ETV Bharat / bharat

অযোধ্যাৰ সৰযু নদীত ২ নাৱৰ সংঘৰ্ষ : এগৰাকী বেংক মেনেজাৰ সন্ধানহীন - Ayodhya Saryu river boat accident

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 9:45 AM IST

Saryu River Boat Capsized : শুকুৰবাৰে সন্ধিয়া অযোধ্যাৰ আৰতি স্থানৰ ওচৰত দুখন নাৱৰ সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত এজন নাৱৰীয়াসহ 10 গৰাকী লোক পানীত ডুব যায় । উদ্ধাৰকাৰী দলে নজন লোকক উদ্ধাৰ কৰে । আনহাতে, মেঘালয়ত চাকৰি কৰি থকা এগৰাকী মহিলা বেংক মেনেজাৰৰ সন্ধানত অভিযান চলি আছে ।

Saryu River Boat Capsized
অযোধ্যাৰ সৰযু নদীত ২ নাৱৰ সংঘৰ্ষ (ETV Bharat)

নিউজ ডেস্ক, ৩ আগষ্ট : শুকুৰবাৰে সন্ধিয়া অযোধ্যাৰ সৰযু নদীৰ আৰতি স্থানৰ ওচৰত দুখন নাৱৰ সংঘৰ্ষ হয় । ইয়াৰ ফলত এখন নাও ওলোটা খাই পৰে । ফলত নাওখনত থকা নাবিকসহ ১০ গৰাকী লোক পানীত ডুবিবলৈ আৰম্ভ কৰে । এই ঘটনা প্ৰত্যক্ষ কৰি ওচৰ-পাজৰৰ লোকসকলে চিঞৰ-বাখৰ কৰাত স্থানীয় ডুবাৰু আৰু নদী আৰক্ষীৰ কৰ্মীসকল সক্ৰিয় হৈ পৰে ।

তেওঁলোকে নৈৰ বুকুত অভিযান চলাই 9 গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে । আনহাতে, এগৰাকী মহিলা বেংক মেনেজাৰৰ সন্ধান পোৱা হোৱা নাই । উদ্ধাৰকাৰী দলে তেওঁৰ অনুসন্ধানত অভিযান চলাই আছে । সৰযু নদীৰ সোঁত প্ৰবল হোৱাৰ বাবে কেইবা কিলোমিটাৰ ধৰি অনুসন্ধান অভিযান চলোৱা হৈছে ।

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত ৰামনগৰীৰ আৰতি স্থানত মানুহৰ যথেষ্ট সমাগম হয় । সেই সময়ত কিছু লোকে নৌকা বিহাৰ কৰি আছিল । ফিৰোজাবাদৰ বাসিন্দা কাশীশ (২৯) অন্য আঠগৰাকী লোকৰ সৈতে এখন নাৱত আছিল । কাশীশ মেঘালয় গ্ৰামীণ বেংকৰ এগৰাকী মেনেজাৰ । তেওঁ অযোধ্যা ভ্ৰমণলৈ আহিছিল । সেই সময়তে আন এখন নাৱৰ সৈতে নদীৰ প্ৰবল সোঁতত তেওঁলোকৰ নাওখনৰ সংঘৰ্ষ হয় ।

দুৰ্ঘটনাটোৰ পিচতে নাওখনত থকা সকলো যাত্ৰী নদীত পৰি যায় । তাৰ পিচত তেওঁলোক নদীৰ প্ৰবল সোঁতত উটি যাবলৈ আৰম্ভ কৰে । ওচৰ-পাজৰৰ লোকে এই দৃশ্যটো প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে । মুহূৰ্ততে ঘটনাস্থলীত যথেষ্ট লোকৰ সমাসম হয় ।

আনহাতে, কিছু সময় পিচত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ লোক । তেওঁলোকে নদীত পৰা লোককেইজনক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে । কঠোৰ পৰিশ্ৰমৰ অন্তত উদ্ধাৰকাৰী দলে নাৱৰীয়াসহ ৯ গৰাকী লোকক নদীৰ পৰা উদ্ধাৰ কৰে । কিন্তু কাশীশক বিচাৰি পোৱা নগ'ল । উদ্ধাৰকাৰী দলে তেওঁৰ সন্ধানত অভিযান চলাই আছে ।

উল্লেখ্য যে, নাওখনত থকা আটাইকেইগৰাকী লোকে লাইফ জেকেট পিন্ধি আছিল । কাশীশেও এটা জেকেট পিন্ধিছিল । কিন্তু অনুমান কৰা হৈছে তেওঁ নদীৰ গভীৰ সোঁতত পৰাত দূৰলৈ আগবাঢ়ি যায় । এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কেইবা কিলোমিটাৰ দূৰলৈকে অভিযান চলোৱা হৈছে ।

ঘটনা সন্দৰ্ভত অযোধ্যাৰ এছ এছ পি ৰাজকৰণ নায়াৰে কয়, "দুখন নাৱৰ সংঘৰ্ষৰ পিচত এখন নাও ডুবি যায় । তাত মুঠ ১০ গৰাকী লোক আছিল । ঘটনাস্থলীত উপস্থিত হোৱা এছ ডি আৰ এফ আৰু ডুবাৰুসকলে তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু নাৱৰীয়াসহ ৯ গৰাকী লোকক উদ্ধাৰ কৰে ।"

"নাওখনত থকা এগৰাকী মহিলাৰ সন্ধান উলিয়াব পৰা নাই । তেওঁ লাইফ জেকেটো পিন্ধি আছিল । নদী আৰক্ষী আৰু এছ ডি আৰ এফ দলে তেওঁক বিচাৰি আছে । তেওঁক সোনকালেই উদ্ধাৰ কৰিব পৰা যাব ।" এছ এছ পিয়ে লগতে কয় ।

লগতে পঢ়ক :উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগ : উদ্ধাৰকাৰ্যত নামিল বায়ুসেনাৰ হেলিকপ্টাৰ - Cloudburst in Uttarakhand
লগতে পঢ়ক :উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণত নিহত ১৪; স্থগিত কেদাৰনাথ যাত্ৰা - Uttarakhand flood situation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.