোলাবাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ ।

আৰক্ষীৰ মতে, বাষ্টাৰ সংমণ্ডলৰ গাঁও মুংগেদি আৰু গোবাল অঞ্চলত তালাচীৰ বাবে ওলাই গৈছিল বাহিনীটো । নক্সাল বিৰোধী অভিযানৰ সময়ত নক্সালবাদীৰ সৈতে মুখামুখি হৈছিল দলটো । ফলত সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ এই অভিযানত নাৰায়ণপুৰ, কোণ্ডাগাঁও, দান্তেৱাড়া, জগদলপুৰৰ ডি আৰ জি আৰু আই টি বি পিৰ ৪৫ নং কৰ্পছ নিয়োজিত আছিল ।

লগতে পঢ়ক: মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ; ৮ টা মাওবাদীৰ মৃতদেহ উদ্ধাৰ - Narayanpur Maoist encounter

গোভেলৰ বনাঞ্চলত সংঘটিত হোৱা এই সংঘৰ্ষৰ পিচত জোৱানসকলে অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে । সূত্ৰই জনোৱা মতে, অনুসন্ধান অভিযানৰ সময়ত আৰু বহু নক্সালবাদী নিহত হোৱাটো নিশ্চিত হ’ব পাৰে । এই সমগ্ৰ সংঘৰ্ষৰ ওপৰত চকু ৰাখিছে দান্তেৱাড়াৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায় আৰু নাৰায়ণপুৰৰ আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে ।

সমগ্ৰ বাষ্টাৰতে চলি আছে নক্সাল বিৰোধী অভিযান । এই নক্সাল বিৰোধী অভিযানৰ বাবে মাওবাদীসকল ক্ৰমান্বয়ে অৰণ্যলৈ পিচুৱাই গৈছে । বাষ্টাৰক এসময়ত মাওবাদীৰ নিৰাপদ অঞ্চল বুলি কোৱা হৈছিল । এতিয়া নিৰাপত্তাবাহিনী তালৈ গৈ চলাই আছে অভিযান ।

জোৱানৰ অবিৰত গতিবিধিৰ বাবে এতিয়া মাওবাদীয়ে অন্য অঞ্চলৰ দিশে আগবাঢ়িছে । নক্সাল ক্ষতিগ্ৰস্ত জিলাসমূহৰ বাহিনীয়ে এতিয়া নক্সালবাদীক ঘেৰাও কৰিবলৈ যৌথ অভিযান চলাইছে । জোৱানসকলৰ যৌথ অভিযানৰ বাবেই বৃহৎ সংখ্যক মাওবাদীৰ মৃত্যু হৈছে । বৃহৎ সংখ্যক নক্সালবাদীয়ে আত্মসমৰ্পণো কৰিছে ।

লগতে পঢ়ক: অস্ত্ৰ এৰি মূলসুঁতিলৈ 30 গৰাকী মাওবাদী বিদ্ৰোহী - Naxalites Surrender In Bijapur

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.