ETV Bharat / bharat

মুছলমানসকলে যি সংৰক্ষণ পাই আছে, শেষ হ’ব লাগে: হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma in Bihar - HIMANTA BISWA SARMA IN BIHAR

Assam CM On Muslim Reservation : এদিনীয়া ভ্ৰমণসূচীৰে বিহাৰত উপস্থিত হোৱা হিমন্ত বিশ্ব শৰ্মাই একেলগে কেইবাটাও বিষয়ত বিৰোধী দলক সমালোচনা কৰে। সংৰক্ষণৰ পৰা আৰম্ভ কৰি বিৰোধী মিত্ৰতালৈকে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সম্পূৰ্ণ খবৰ পঢ়ক-

Assam CM On Muslim Reservation
বিহাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT BIHAR DESK)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 9:21 PM IST

নেশ্যনেল ডেস্ক, 11 মে’ : নিজৰ বক্তব্যৰ বাবে সদায়ে সংবাদ শিৰোনামা দখল কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহাৰত উপস্থিত হৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিছে ৷ পুনৰ এবাৰ সংৰক্ষণ সন্দৰ্ভত তেওঁ কৰা বক্তব্যক লৈ এতিয়া ৰাজনীতি হোৱাটো নিশ্চিত ৷ শনিবাৰে বিহাৰৰ বেগুছৰাইত এখন নিৰ্বাচনী সভাত ভাষণ দি পাটনালৈ উভতি আহে হিমন্ত বিশ্ব শৰ্মা ৷ এই সময়চোৱাত তেওঁ মিত্ৰতাক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হয় ৷

‘মুছলমানৰ বাবে সংৰক্ষণৰ অন্ত পৰিব লাগে’:

আচলতে কিছুদিন পূৰ্বে আৰ জে ডি মুৰব্বী লালু প্ৰসাদ যাদৱে মুছলমানৰ বাবে সংৰক্ষণৰ পৰিসৰ বৃদ্ধি কৰাৰ পোষকতা কৰিছিল ৷ যদিও তেওঁ নিজৰ বক্তব্যৰ পৰা ইউ টাৰ্ণ লৈছিল, তথাপিও লালু প্ৰসাদৰ এই বক্তব্যক বিজেপি নেতাসকলে তীব্ৰ সমালোচনা কৰিছে ৷ এই প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়- "মুছলমানে যি সংৰক্ষণ পাই আছে সেয়া শেষ হ'ব লাগে বুলি আমি বিশ্বাস কৰোঁ ৷"

‘ধৰ্মৰ ভিত্তিত সংৰক্ষণ কৰিব নোৱাৰি’:

অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে কর্ণাটক, বেংগালুৰু আৰু অন্ধ্ৰ প্ৰদেশতো মুছলমানে যি সংৰক্ষণ পাই আছে সেই সংৰক্ষণৰ অন্ত পেলাব লাগে ৷ লালু প্ৰসাদ যাদৱৰ বক্তব্যৰ উদ্ধৃতি দি হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভাৰতত ধৰ্মৰ ভিত্তিত সংৰক্ষণ থাকিব নোৱাৰে ৷ যিয়ে বাবা চাহেবৰ বিৰুদ্ধে যাব, আমি তেওঁলোকৰ সৈতে যুঁজিম ৷"

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- "যদি এন ডি এ চৰকাৰ গঠন হয়, ভাৰতত অধিকৃত কাশ্মীৰ (পি অ' কে) অন্তৰ্ভূক্ত কৰা হ'ব ৷ কৃষ্ণৰ জন্মস্থানো মুক্ত কৰিব লাগিব ৷ জ্ঞানবাপী মছজিদ শেষ হ'ব আৰু কাশী-বিশ্বনাথৰ দৰে এটা বিশাল মন্দিৰ হৈ পৰিব ৷ ইউনিফৰ্ম চিভিল কোড থাকিব ৷"

'লালু-তেজস্বীয়ে লোকসভাৰ বাবে আন এখন দেশলৈ যাব লাগিব':

এই সময়চোৱাত হিমন্ত বিশ্ব শৰ্মাই লালু প্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱকো সমালোচনা কৰে ৷ তেওঁ কয় যে "বিজেপিয়ে সদায় বিহাৰত আসন লাভ কৰে ৷ এইবাৰো আমি আৰু মোদীজীয়ে জনসাধাৰণৰ আশীৰ্বাদ লাভ কৰিম ৷ হয়, যদি লালুজী আৰু তেজস্বীজীয়ে লোকসভালৈ যাব বিচাৰে তেন্তে তেওঁলোকে আন এখন দেশলৈ যাব লাগিব, পাকিস্তানলৈ যাব লাগিব ৷"

'বিৰোধী মিত্ৰজোঁটৰ ম্যাদ উকলি যোৱাৰ তাৰিখ 4 জুন':

মল্লিকাৰ্জুন খাৰ্গেৰ বিহাৰ ভ্ৰমণ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় যে "ইণ্ডি মিত্ৰজোঁটৰ ম্যাদ উকলি যোৱাৰ তাৰিখ 4 জুন ৷ 4 জুনৰ পূৰ্বে তেওঁলোকে যিমান সভা অনুষ্ঠিত কৰে কৰিবলৈ দিয়ক ৷ 4 জুনৰ পিচত কোনেও তেওঁলোকৰ সভালৈ কোনো নাহে, সকলো শেষ হ'ব ৷"

লগতে পঢ়ক : 75 বছৰত আপুনি অৱসৰৰ বাবে সাজুনে- ৰেৱন্ত ৰেড্ডীৰ প্ৰশ্ন মোদীলৈ - Telangana CM Q To Modi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.