ETV Bharat / bharat

বিপদত পৰিছে নেকি ? ফোনত এটা ক্লিক কৰিলেই আৰক্ষী পাবগৈ আপোনাৰ কাষ - KSP app Safe Connect Button

Immediate police assistance : আৰক্ষীৰ মোবাইল প্লিকেশ্যনত উপলব্ধ বিশেষ বুটাম ৷ য’ত ক্লিক কৰাৰ লগে লগে আৰক্ষীয়ে লাভ কৰিব আপোনাৰ লাইভ ল’কেশ্যন ৷ সহায়ৰ বাবে তাৎক্ষণিকভাৱে নিৰ্দিষ্ট স্থানত উপস্থিত হ’ব আৰক্ষী ৷

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 7:01 PM IST

Immediate police assistance
ফোনত এটা ক্লিক কৰিলেই আৰক্ষী পাবগৈ আপোনাৰ কাষ (Etv Bharat)

নিউজ ডেস্ক, ১১ জুলাই : জনসাধাৰণক জৰুৰীকালীন অৱস্থাত তাৎক্ষণিকভাৱে সহায় কৰাৰ উদ্দেশ্যে বেংগালুৰু আৰক্ষীয়ে প্ৰদান কৰিছে এক বিশেষ সুবিধা ৷ যি সুবিধাৰ জৰিয়তে বিপদত পৰা যিকোনো লোকে মোবাইল ফোনৰ এটা ক্লিকতে নিজৰ অৱস্থিতিৰ বিষয়ে আৰক্ষীক অৱগত কৰোৱাব পাৰিব ৷ ইয়াৰ পিচতে তাৎক্ষণিকভাৱে আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হৈ বিপদৰ সন্মুখীন হোৱা লোকজনক সহায় কৰিবলৈ সক্ষম হ’ব ৷

উল্লেখ্য যে জনসাধাৰণৰ সুবিধাৰ্থে বেংগালুৰু মহানগৰ আৰক্ষীয়ে ইতিমধ্যে মুকলি কৰি থৈছে কে এছ পি নামৰ এটা মোবাইল এপ্লিকেশ্যন ৷ যিটো এপ্লিক্লেশ্যনৰ জৰিয়তে প্ৰয়োজন সাপেক্ষে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিব পৰা যায় ৷ উক্ত এপ্লিকেশ্যনটোত বৰ্তমান সংযোগ কৰা হৈছে ‘সুৰক্ষিত সংযোগ’ নামৰ এটা বুটাম ৷ যাতে বিপদৰ সময়ত জনসাধাৰণে এপটোত উপলব্ধ উক্ত বুটামটোত ক্লিক কৰি দিলেই তৎক্ষণাৎ কমাণ্ড চেণ্টাৰলৈ প্ৰেৰিত হ’ব লাইভ লোকেশ্যন ৷

ইয়াৰ পূৰ্বে বেংগালুৰুৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছিল ‘ছেফটী আইলেণ্ড’ নামৰ কিছু বিশেষ স্থান ৷ টেলিফোন বুথৰ দৰে দেখা নীলা ৰঙৰ উক্ত স্থানত থকা বিশেষ বুটামটো টিপি দিয়েই বেংগালুৰু আৰক্ষীৰ কমাণ্ড চেণ্টাৰৰ লগত পোনপটীয়াকৈ সংযোগ কৰিব পাৰিছিল ৷ ইয়াৰ পিচতে তাৎক্ষণিকভাৱে আৰক্ষীৰ লোক সেই স্থানলৈ গৈ অভিযোগ গ্ৰহণ কৰিছিল ৷ শেহতীয়াকৈ আৰু এখোজ আগুৱাই গৈ বেংগালুৰু আৰক্ষীয়ে জনপ্ৰিয় কে এছ পি এপত সুৰক্ষিত সংযোগ বুটামটো সংযোগ কৰিছে ৷

বিশেষ পৰিস্থিতিত এই সুৰক্ষিত সংযোগ বুটামটোত ক্লিক কৰি পোনপটীয়াকৈ আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ভিডিঅ' বা অডিঅ' কল কৰিব পৰা যাব ৷ ই স্বয়ংক্ৰিয়ভাৱে অভিযোগকাৰীৰ অৱস্থান চিনাক্ত কৰিব আৰু বেংগালুৰু আৰক্ষীৰ বিশেষ গোটৰ লোক কেইমুহূৰ্তমানৰ ভিতৰতে সহায়ৰ বাবে ৰাওনা হ’ব ৷ উল্লেখ্য যে এনেধৰণৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰৰ দেশৰ প্ৰথমখন চহৰ হ’ল বেংগালুৰু ৷

লগতে পঢ়ক : এদল উদণ্ড যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে চফল যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.