ETV Bharat / bharat

মধ্যপ্ৰদেশত জনজাতীয় যুৱকক উলংগ কৰি নিৰ্মম প্ৰহাৰ; ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ' - Betul viral video

Betul Brutally Video : বৈতুলত এজন জনজাতীয় যুৱকক কৰা আক্ৰমণৰ ভিডিঅ' ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে । দুৰ্বৃত্তই যুৱকজনক উলংগ কৰি ওলোটাকৈ ওলোমাই বেল্ট আৰু লাঠিৰে নিৰ্মমভাৱে আক্ৰমণ কৰে ।

মধ্যপ্ৰদেশত জনজাতীয় যুৱকক উলংগ কৰি নিৰ্মম প্ৰহাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 11:50 AM IST

মধ্যপ্ৰদেশত জনজাতীয় যুৱকক উলংগ কৰি নিৰ্মম প্ৰহাৰ

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : মধ্যপ্ৰদেশত জনজাতীয় লোকসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনা বন্ধ হোৱাৰ যেন নামেই লোৱা নাই । শেহতীয়াকৈ তেনে এক ঘটনা বৈতুলৰ পৰা পোহৰলৈ আহিছে । উক্ত ঘটনাত এজন জনজাতীয় যুৱকক উলংগ কৰি ওলোটাকৈ ওলোমাই বেল্ট আৰু লাঠিৰে প্ৰহাৰ কৰা হয় ।

আনহাতে, অভিযুক্তই ঘটনাটোৰ এটা ভিডিঅ'ও প্ৰস্তুত কৰে, যিটো এতিয়া ভাইৰেল হৈ আছে । ঘটনাটো সংঘটিত হোৱাৰ তিনি মাহ পিচত যুৱকজন আৰক্ষী চকীত উপস্থিত হয় আৰু এজাহাৰ দাখিল কৰে । তাৰ পাচত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্তক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ।

ঘটনাৰ বিৱৰণী মতে, যোৱা বছৰৰ 15 নৱেম্বৰত ৰিংকেশ চৌহান নামৰ যুৱক এজনে ভুক্তভোগীক বৈতুললৈ লৈ যায় । তাত তেওঁক এটা ঘৰলৈ লৈ যায় । ঘৰটোত 6-7 জন লোক উপস্থিত আছিল । তাত তেওঁলোকে যুৱকজনৰ কাপোৰ খুলি উলংগ কৰে আৰু চিলিঙত ওলোটাকৈ ওলোমাই দিয়ে । ইয়াৰ পিচত তেওঁক বেল্ট আৰু লাঠিৰে প্ৰহাৰ কৰে ।

কিন্তু কেনেবাকৈ তেওঁ ঘটনাস্থলীৰ পৰা পলাই যায় । অৱশ্যে তেওঁ ভয়তে এই ঘটনাৰ বিষয়ে অভিযোগ কৰা নাছিল । কিয়নো তেওঁক প্ৰহাৰ কৰা লোকসকল দুৰ্বৃত্ত প্ৰকৃতিৰ লোক হোৱা বাবে তেওঁ ভয় খাইছিল । কিন্তু ঘটনাটোৰ ভিডিঅ' গাঁওখনত ভাইৰেল হোৱাৰ পিচত তেওঁ সাহস গোটাই বিষয়টো সন্দৰ্ভত অভিযোগ কৰাৰ কথা চিন্তা কৰে । তাৰ পিচত তেওঁ ভাতৃৰ সৈতে গৈ আৰক্ষী চকীত এক অভিযোগ দাখিল কৰে ।

ঘটনা সন্দৰ্ভত বৈতুলৰ এছপি সিদ্ধাৰ্থ চৌধুৰীয়ে কয়, "এটা ভিডিঅ' পোহৰলৈ আহিছিল, য'ত এজন যুৱকক উলংগ কৰি ওলোটাকৈ ওলোমাই মাৰপিট কৰা হৈছিল । অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । ভিডিঅ'টো প্ৰায় তিনি মাহ পুৰণি । অভিযুক্তসকলৰ অনুসন্ধান চলি আছে । আৰক্ষীয়ে সোনকালেই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব’’ ।

লগতে পঢ়ক :যাদুবিদ্যাৰ সন্দেহত মাতৃ-পুত্ৰক নিৰ্মম হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.