ETV Bharat / bharat

বিয়লি পদ এৰিব কেজৰিৱালে, দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আতিশী - ATISHI NEXT CM

author img

By PTI

Published : Sep 17, 2024, 12:01 PM IST

Updated : Sep 17, 2024, 3:28 PM IST

Delhi New CM: দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লিনা ৷ আপৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে আতিশীৰ নাম পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে চূড়ান্ত কৰা হয় ৷ সুষমা স্বৰাজ আৰু শিলা দীক্ষিতৰ পাচত আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী ।

ATISHI NEXT CM
আতিশী মাৰ্লেনা (ETV Bharat)

নিউজ ডেস্ক, 17 ছেপ্টেম্বৰ: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উত্তৰসূৰী হ’ব আতিশী মাৰ্লেনা ৷ আজি দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত আপৰ বিধায়িনী দলৰ বৈঠকত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আতিশীৰ নাম অনুমোদন জনোৱা হয় । বৈঠকত মুখ্যমন্ত্ৰী কেজৰিৱালে আতিশীৰ নাম প্ৰস্তাৱ কৰে । কেজৰিৱালৰ এই প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় । এই বৈঠকৰ পাছত দিল্লী চৰকাৰৰ মন্ত্ৰী গোপাল ৰায়ে সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷

আপ নেতা গোপাল ৰায়ে দিল্লীত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দলৰ দাবী পুনৰাবৃত্তি কৰি কয় যে যেতিয়ালৈকে জনসাধাৰণে অৰবিন্দ কেজৰিৱালক বিপুল সংখ্যাগৰিষ্ঠতাৰে নিৰ্বাচিত নকৰে তেতিয়ালৈকে আতিশীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিব । দলৰ সৰ্বসন্মতিক্ৰমে আতিশী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ৷ কঠিন পৰিস্থিতিত অতিশীক দায়িত্ব দিয়া হৈছে ৷

লগতে পঢ়ক: দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব আতিশী ! - ATISHI NEXT CM

দিল্লী চৰকাৰৰ পৰিবহন মন্ত্ৰী ৰায়ে লগতে আজি বিয়লি ৪:৩০ বজাত অৰবিন্দ কেজৰিৱালে তেওঁ পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা জানিবলৈ দিয়ে ৷ লগতে কেজৰিৱালে শীঘ্ৰে আতিশীৰ নেতৃত্বত নতুন চৰকাৰ গঠনৰ বাবে আবেদন দাখিল কৰাৰ কথা তেওঁ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ ইফালে সংবাদ মাধ্যমক সম্বোধন কৰি আতিশীয়ে তেওঁক দায়িত্ব দিয়াৰ বাবে কৃতজ্ঞতা জনাই কেজৰিৱালে ত্যাগৰ নিদৰ্শন দাঙি ধৰিলে বুলি উল্লেখ কৰে ৷ তেওঁ অৰবিন্দ কেজৰিৱালৰ পদত্যাগত দিল্লীৰ ৰাইজ দুঃখিত বুলি উল্লেখ কৰি কয় যে দিল্লীৰ এজনেই মুখ্যমন্ত্ৰী, তেওঁ হৈছে অৰবিন্দ কেজৰিৱাল ৷

তেওঁ লগতে পৰৱৰ্তী নিৰ্বাচনলৈকেহে মুখ্যমন্ত্ৰী হৈ থকা কথা উল্লেখ কৰি কেজৰিৱালৰ নিৰ্দেশনাত চৰকাৰৰ কাম-কাজ আগুৱাই নিয়াৰ কথা উল্লেখ কৰে ৷ উল্লেখ্য যে, আতিশী মুখ্যমন্ত্ৰী কেজৰিৱালৰ অতি ঘনিষ্ঠ বুলি জনা যায় । কেজৰিৱাল জেললৈ যোৱাৰ পিছত আতিশীয়ে দিল্লীৰ দায়িত্বভাৰ লয় ৷ আতিশীৰ নামটো বিশেষভাৱে চৰ্চিত হৈছিল কাৰণ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াৰ প্ৰভাৱত থকাৰ সময়ত আতিশীয়ে দলীয় কাম-কাজক গতি প্ৰদান কৰিছিল ।

লগতে পঢ়ক: চূড়ান্ত হ’ল অৰবিন্দ কেজৰিৱালৰ উত্তৰাধিকাৰী; আতিশী মাৰ্লেনাৰ ৰাজনৈতিক পৰিক্ৰমা - Delhi New CM Atishi

আজি দিল্লীৰ মুখ্যমন্ত্ৰী পদ এৰিব অৰবিন্দ কেজৰিৱালে ! কোন হ’ব পৰবৰ্তী CM ? - Kejriwal To Resign As Delhi CM

Last Updated : Sep 17, 2024, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.