ETV Bharat / bharat

মুকলি হ'ল বহু প্ৰত্যাশিত কামেং সংস্কৃতি আৰু ঐতিহ্য সংগ্ৰহালয়

Arunachal CM: কেন্দ্ৰীয় মন্ত্ৰী কমলেশ পাছৱানৰ উপস্থিতত অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কামেং সংস্কৃতি আৰু ঐতিহ্য সংগ্ৰহালয় ।

Kameng Culture and Heritage Museum
মুকলি হ'ল বহু প্ৰত্যাশিত কামেং সংস্কৃতি আৰু ঐতিহ্য সংগ্ৰহালয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

ডিৰাং (অৰুণাচল প্ৰদেশ) : অৰুণাচল প্ৰদেশৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহ্যক সাক্ষী কৰি মুকলি হ'ল কামেং সংস্কৃতি আৰু ঐতিহ্য সংগ্ৰহালয় । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় মন্ত্ৰী কমলেশ পাছোৱানৰ উপস্থিতত উন্মোচন কৰা হয় এই সংগ্ৰহালয় ।

অনুষ্ঠানত গজৰাজ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং এভিএছএম, ৱাইএছএমৰ লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিং, এছ এম ব্লেজিং ছোৱাৰ্ড ডিভিজনৰ মেজৰ জেনেৰেল নীৰজ শুক্লা আৰু ডিৰাঙৰ বিধায়ক ফুৰ্পা চেৰিঙৰ লগতে ৰাজ্যখনৰ কেইবাৰগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

মুকলি হ'ল বহু প্ৰত্যাশিত কামেং সংস্কৃতি আৰু ঐতিহ্য সংগ্ৰহালয় (ETV Bharat)

কামেং সংস্কৃতি আৰু ঐতিহ্য সংগ্ৰহালয়

টাৱাঙলৈ যোৱা পথৰ কাষৰ ডিৰাঙৰ নিউকমাডুং নামৰ মনোমোহা গাঁৱত অৱস্থিত এই সংগ্ৰহালয়টোৱে সাংস্কৃতিক উত্তৰাধিকাৰ সংৰক্ষণ আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক বৃদ্ধিত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । এই অত্যাধুনিক সংগ্ৰহালয় ভাৰতীয় সেনাৰ ‘‘অপাৰেচন সদ্ভাৱনা’’ৰ অংশ আৰু ভাৰত চৰকাৰৰ ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ সৈতে সম্পর্কিত ।

ভাৰতীয় সেনাৰ উদ্যোগত আৰু অৰুণাচল প্ৰদেশৰ স্থানীয় জনগোষ্ঠী আৰু ৰাজ্য চৰকাৰৰ বলিষ্ঠ সহযোগত এই সংগ্ৰহালয়টোত অৰুণাচলৰ চহকী প্ৰাচীন পৰম্পৰা আৰু ঐতিহ্য সন্নিৱিষ্ট কৰা হৈছে । ই শান্তি, নিৰাপত্তা আৰু স্থানীয় সম্প্ৰদায়ৰ সংহতিৰ জৰিয়তে জাতি গঠনৰ সহযোগিতামূলক মনোভাৱৰ প্ৰতীক হিচাপে থিয় দিছে ।

সংগ্ৰহালয়ক লৈ আশাবাদী মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে কয় যে ১৯৬২ চনৰ এই দিনটোতে চীনা সেনাৰ হাতত বীৰ সৈনিক সুবেদাৰ যোগেন্দ্ৰ সিঙে প্ৰাণ হেৰুৱাছিল । এই সংগ্ৰহালয়ত সেই সময়ৰ কাহিনীবোৰ সন্নিৱিষ্ট কৰা হৈছে । তেওঁ কয়, "পূৰ্বতকৈ সেনা যথেষ্ট উন্নত আৰু শক্তিশালী হৈছে । কিন্তু ইয়াৰ মানে মই কোনো যুদ্ধৰ কথা কোৱা নাই, শান্তি সকলোৰে বাবে প্ৰয়োজনীয় ।"

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অঞ্চলটোৰ গভীৰ সাংস্কৃতিক, ঐতিহাসিক, ধৰ্মীয় তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি কামেং সংগ্ৰহালয়ক সংৰক্ষণৰ বাবে এক অপৰিহাৰ্য প্ৰতিষ্ঠান বুলি অভিহিত কৰি কয় যে ই ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে অতীতক সোঁৱৰণ কৰিব । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে সংগ্ৰহালয় স্থাপন কৰাৰ লগতে সীমান্ত এলেকা উন্নয়নৰ বাবে পদক্ষেপ লোৱা ভাৰতীয় সেনাকো প্ৰশংসা কৰে খাণ্ডুয়ে ।

