ETV Bharat / bharat

বেংগালুৰুৰ নামঘৰত কৃষ্ণৰ জন্মাষ্টমী পালন প্ৰৱাসী অসমীয়াৰ - Krishna Janmashtami 2024

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 12:29 PM IST

Krishna Janmashtami 2024: বেংগালুৰুত শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজৰ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে । প্ৰৱাসী অসমীয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

Krishna Janmashtami 2024
বেংগালুৰুৰ নামঘৰত কৃষ্ণৰ জন্মাষ্টমী পালন প্ৰৱাসী অসমীয়াৰ (ETV Bharat)

গুৱাহাটী,২৬ আগষ্ট : আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী । দেশৰ বিভিন্ন প্ৰান্তত কৃষ্ণৰ জন্মাষ্টমীৰ ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে । অসমৰ বিভিন্ন মন্দিৰ, নামঘৰ আদিত ভক্তসকলে কৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰিছে । ইফালে বেংগালুৰুৰ নামঘৰটো প্ৰৱাসী অসমীয়াই জন্মাষ্টমী পালন কৰিছে ।

হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি পবিত্ৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত জন্ম হৈছিল প্ৰভু শ্ৰীকৃষ্ণৰ । সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ভাদ মাহত ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উলহ-মালহেৰে পালন কৰি আহিছে ৷ দেশৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা নানা কাৰ্যসূচীৰে কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে ।

বেংগালুৰুৰ নামঘৰত কৃষ্ণৰ জন্মাষ্টমী পালন

ইফালে প্ৰতিবছৰৰ দৰে এইবাৰো শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজৰ উদ্যোগত বেংগালুৰুৰ নামঘৰত উলহ-মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ কাৰ্যসূচী । ২৫ আগষ্টৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বেংগালুৰুৰ নামঘৰত উদযাপন কৰা হৈছে জন্মাষ্টমীৰ কাৰ্যসূচী । দেওবাৰৰ প্ৰথম দিনটোত ৫ শতাধিক লোকৰ উপস্থিতিত নাম-প্ৰসঙ্গ, কীৰ্তন-পাঠ, দিহা নাম আদিৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় । সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে গুৰু বন্দনা, বিষ্ণু বন্দনা, কৃষ্ণ বন্দনা, বৰগীত, সত্ৰীয়া নৃত্য আৰু কণ কণ শিশুসকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয় ।

লগতে অনুষ্ঠানৰ অন্তত নামঘৰত উপস্থিত থকা বয়োজ্যেষ্ঠ ভকতসকলে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলক একোখনকৈ মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰে । ইফালে নামঘৰত বিভিন্ন প্ৰৱাসী অসমীয়াৰ লগতে স্থানীয় লোকসকলে মনোকামনাৰ উদ্দেশ্যে শৰাই আগবঢ়ায় । উল্লেখ্য যে বেংগালুৰুত প্ৰতিষ্ঠা হোৱা অসমীয়াৰ একমাত্ৰ আধ্যাত্মিক অনুষ্ঠান বেংগালুৰু নামঘৰত বহিঃৰাজ্যত থকা অসমীয়াসকলে শঙ্কৰী কলা-কৃষ্টি চৰ্চা অব্যাহত ৰাখি আহিছে ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী লোককে শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ বেংগালুৰুৰ সভাপতি চন্দন সোণোৱালৰ লগতে উপ-সভাপতি প্ৰণৱ জ্যোতি বৰাই কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক :জন্মাষ্টমীৰ দিনা কৰক এই উপায়, দূৰ আপোনাৰ জীৱনৰ এইসমূহ সমস্যা - Astro Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.