ETV Bharat / bharat

আগ্ৰাত অসমৰ কিশোৰীয়ে কিয় কৰিলে এই কাণ্ড ? - PROSTITUTION IN AGRA

ঘৰ এৰি গৈ আগ্ৰাত হোটেলৰ দ্বিতীয় মহলাৰ পৰা কিয় জঁপিয়ালে অসমৰ কিশোৰীয়ে ?

Prostitution in Agra
আগ্ৰাত অসমৰ কিশোৰীয়ে কিয় কৰিলে এই কাণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 12:29 PM IST

আগ্ৰা : তাজনগৰীৰ ট্ৰান্স যমুনা থানাৰ টেড়ি বগীয়া অঞ্চলত চাঞ্চল্যকৰ ঘটনা । এখন হোটেলৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে কিশোৰীয়ে । যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰীগৰাকী । অভিযোগ অনুসৰি এগৰাকী মহিলা আৰু এজন যুৱকে কিশোৰীগৰাকীক হোটেললৈ লৈ গৈছিল । তেওঁলোকে কিশোৰীগৰাকীক দেহ ব্যৱসায়ত জড়িত হ'বলৈ হেঁচা প্ৰয়োগ কৰিছিল । কিশোৰীগৰাকীয়ে তেওঁলোকৰ কৱলৰ পৰা ৰক্ষা পাবলৈ এই সিদ্ধান্ত লৈছিল বুলি জানিব পৰা গৈছে । জানিব পৰা মতে কিশোৰীগৰাকী অসমৰ বাসিন্দা । আৰক্ষীয়ে তেওঁৰ পৰিয়ালক ঘটনাটোৰ বিষয়ে অৱগত কৰিছে ।

দেহ ব্যৱসায়ী চক্ৰৰ কৱলত অসমৰ কিশোৰী

ট্ৰেন্স যমুনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ভানু প্ৰতাপ সিঙে কয় যে অসমৰ ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে পৰিয়ালৰ সৈতে কাজিয়া কৰি ১ ডিচেম্বৰত ঘৰ এৰি আহিছিল । গুৱাহাটী ষ্টেচনত তেওঁ এগৰাকী মহিলাক লগ পাইছিল । কিশোৰীগৰাকীক মহিলাগৰাকীয়ে টুণ্ডলা ষ্টেচনলৈ লৈ আহিছিল । তাৰ পৰা দুয়ো আগ্ৰাৰ এখন হোটেললৈ গৈছিল ।

আৰক্ষীৰ ভাৰপ্ৰাপ্ত ভানু প্ৰতাপ সিঙৰ মতে কিশোৰীগৰাকীয়ে জেৰাত স্বীকাৰ কৰিছে যে মহিলাগৰাকী আৰু তেওঁৰ সহকৰ্মী যুৱকজনে হোটেলখনত অনৈতিক কাৰ্যকলাপত লিপ্ত হ'বলৈ কৈছিল । তাৰ পিছত কিশোৰীগৰাকীয়ে তেওঁলোকৰ কৱলৰ পৰা পলাবলৈ হোটেলৰ বাৰান্দাৰ পৰা জঁপিয়াইছিল । অৱশ্যে কিশোৰীগৰাকী ওচৰৰে এখন দোকানৰ চালত পৰিছিল । কিশোৰীগৰাকীৰ চিঞৰ শুনি স্থানীয় লোকসকল সমবেত হয় আৰু আৰক্ষীক খবৰ দিয়ে । আৰক্ষী বিষয়াগৰাকীৰ মতে কিশোৰীগৰাকীয়ে দুয়োখন ভৰিতে আঘাত পাইছে ।

অভিযুক্ত পলাতক

আৰক্ষী বিষয়াগৰাকীৰ মতে কিশোৰীগৰাকীয়ে দিয়া নাম আৰু ঠিকনাৰ ভিত্তিত পৰিয়ালটোক অৱগত কৰা হৈছে । তেওঁ কয়, "আমি পৰিয়ালৰ সদস্যৰ আগমনৰ বাবে অপেক্ষা কৰি আছো । অভিযুক্ত মহিলাগৰাকী আৰু তেওঁৰ সহযোগী যুৱকজনক চিনাক্ত কৰিবলৈ হোটেলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে ।" জানিব পৰা মতে অভিযুক্ত মহিলা আৰু যুৱকজন হাথৰাছৰ । ইফালে হোটেলৰ কৰ্মচাৰীও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :এক কোটি দহ লাখ টকা ক্ষতিপূৰণ ! এটা মোবাইল নম্বৰক লৈ এখন চিনেমাৰ বিড়ম্বনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.