২০২৪ চনৰ ১১ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত সীমান্ত এলেকা উন্নয়নৰ সেনা মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে উল্লেখ কৰা দৃষ্টিভংগীক দ্ৰুতভাৱে কাৰ্যকৰী কৰাৰ বাবে ভাৰতীয় সেনাক তেওঁ প্ৰশংসা কৰে । মুখ্যমন্ত্রী খাণ্ডুয়ে উল্লেখ কৰে যে কামেং সংগ্ৰহালয়টো আদৰ্শ গাঁও, সীমান্ত পৰ্যটন, আন্তঃগাঁথনি বৃদ্ধি আৰু চৰকাৰৰ ‘‘ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী’’ৰ সৈতে মিলাই সীমান্ত অঞ্চলসমূহক উন্নতন কৰাৰ বাবে ভাৰতীয় সেনাৰ দায়ৱদ্ধতাৰ এক প্ৰতিফলন । তেওঁ কামেং সংগ্ৰহালয়ক সীমান্ত অঞ্চলৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰা ব্যাপক দৃষ্টিভংগীৰ কৃতিত্ব বুলি উল্লেখ কৰে ।

ডিজিটেল আৰ্টিফেক্টৰ সৈতে সংগ্ৰহালয়টোৰ কিউৰেটিঙৰ বাবে অধ্যাপক (ড°) মনবি ছেথ আৰু তেওঁৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ হেৰিটেজৰ দলটোক প্ৰশংসা কৰে । কেন্দ্ৰীয় মন্ত্ৰী কমলেশ পাছৱানে তেওঁৰ ভাষণত কামেং অঞ্চলৰ কৌশলগত গুৰুত্ব প্ৰকাশ কৰি অসামৰিক-সামৰিক সহযোগিতা আৰু আঞ্চলিক উন্নয়নৰ পোষকতাত ভাৰতীয় সেনাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ।

তেওঁ অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ চহকী সাংস্কৃতিক উত্তৰাধিকাৰ সংৰক্ষণৰ ক্ষেত্ৰত সংগ্ৰহালয়টোৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে । গজৰাজ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং এভিএছএম, ৱাইএছএমৰ লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিঙে সীমান্তৱৰ্তী অঞ্চলসমূহৰ নিৰাপত্তাৰ লগতে আৰ্থ-সামাজিক উন্নয়ন দুয়োটা দিশতে ভাৰতীয় সেনাৰ দায়ৱদ্ধতা পুনৰবাৰ উল্লেখ কৰে ।

কি আছে সংগ্ৰহালয়টোত ?

উল্লেখ্য যে, কামেং সংস্কৃতি আৰু ঐতিহ্য সংগ্ৰহালয়টো এক গুৰুত্বপূৰ্ণ শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে, যিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পণ্ডিত, গৱেষক, পৰ্যটকক আকৰ্ষণ কৰিব । পৰ্যটনক প্ৰসাৰিত কৰি আৰু সাংস্কৃতিক প্ৰশংসাক উদগনি যোগায় সংগ্ৰহালয়টোৱে ৰাজ্য আৰু জাতি উভয়ৰে বাবে পৰিচয়, ঐতিহ্য আৰু স্থিতিস্থাপকতাৰ গৌৰৱময় প্ৰতীক হিচাপে থিয় দিয়াৰ লগতে স্থানীয় অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাব ।

কামেং সংগ্ৰহালয়টোত অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ নৱপ্ৰস্তৰ যুগৰ ৩৪৩ টা পৰম্পৰাগত উত্তৰাধিকাৰী সামগ্ৰী আছে । সংগ্ৰহালয়টোত আধুনিক চিনেমা হল, স্মৃতিগ্ৰন্থৰ বিপণী, কেফেটেৰিয়া আৰু শিশু উদ্যান, পৰ্যটকৰ সুবিধা প্ৰদান কেন্দ্ৰ আছে ।

লগতে পঢ়ক :৪৫০০ দৌৰবিদৰ অংশগ্ৰহণেৰে টাৱাং মাৰাথনৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.