ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণক সন্মানৰ প্ৰশ্ন কৰি তুলিছে : অশোক গেহলট - Manipur Violence row

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 4:42 PM IST

Gehlot on Manipur violence : মণিপুৰত চলি থকা হিংসাত্মক ঘটনাৰ মাজতে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । গেহলটে কয় যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণক এক সন্মানৰ প্ৰশ্ন কৰি তুলিছে ।

Gehlot on Manipur violence
মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক আক্ৰমণ অশোক গেহলটৰ (ETV Bharat)

নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ : পুনৰ হিংসাত্মক ঘটনাই মূৰ দাঙি উঠিছে মণিপুৰত । বিগত ডেৰ বছৰৰো অধিক সময় ধৰি গোষ্ঠীগত সংঘৰ্ষত মণিপুৰ জ্বলি আছে । মাজতে পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল যদিও বিগত মাহৰ পৰা পুনৰ উত্তপ্ত হৈ পৰিছে উত্তৰ-পূবৰ ৰাজ্যখন । ইতিমধ্যে এই শেহতীয়া হিংসাত ৮ জনতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে ।

আনহাতে, মণিপুৰত চলি থকা হিংসাত্মক ঘটনাৰ মাজতে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোভাবক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণক এক সন্মানৰ প্ৰশ্ন কৰি তুলিছে । বৰ্তমান তেওঁ তৎকালীনভাৱে মণিপুৰ ভ্ৰমণ কৰা উচিত ।

অশোক গেহলটে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক বিবৃতি জাৰি কৰি কয় যে মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱা সত্ত্বেও প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনলৈ যোৱাটো তেওঁৰ সন্মানৰ বিষয় কৰি তুলিছে । ৰাজ্যপালৰ আৱাস আৰু মুখ্যমন্ত্ৰীৰ আৱাসৰ দৰে সুৰক্ষিত স্থানত নিৰন্তৰ আক্ৰমণ চলি আছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ প্ৰতি কোনো বিশেষ মনোযোগ দিয়া নাই । মণিপুৰত অত্যাধুনিক অস্ত্ৰ আৰু ড্ৰোণ ব্যৱহাৰ কৰি অসামৰিক লোকৰ ওপৰত আক্ৰমণ চলোৱা হৈছে ।

গেহলটে লগতে লিখিছে যে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসমত শান্তি স্থাপনৰ বাবে ৰাজ্যখনত কংগ্ৰেছ দলৰ চৰকাৰক ভংগ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল । যাৰ বাবে বৰ্তমান ৰাজ্যখনত শান্তিৰ বাতাৱৰণ প্ৰতিষ্ঠা হৈছে । বিৰোধী দলৰ নেতা ৰাহুল গান্ধীকে ধৰি বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ ভ্ৰমণৰ দাবী জনাইছে । সেয়ে প্ৰধানমন্ত্ৰীয়ে বৰ্তমান অকণো পলম কৰিব নালাগে আৰু মণিপুৰত শান্তি স্থাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মণিপুৰ ভ্ৰমণ কৰিব লাগে ।

লগতে পঢ়ক :ককাকৰ বিৰুদ্ধে নাতি, ককায়েকৰ বিৰুদ্ধে ভনীয়েক : পৰিয়ালে পৰিয়ালে নিৰ্বাচনী যুঁজ - Political Family War In Haryana
লগতে পঢ়ক :ইম্ফল পশ্চিম আৰু পূব জিলাত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি - Manipur fresh violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.