ETV Bharat / bharat

ঝাৰখণ্ডৰ ডিজিপিক সকীয়নি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Jharkhand Assembly Election 2024

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 8:20 AM IST

Jharkhand Assembly Election 2024: বিজেপি দলৰ সহ-প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ব্যস্ত ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত । সংবাদমেলযোগে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানক তীব্ৰ কটাক্ষ অসমৰ মুখ্যমন্ত্ৰীৰ । আৰক্ষীৰ বিৰুদ্ধে আদালত আৰু নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ ।

Jharkhand Assembly Election 2024
ঝাৰখণ্ডৰ ডিজিপিক সকীয়নি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat)

নেশ্যনেল ডেস্ক,২৬ আগষ্ট : সমাগত ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ লগত সংগতি ৰাখি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰ ৰাজ্যখনত বাহৰ পাতিছে । কিয়নো তেওঁক বিজেপি দলে ৰাজ্যখনৰ সহ-প্ৰভাৰীৰ দায়িত্ব দিছে । প্ৰায়ে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰি বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈছে ।

ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সহ-প্ৰভাৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ গুপ্তাক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় যে ২৩ আগষ্টত ৰাজ্যখনৰ যুৱক-যুৱতীসকলে বিভিন্ন দাবীৰে আক্ৰোশ ৰেলীত যোগদান কৰিবলৈ মৰহাবাদী ময়দানত উপস্থিত হৈছিল । কিন্তু অধিকাৰ দাবী কৰিবলৈ আহি যুৱক-যুৱতীসকলে আৰক্ষীৰ লাঠিৰ কোব খাবলগীয়া হৈছিল ।

তেওঁ কয় যে অসমৰ মানুহে আলফাৰ সৈতে যুঁজি আছে কিন্তু ইয়াৰ দৰে এনেদৰে বেৰিকেডিং কৰা হোৱা নাই । তেওঁ লগতে কয় যে বিজেপিৰ ৫২ গৰাকী নেতা-কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । তাত কোনো আপত্তি নাই । তেওঁ উল্লেখ কৰা মতে যুৱসকলক কাৰাগাৰলৈ প্ৰেৰণৰ কৰাৰ উদ্দেশ্যে ১২০০০ অজ্ঞাত লোকৰ বিৰুদ্ধে আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে ।

তেওঁ কয় যে যেতিয়া যুৱকসকলক মৰহাবাদী ময়দানত একত্ৰিত হৈছিল জেএমএমৰ মুখপাত্ৰই এক বিবৃতি দিছিল যে ৫০০০ তকৈও কম লোক একত্ৰিত হৈছে । এনে পৰিস্থিতিত ১২,০০০ অজ্ঞাত লোকৰ বিৰুদ্ধে কেনেকৈ এজাহাৰ দাখিল কৰা হ'ল আৰু ৭০০০ অতিৰিক্ত লোক ক'ৰ পৰা আহিছিল বুলিও তেওঁ প্ৰশ্ন কৰে ।

আৰক্ষী সঞ্চালক প্ৰধানক প্ৰত্যাহ্বান

মুখ্যমন্ত্ৰীগৰাকীয়ে ডিজিপিক আক্ৰমণ কৰি কয় যে তৈলমৰ্দনৰ এক সীমা থাকে । আনকি জালিয়ানৱালা বাগত, ব্ৰিটিছে এনে এজাহাৰ দাখিল কৰা নাছিল । তেওঁ ডিজিপিক ৩ দিনৰ ভিতৰত ১২,০০০ যুৱকৰ নাম প্ৰকাশ কৰিবলৈ আহ্বান জনায় । আনকি ৰেলীৰ সময়ত কন্দুৱা গেছ নিক্ষেপ কৰাক লৈও মুখ্যমন্ত্ৰীগৰাকী ক্ষোভিত হৈ পৰে । বিষয়টো আদালত আৰু নিৰ্বাচন আয়োগৰ ওচৰলৈ লৈ যোৱাৰো হুংকাৰ দিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । আনকি এনে আৰক্ষী সঞ্চালক প্ৰধানৰ অধীনত নিৰপেক্ষ নিৰ্বাচন সম্ভৱ নহ'ব বুলিও তেওঁ দাবী কৰে ।

নিৰীহ যুৱকক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ষড়যন্ত্ৰ

অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মতে ষড়যন্ত্ৰৰ অধীনত ১২,০০০ অজ্ঞাত লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আপুনি গণতান্ত্ৰিক আন্দোলনক এনেদৰে চূৰ্ণ-বিচূৰ্ণ কৰিব নোৱাৰে । গণতান্ত্ৰিকভাৱে আন্দোলন কৰাটো সকলোৰে অধিকাৰ । পশ্চিমবংগত যি নিয়ম, ঝাৰখণ্ড বা অসম চৰকাৰৰ বাবেও একেই নিয়ম ।" আন্দোলনকাৰীক বাধা দিবলৈ আৰক্ষীয়ে কাঁইটীয়া বেৰিকেড স্থাপন কৰাৰো অভিযোগ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

আন্দোলনৰ সময়ত শিলাবৰ্ষণৰ দৰে ঘটনা সংঘটিত হোৱা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে সাধাৰণ পোছাকত আৰক্ষীৰ লোকে এই কাম কৰিছিল । তেওঁ অভিযোগ কৰা মতে যুৱকসকলক ব্লেকমেইলিং কৰিবলৈ আৰক্ষীয়ে এনে ধৰণৰ গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক :প’ৰ্টেলৰ জৰিয়তে ৰাজহুৱা কৰা হ’ব মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তথ্য: গৌৰৱ গগৈ - Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.