ETV Bharat / bharat

কেজৰিৱালৰ পদত্যাগ; চৰকাৰ গঠনৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰক আবেদন আতিশীৰ - Arvind Kejriwal resigns

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 6:47 PM IST

Arvind Kejriwal: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাক পদত্যাগ পত্ৰ দাখিল কৰে । ইয়াৰ সমান্তৰালকৈ আম আদমি পাৰ্টিৰ নতুন বিধায়িনী দলৰ নেতা আতিশীয়ে নতুন চৰকাৰ গঠনৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰৰ ওচৰত আবেদন জনাইছে ৷

Arvind Kejriwal
ARVIND KEJRIWAL RESIGNS (X handle AAP)

নিউজ ডেস্ক, 17 ছেপ্টেম্বৰ: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে সন্ধিয়া ৪.৪৫ বজাত লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাক পদত্যাগ পত্ৰ দাখিল কৰে । পদত্যাগ কৰাৰ পিছত অৰবিন্দ কেজৰিৱালে লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ৰ পৰা অকলে যায় । ইয়াৰ পিছত আম আদমি পাৰ্টিৰ নতুন বিধায়িনী দলৰ নেতা আতিশীয়ে নতুন চৰকাৰ গঠনৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰৰ ওচৰত আবেদন দাখিল কৰে । এতিয়া লেফটেনেণ্ট গৱৰ্ণৰে সময় দিব, তাৰ পিছত চৰকাৰ গঠন হ’ব ।

অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত আপ নেতা গোপাল ৰায়ে কয়, "অৰবিন্দ কেজৰিৱালে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰক পদত্যাগ দাখিল কৰিছে । সকলো বিধায়কে মিলি আতিশীক নতুন মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰাৰ সিদ্ধান্ত লৈছে ।"

"আজি অৰবিন্দ কেজৰিৱালে পদত্যাগ পত্ৰ দাখিল কৰিছে । দল আৰু দিল্লীবাসীৰ বাবে এয়া এক আৱেগিক মুহূৰ্ত । লগতে দিল্লীবাসীয়ে অৰবিন্দ কেজৰিৱালক পুনৰ মুখ্যমন্ত্ৰী কৰাৰ প্ৰতিশ্ৰুতি লৈছে । নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে মই দিল্লীৰ যত্ন ল’ম আৰু চৰকাৰ গঠনৰ দাবী আমাৰ আছে ।’’ - আতিশীয়ে কয় ৷

দৰাচলতে আজি অৰবিন্দ কেজৰিৱালে বিধায়িনী দলৰ বৈঠকত আতিশীৰ নাম প্ৰস্তাৱ কৰিছিল, য'ত সকলো বিধায়কে সন্মতি দিয়ে । ইয়াৰ পিছত নতুন মুখ্যমন্ত্ৰীৰ বাবে আতিশীৰ নাম ঘোষণা কৰা হ'ল । আতিশী কেজৰিৱালৰ অতি বিশ্বাসযোগ্য । ১৩ ছেপ্টেম্বৰত সুৰা নীতিৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছত কেজৰিৱালে ১৫ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ।

আতিশী হ’ব দিল্লীৰ তৃতীয় মহিলা মুখ্যমন্ত্ৰী: ২০২০ চনত প্ৰথমবাৰৰ বাবে আম আদমী পাৰ্টিয়ে তেতিয়াৰ বিধায়ক অৱতাৰ সিং কলকাৰ টিকট বাতিল কৰি কলকাজী বিধানসভাৰ পৰা আতিশীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল । ইয়াৰ পিছতে নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰৰ বাবে বিধায়ক হয় আতিশী । তাৰ পিছত সত্যেন্দৰ জৈন আৰু মনীষ চিছোদিয়া জেললৈ যোৱাৰ পিছত ২০২৩ চনত কেজৰিৱালে তেওঁক কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে । ইয়াৰ পিছত তেওঁক শিক্ষা, পি ডব্লিউ ডি, আইন, ৰাজহ, বিদ্যুৎ, সেৱা আদি ১১ টা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়া হয় । এতিয়া তেওঁ সুষমা স্বৰাজ আৰু শীলা দীক্ষিতৰ পিছত দিল্লীৰ তৃতীয় মহিলা মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে ।

লগতে পঢ়ক: বিয়লি পদ এৰিব কেজৰিৱালে, দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আতিশী - ATISHI NEXT CM

চূড়ান্ত হ’ল অৰবিন্দ কেজৰিৱালৰ উত্তৰাধিকাৰী; আতিশী মাৰ্লেনাৰ ৰাজনৈতিক পৰিক্ৰমা - Delhi New CM Atishi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.