ETV Bharat / bharat

অসম ৰাইফলছৰ দুদিনীয়া মহাপৰিদৰ্শক সন্মিলনৰ সামৰণি - ASSAM RIFLES

৬ আৰু ৭ নৱেম্বৰত শ্বিলংস্থিত মুখ্য কাৰ্যালয়ত অসম ৰাইফলছৰ মহাপৰিদৰ্শক সন্মিলনখন অনুষ্ঠিত হয় ।

Assam Rifles IG Conference
অসম ৰাইফলছৰ দুদিনীয়া মহাপৰিদৰ্শক সন্মিলনৰ সামৰণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 10:32 AM IST

তেজপুৰ : মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ লাইটকোৰস্থিত অসম ৰাইফলছ সঞ্চালকালয়ৰ মুখ্য কাৰ্যালয়ত ৬ আৰু ৭ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত অসম ৰাইফলছৰ মহাপৰিদৰ্শক সন্মিলনখনৰ বৃহস্পতিবাৰে সামৰণি পৰে । সামৰণী অনুষ্ঠানৰ ভাষণত অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰা, এ ভি এছ এম, এছ এমে কয়, "ভাৰত-ম্যানমাৰ সীমান্তৰ নিৰাপত্তা আৰু পবিত্ৰতা বজাই ৰখাৰ লগতে ভৱিষ্যতে উদ্ভৱ হোৱা সকলো আকস্মিক পৰিস্থিতি আৰু নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ বাবে অসম ৰাইফলছ সাজু হোৱা উচিত ।"

আনহাতে, অসম ৰাইফলছৰ মুখপাত্ৰ লেফ্টটেনেণ্ট কৰ্ণেল ৰোহণ মহাজনে জনোৱা মতে, অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰা, এভিএছএম, এছএমৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনত মুখ্য কাৰ্যালয়ৰ ডি জি এ আৰ আৰু ফৰ্মেচনৰ ফৰ্মেচন কমাণ্ডাৰ, বেটেলিয়ন কমাণ্ডাৰ আৰু ষ্টাফ অফিচাৰসকল উপস্থিত থাকে ।

Assam Rifles IG Conference
সভাৰ এটা মুহূৰ্ত (ETV Bharat Assam)

লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰাই বাহিনীটোৰ সকলো ৰেংকক প্ৰত্যাহ্বানমূলক পৰিস্থিতিত পেছাদাৰী আচৰণ আৰু প্ৰদৰ্শনৰ বাবে তেওঁৰ ভাষণত প্ৰশংসা কৰে ।

উল্লেখ্য যে অসম ৰাইফলছৰ মহাপৰিদৰ্শক সন্মিলন, ২০২৪ ৰ মূল বিষয়বস্তুসমূহৰ ভিতৰত অন্যতম আছিল অসম ৰাইফলছৰ সামৰ্থ আৰু যুদ্ধ সম্ভাৱনা বৃদ্ধিৰ ওপৰত আলোচনা, অসম ৰাইফলছৰ বাবে নতুন প্ৰজন্মৰ অস্ত্ৰ ব্যৱস্থা আৰু সামৰিক সঁজুলি অধিগ্ৰহণৰ ক্ষেত্ৰত ৰোড মেপ প্ৰস্তুত কৰা, ফৰ্মেচন/ইউনিটসমূহৰ মাজত উত্তম পদ্ধতিসমূহৰ ভাগ-বতৰা আৰু বাহিনীটোৰ সামগ্ৰিক দক্ষতা বৃদ্ধি কৰিবলৈ অভিজ্ঞতাৰ ব্যৱহাৰ, সেনাৰ প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিয়া ।

Assam Rifles IG Conference
উপস্থিত বিষয়াসকল (ETV Bharat Assam)

আনহাতে, নিজ নিজ দায়িত্বৰ ক্ষেত্ৰত শান্তি-শৃংখলা নিশ্চিত কৰাৰ বাবে ফৰ্মেচন আৰু ইউনিট কমাণ্ডাৰসকলক সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰশংসা কৰে । তেওঁ জোৱানসকলক বাহিনীটোৱে যি অস্থিৰ আৰু গতিশীল পৰিৱেশত কাম কৰে তাৰ প্ৰতিও সদায় সজাগ হ’বলৈ আহ্বান জনায় ।

অসম ৰাইফলছৰ মহাপৰিদৰ্শক সন্মিলন, ২০২৪ ৰ জৰিয়তে কমাণ্ডাৰসকলক যুদ্ধৰ সম্ভাৱনা, কাৰ্যকৰী প্ৰস্তুতি, প্ৰশাসনিক বিষয় আৰু মানৱ সম্পদ ব্যৱস্থাপনা বিষয়ৰ সৈতে জড়িত জটিল বিষয়সমূহৰ ওপৰত আলোচনাৰ এক মূল্যৱান মঞ্চ প্ৰদান কৰে ।

লগতে পঢ়ক :অদৃশ্য সন্ত্ৰাসবাদৰ মোকাবিলাৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজন: অমিত শ্বাহ
লগতে পঢ়ক :অনুচ্ছেদ ৩৭০ ক লৈ উত্তাল জম্মু-কাশ্মীৰ বিধানসভা; সদনৰ ভিতৰতে বিধায়কৰ হতাহতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.