ETV Bharat / bharat

বাংলাদেশৰ সন্ত্ৰাসবাদীৰে সম্পৰ্ক; আৰক্ষীৰ জালত পশ্চিমবংগৰ ছাত্ৰ - WB student terror outfit links - WB STUDENT TERROR OUTFIT LINKS

WB student terror outfit links: বাংলাদেশৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন শ্বাহাদাত-ই-আল হিকমাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত পশ্চিমবংগ আৰক্ষীৰ এছটিএফয়ে এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে । ঘটনা সন্দৰ্ভত আন ৫ জন লোককো আৰক্ষীয়ে আটক কৰিছে । আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

WB student terror outfit links
বাংলাদেশৰ সন্ত্ৰাসবাদীৰে সম্পৰ্ক; আৰক্ষীৰ জালত পশ্চিমবংগৰ ছাত্ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 3:37 PM IST

নেশ্যনেল ডেস্ক,২৩ জুন : পশ্চিমবংগ আৰক্ষীৰ সফল অভিযান । বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত পশ্চিমবংগ আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে (এছটিএফ) গ্ৰেপ্তাৰ কৰে এজন ছাত্ৰক । সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত পশ্চিম বৰ্ধমান জিলাৰ পানাগড় অঞ্চলৰ পৰা আন ৫ জন লোককো আৰক্ষীয়ে আটক কৰিছে । দেওবাৰে পশ্চিমবংগ আৰক্ষীয়ে এই কথা প্ৰকাশ কৰে ।

ধৃত ছাত্ৰজন পশ্চিমবংগৰ এখন মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ দ্বিতীয় বৰ্ষৰ বুলি জানিব পৰা গৈছে । শনিবাৰে সন্ধিয়া পানাগড়ৰ বাসগৃহৰ পৰা ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে পশ্চিমবংগ আৰক্ষীয়ে । বাংলাদেশৰ নিষিদ্ধ ইছলামপন্থী সংগঠন শ্বাহাদাত-ই-আল হিকমাৰ সৈতে তেওঁ সম্পৰ্ক থকাৰ অভিযোগ আছে । জেৰাৰ সময়ত ছাত্ৰজনে দিয়া তথ্যৰ ভিত্তিত এছটিএফৰ চোৰাংচোৱাই একেখন জিলাৰ নাবাবঘাট অঞ্চলৰ পৰা আন ৫ জন লোককো আটক কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে ধৃত ছাত্ৰজনে সন্ত্ৰাসবাদী সংগঠনটোৰ বাবে পশ্চিম আৰু পূৰ্ব বৰ্ধমান জিলাৰ যুৱকসকলক নিযুক্তি দিবলৈ চেষ্টা কৰি আছিল । ছাত্ৰজনৰ সৈতে কোন কোন লোকে যোগাযোগ কৰিছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে । আটক হোৱা আন ৫ জনৰ ভিতৰত এজন তেওঁৰ ভাতৃ আৰু বাকী ৪ জন সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিবলৈ চেষ্টা কৰি থকা লোক আছিল ।

এছটিএফয়ে ছাত্ৰজনৰ লেপটপ আৰু এখন ডায়েৰীসহ কিছুমান নথি পত্ৰ জব্দ কৰিছে । শ্বাহাদাত-ই-আল হিকমা বাংলাদেশৰ এটা নিষিদ্ধ ইছলামপন্থী সন্ত্ৰাসবাদী সংগঠন । সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত ইয়াৰ পূৰ্বেও আৰক্ষীয়ে ছাত্ৰক গ্ৰেপ্তাৰ কৰিছিল । ২০১৬ চনত এনআইএয়ে জিলাখনৰ কাংকচা অঞ্চলৰ এজন ছাত্ৰক আইএছআইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :যৌন হিংসাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাৰ ভাতৃ - JDS MLC Suraj Revanna arrested

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.