ETV Bharat / bharat

আহক চিনাকী হও এটা ম'হৰ সৈতে যাৰ মূল্য 7 লাখৰো অধিক, নিতৌ দিয়ে বহু লিটাৰ গাখীৰ - Banni Buffalos

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 2:09 PM IST

Banni village buffalos : ভাৰতৰে এখন অঞ্চল য’ত পোৱা যায় এবিধ ম’হৰ প্ৰজাতি ৷ এক বিশেষ কাৰণত যাৰ চাহিদাও বেছি ৷ সু-স্বাস্থ্যৰ অধিকাৰী এইবিধ ম’হৰ মূল্যও বেছি এক বিশেষ কাৰণত ৷ কি সেই কাৰণ ? জানো আহক-

Banni village buffalos
7 লাখৰো অধিক মূল্যৰ ম'হ (ETV Bharat)

নিউজ ডেস্ক, 5 ছেপ্টেম্বৰ : ভাৰতকৰ পশ্চিম উপকূলৰ ৰাজ্য গুজৰাট ৷ সেই গুজৰাটৰে এখন জিলা হৈছে কচ্ছ জিলা ৷ এই কচ্ছ অঞ্চল ‘‘শুষ্ক ৰাজ্য’’ বুলি জনাজাত । কাৰণ কচ্ছৰ ভৌগোলিক বৈশিষ্ট্যবোৰ আন ঠাইতকৈ পৃথক । এফালে যদি পাহাৰ আছে, আনফালে আছে কচ্ছৰ নিমখযুক্ত মৰুভূমি । আছে পানীৰ উৎসও ।

কিন্তু এইবোৰৰ লগতে কচ্ছত পোৱা যায় এবিধ বিশেষ জীৱৰ আছে নিজৰ এক সুনাম ৷ যি আচলতে এবিধ ম’হ ৷ যাক কোৱা হয় বন্নি ম'হ ৷ আৰু যি যথেষ্ট বিখ্যাতও ।

  • বন্নি ম'হৰ আছে যথেষ্ট চাহিদা

চাহিদা থকাৰ বাবে এই বন্নি ম'হবোৰৰ মূল্য লাখৰ ঘৰত হয় । গুজৰাটৰ বিভিন্ন জিলাত এই ম'হবোৰৰ চাহিদা আছে । ই এনে পৰিস্থিতিত বাস কৰে, য'ত পানীৰ অভাৱ । বন্নি ম’হৰ চাহিদাৰ কথা এই কথাৰ পৰাই অনুমান কৰিব পাৰি যে শেহতীয়াকৈ কচ্ছৰ এটা বন্নি ম’হে বিক্ৰীৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। তথ্য অনুসৰি, 'ওধান' নামৰ এই ম'হটো 7 লাখতকৈও অধিক মূল্যত বিক্ৰী হৈছে ।

লগতে পঢ়ক : নৰখাদকৰ ত্ৰাস : মাতৃৰ বোকোচাতো সুৰক্ষিত নহয় শিশু - Man Animal conflict

  • 7 লাখতকৈ অধিক টকাত বিক্ৰী হ’ল ম'হ

জানিব পৰা মতে, এই ম'হটো এজন ব্যৱসায়ী গোৱাভাই ৰাবাৰীয়ে ক্ৰয় কৰিছে, যি যোৱা কেইবাবছৰ ধৰি পশুপালনৰ ব্যৱসায়ত নিয়োজিত হৈ আছে। গান্ধীনগৰৰ এই পশুপালকজনে এই ম'হটোৰ বাবে 7 লাখ 11 হাজাৰ টকা পৰিশোধ কৰিছে। এই ম'হটোৱে দৈনিক 20 লিটাৰ গাখীৰ দিয়ে ।

  • পশু মেলাত বিক্ৰী হয় ম'হবোৰ

সাধাৰণতে, ভাল পৰিমাণে গাখীৰ দিয়া ম'হৰ মূল্য 3 ৰ পৰা 4 লাখলৈকে হ'ব পাৰে । প্ৰথমবাৰৰ বাবে ইমান উচ্চ মূল্যত এটা বন্নি ম'হ ক্ৰয় কৰা হৈছে । কচ্ছৰ হড়কো গাঁৱত নিৰন্তৰভাৱে গৰু মেলা আয়োজন কৰা হয়, য'ত কচ্ছৰ বন্নি প্ৰজাতিৰ ম'হ প্ৰদৰ্শন কৰা হয় ।

কোৱা হয় যে বন্নি প্ৰজাতিৰ ম'হ অতি স্বাস্থ্যৱান আৰু স্বাস্থ্যৱান হোৱাৰ বাবে ইয়াৰ চাহিদা আৰু মূল্য অধিক । কচ্ছৰ এই ম'হটোৰ অভিলেখকাৰী মূল্যৰ বাবে কচ্ছৰ গৰু পশুপালকসকলৰ মুখত বিৰিঙিছে হাঁহি ।

লগতে পঢ়ক : গৰম বা শীতৰ বন্ধ নহয়, ৬ মাহৰ বাবে বন্ধ থাকে বিদ্যালয় ! কিয় জানেনে ? - Bihar CM Nitish Kumar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.