ETV Bharat / bharat

৬৪ কোটি ইহাত-সিহাত : মধ্যপ্ৰদেশৰ বিধায়কৰ ঘৰত সোমাল অসম আৰক্ষী - Assam Police - ASSAM POLICE

Assam Police raid in Madhya Pradesh : অসম আৰক্ষীয়ে অভিযান চলালে মধ্যপ্ৰদেশৰ বিধায়কৰ বাসগৃহত ৷ কংগ্ৰেছ বিধায়ক যদুবেন্দ্ৰ সিং বুন্দেলাৰ ঘৰত চলিল অসম আৰক্ষীৰ অভিযান ৷ জব্দ বহু নথি-পত্ৰ ৷

Assam Police raid in Madhya Pradesh
মধ্যপ্ৰদেশত অসম আৰক্ষীৰ অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 8:44 PM IST

নিউজ ডেস্ক, ২৪ জুলাই : মধ্যপ্ৰদেশৰ কংগ্ৰেছ বিধায়কৰ ঘৰত বুধবাৰে তালাচী চলালে অসম আৰক্ষীয়ে ৷ এক প্ৰৱঞ্চনাৰ গোচৰৰ ভিত্তিত বিধায়ক যাদৱেন্দ্ৰ সিং বুন্দেলাৰ ঘৰত চলোৱা হয় এই তালাচী ৷ অসম আৰক্ষীৰ লগতে মধ্য প্ৰদেশ আৰক্ষীৰ এটা বিশাল দলে বিধায়কগৰাকীৰ বাসগৃহত অভিযান চলায় ৷

জানিব পৰা মতে বিধায়ক যাদৱেন্দ্ৰ সিং বুন্দেলাৰ পুত্ৰ শাশ্বত সিং বুন্দেলাৰ বিৰুদ্ধে অসমত ৰুজু হৈ আছে প্ৰৱঞ্চনাৰ গোচৰ ৷ কিন্তু এইপৰ্যন্ত অভিযুক্ত শাশ্বত সিং বুন্দেলাক কৰায়ত্ব কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই ৷ অভিযুক্ত শাশ্বত সিং বুন্দেলাৰ সন্ধানত অসম আৰক্ষীয়ে বুধবাৰে বিধায়কজনৰ ঘৰত তালাচী চলায় ৷

অভিযানকালত আৰক্ষীয়ে বিধায়কগৰাকীৰ বাসগৃহৰ পৰা বহু নথিপত্ৰ জব্দ কৰে ৷ অৱশ্যে, এইক্ষেত্ৰত কংগ্ৰেছ বিধায়ক যাদৱেন্দ্ৰ সিং আৰু অসম আৰক্ষীৰ ফালৰ পৰা কোনো বিবৃতি প্ৰকাশ কৰা নাই ৷

পুৱতি নিশা আৰক্ষীৰ অভিযান :

বুধবাৰে পুৱতি নিশাই মধ্যপ্ৰদেশৰ টিকমগড়ত এই অভিযান চলোৱা হয় ৷ অসম আৰক্ষীৰ লগতে মধ্যপ্ৰদেশ আৰক্ষীৰ বৃহৎ দলটো পুৱাই উপস্থিত হয় দৰৱাজা এলেকাত থকা কংগ্ৰেছ বিধায়ক যাদৱেন্দ্ৰ সিং বুন্দেলাৰ বাসগৃহত ৷ উল্লেখ্য যে ছমাহ পূৰ্বে টিকমগড়ৰ বিধায়ক যাদৱেন্দ্ৰ সিং বুন্দেলাৰ পুত্ৰ শাশ্বত সিং বুন্দেলাক বিচাৰি অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল ৷ বিধায়কজনৰ পুত্ৰকে ধৰি ১৪ গৰাকী লোকৰ বিৰুদ্ধে ৬৪ কোটি টকাৰ জালিয়াতিৰ গোচৰত ৪২০ ধাৰা আৰু অন্যান্য ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷

কিন্তু সেই সময়ত বিধায়ক পুত্ৰক আৰক্ষীয়ে আটক কৰিব পৰা নাছিল ৷ তেতিয়াৰ পৰাই আদালতত চলি আছিল জালিয়াতিৰ গোচৰ ৷ বুধবাৰে পুনৰ একেটা বিষয়ত অসম আৰক্ষীৰ ৬ গৰাকী বিষয়া আৰু ২৪ গৰাকী কনিষ্টবলকে ধৰি স্থানীয় আৰক্ষীয়ে অভিযান চলাই বিধায়কগৰাকীৰ বাসগৃহত ৷ কিন্তু এই প্ৰসংগত সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে টিকমগড়ৰ বিধায়ক যাদৱেন্দ্ৰ সিং বুন্দেলাও ৷

বিধানসভা নিৰ্বাচনৰ পূৰ্বেও অভিযান চলোৱা হৈছিল :

তাৎপৰ্যপূৰ্ণভাৱে, বিধানসভা নিৰ্বাচনৰ ঠিক আগতে অসম আৰক্ষীয়ে যাদৱেন্দ্ৰ সিং বুন্দেলাৰ বাসগৃহত তালাচী চলাইছিল ৷ সেই সময়ত কংগ্ৰেছ কৰ্মীসকলে উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰি আৰক্ষীৰ সেই অভিযানৰ বিৰোধিতা কৰিছিল ৷ কিন্তু এইবাৰ অসম আৰক্ষী আৰু কংগ্ৰেছ বিধায়গৰাকীয়ে বিষয়টো আদালতৰ বিচাৰাধীন বুলি উল্লেখ কৰি কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷ বৰ্তমানো অসম আৰক্ষীয়ে বিধায়কপুত্ৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : সোণাইত ব্লেকমেইল কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী ভুৱা সাংবাদিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.